ETV Bharat / state

চিকিৎসালয়ত আৰোগ্য সৰ্প দংশনত আক্ৰান্ত মহিলা: কবিৰাজ-ওজা এৰি চিকিৎসালয়লৈ আহিবলৈ আহ্বান স্বামীৰ

ডিমৰীয়াবাসীৰ বাবে সকাহ । এতিয়াৰে পৰা সোণাপুৰ জিলা চিকিৎসালয়তে উপলব্ধ হ’ব বিষাক্ত সাপৰ দংশনৰ জৰুৰীকালীন চিকিৎসা ।

Sonapur snake bitten woman
চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আক্ৰান্ত মহিলাগৰাকী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 3, 2026 at 7:21 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ: অন্ধবিশ্বাস আৰু কুসংস্কাৰক নেওচি চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰাত সংযোগ হ’ল আন এক সফলতাৰ অধ্যায় । কামৰূপ মহানগৰৰ ডিমৰীয়া অঞ্চলৰ ৰাইজৰ বাবে এক অতিকে সুখবৰ । এতিয়াৰে পৰা বিষাক্ত সাপে দংশন কৰিলে স্থানীয় লোকে জৰুৰীকালীন চিকিৎসাৰ বাবে সোণাপুৰ জিলা চিকিৎসালয়তে লাভ কৰিব সাপৰ কামোৰৰ তাৎক্ষণিক আৰু উন্নত মানৰ চিকিৎসা ।

চিকিৎসালয়খনৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ ক্ষিপ্ৰতা আৰু তৎপৰতাৰ বাবে এগৰাকী মহিলাই নতুন জীৱন লাভ কৰাৰ পিছতে এই কথা স্পষ্ট হৈ পৰিছে ।

চিকিৎসালয়ত আৰোগ্য সৰ্প দংশনত আক্ৰান্ত মহিলা (ETV Bharat Assam)

ফেঁটী সাপৰ দংশনৰ পৰা ৰক্ষা পৰিল সৰলা দাস

ঘটনাৰ বিৱৰণী অনুসৰি, ক্ষেত্ৰীৰ সলনা গাঁৱৰ বাসিন্দা সৰলা দাস নামৰ এগৰাকী মহিলাক এডাল অতি বিষাক্ত ফেঁটী সাপে দংশন কৰে । সাপে কামোৰাৰ পিছতেই মহিলাগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰে । পৰিয়ালৰ লোকে সময় নষ্ট নকৰি তেওঁক ততাতৈয়াকৈ সোণাপুৰ জিলা চিকিৎসালয়লৈ লৈ আহে ।

চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছসকলে পৰিস্থিতিৰ গুৰুত্ব বুজি উঠি পলম নকৰি যুদ্ধকালীন ক্ষিপ্ৰতাৰে চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰে ।

চিকিৎসকৰ অদম্য চেষ্টা আৰু সঠিক সময়ত এণ্টি-ভেনম (Anti-venom) তথা প্ৰয়োজনীয় ঔষধ প্ৰয়োগ কৰাৰ ফলত অৱশেষত সম্পূৰ্ণ সুস্থ হৈ উঠে সৰলা দাস ।

এই সন্দৰ্ভত সৰ্প দংশনত আক্ৰান্ত মহিলাগৰাকীৰ স্বামীয়ে কয়, "চিকিৎসকসকল আমাৰ বাবে ভগৱানৰ দৰে থিয় দিলে । তেওঁলোকৰ তৎপৰতাৰ বাবেই আজি মোৰ পৰিয়ালৰ সদস্যগৰাকী সুস্থ হ'বলৈ ধৰিলে ।"

আনহাতে, মহিলাগৰাকীয়ে পুনৰ জীৱন পোৱাৰ পিছত সোণাপুৰ জিলা চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীবৃন্দক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে চিকিৎসাধীন মহিলাগৰাকীৰ স্বামীয়ে ।

Sonapur District Hospital
সোণাপুৰ জিলা চিকিৎসালয় (ETV Bharat Assam)

ওজা-কবিৰাজক বিদায়, বৈজ্ঞানিক চিকিৎসাত গুৰুত্ব

এই ঘটনাৰ জৰিয়তে সমাজলৈ এক ডাঙৰ বাৰ্তা প্ৰেৰণ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । গ্ৰামাঞ্চলত আজিও সাপে কামুৰিলে একাংশ লোকে বেজ, ওজা বা কবিৰাজৰ ওচৰলৈ গৈ জৰা-ফুকা কৰাত ব্যস্ত হৈ পৰে । যাৰ ফলত বহু সময়ত ৰোগীৰ অকাল মৃত্যু ঘটে ।

এই সন্দৰ্ভত সৰলা দাসৰ স্বামীৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজলৈ আহ্বান, "বিষাক্ত সৰ্পই দংশন কৰিলে ভুলতেও কবিৰাজ বা বেজৰ ওচৰলৈ গৈ সময় নষ্ট নকৰিব । সাপে কামোৰাৰ পিছত যিমান পাৰে সোনকালে চিকিৎসালয় বা নিকটৱৰ্তী চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ ৰোগীক লৈ যাওক ।"

Sonapur snake bitten woman
চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আক্ৰান্ত মহিলাগৰাকী (ETV Bharat Assam)

সোণাপুৰ জিলা চিকিৎসালয়ে এতিয়াৰে পৰা সৰ্প দংশনৰ দৰে জৰুৰীকালীন অৱস্থাত স্থানীয় ৰাইজৰ বাবে এক সুৰক্ষা কৱচ হিচাপে কাম কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে ।

লগতে পঢ়ক :​কৃষকৰ ৰূপত বিধায়ক: ট্ৰেক্টৰ চলাই পথাৰত বীজ সিঁচিলে ডঃ তপন দাসে
লগতে পঢ়ক :যোৰহাটত একেদিনাই দুটাকৈ শোকাৱহ ঘটনা