ETV Bharat / state

ৰাজ্যত পুনৰ ডাইনী সন্দেহত হত্যা; গাঁওবাসীয়ে মাৰপিট কৰি জ্বলাই দিলে দম্পতীক

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডাবস্তি গাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ড ।

Karbi Anglong Witch hunting
ৰাজ্যত পুনৰ ডাইনী সন্দেহত হত্যা; গাঁওবাসীয়ে মাৰপিট কৰি জ্বলাই দিলে দম্পতিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 31, 2025 at 8:33 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনী সন্দেহত হত্যাকাণ্ড । সভ্য সমাজক লজ্জানত কৰি অন্ধবিশ্বাসৰ বলি হৈ গাঁৱৰ ৰাইজে জ্বলাই দিলে এটা দম্পতীক ৷ ঘটনাটো সংঘটিত হৈছে কাৰ্বি আংলঙত । ডাইনী সন্দেহত এটা দম্পতীক গাঁওবাসীয়ে মিলি মাৰপিট কৰি জ্বলাই দি নৃশংসভাৱে হত্যা কৰে ।

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ গাৰ্ডি বেৰুৱা (৪৩) আৰু মীৰা বেৰোৱা (৩৩) নামৰ দম্পতীটোক জ্বলাই হত্যা কৰে । ঘটনাটো সংঘটিত হৈছে মঙলবাৰে নিশা । দম্পতিটোক ডাইনীৰ সন্দেহত ঘৰৰ পৰা মাতি আনি চোকা অস্ত্ৰৰে আঘাত কৰাৰ লগতে জ্বলাই নৃশংসভাৱে হত্যা কৰে । কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডাবস্তি গাঁৱত অন্ধবিশ্বাসৰ বলি হৈ এই বৰ্বৰ কাণ্ড সংঘটিত কৰে গাঁওবাসীয়ে ।

ৰাজ্যত পুনৰ ডাইনী সন্দেহত হত্যা (ETV Bharat Assam)

ঘটনাস্থলীত ইতিমধ্যে কাৰ্বি আংলং জিলা এ ডি চি আৰু প্ৰশাসনীয় বিষয়ববীয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়, "কালি আমাৰ আৰক্ষীলৈ এটা খবৰ আহিল যোৱাৰাতি । সেই খবৰ অনুসৰি এই ১নং মুণ্ডাবস্তি গাঁৱত গাৰ্ডি বেৰোৱা আৰু মীৰা বেৰোৱা নামৰ দম্পতিটোক ডাইনী সন্দেহত ইয়াৰে গাঁৱৰ ৰাইজে মিলি মাৰপিট কৰি পিছত জ্বলাই তেওঁলোকক জ্বলাই হত্যা কৰে । গাঁওখনত প্ৰায় ১৮০ মান মানুহ আছে । আমি এতিয়া তদন্ত কৰি আছোঁ । আমাৰ বেলেগ টীমো আহি আছে । গতিকে তদন্তৰ পিছতহে আপোনালোকক সবিশেষ জনাব পাৰিম ।"

উল্লেখ্য যে অসমকে ধৰি বিভিন্ন জনজাতি অধ্যুষিত অঞ্চলত বৰ্ধিত ডাইনী অন্ধবিশ্বাসজনিত অপৰাধ ৰোধ কৰিবলৈ বিভিন্ন সময়ত উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা ঘোষণা কৰি আহিছে । ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, ডাইনী বুলি চিহ্নিত কৰা যিকোনো লোকেই কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ বিধান আছে ।

কিন্তু উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশকো অৱমাননা কৰি পুনৰ কাৰ্বি আংলঙত ডাইনীৰ দৰে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে এহাল দম্পতীক । ঘৰত অগ্নিসংযোগ কৰি জীৱন্তে জ্বলাই দিয়ে দম্পতীটোক ।

লগতে পঢ়ক: টকা-পইচা নাপায় চোৰে চুৰি কৰি নিলে তিনিবছৰীয়া শিশু
লগতে পঢ়ক: জন্মদিনৰ পাৰ্টীত সুৰাপানৰ পিছত জঘন্য কাণ্ড; এজনৰ মৃত্যু, কেইবাজনো আহত