ETV Bharat / state

আকাশত মাজে-সময়ে সূৰ্য দেৱতাই ভুমুকি মাৰিলেও ৰাজ্যত অব্যাহত থাকিব শীতৰ প্ৰকোপ

দক্ষিণ-পশ্চিম দিশৰ পৰা বতাহ বলি থকা বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বেছিভাগ অঞ্চল প্রচণ্ড শীতৰ কবলত পৰিছে ।

WINTER IN ASSAM
ৰাজ্যত অব্যাহত শীতৰ প্ৰকোপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 11:57 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: এইবেলি পুহ মাহ আৰম্ভ হোৱাৰ পাছতহে অসমত নামিছে শীত । অৱশ্যে আঘোণ মাহৰ শেষভাগতে নামনি অসমতকৈ উজনি অসমত বৃদ্ধি পাইছিল শীতৰ প্ৰকোপ ।

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি বিগত ২৪ ডিচেম্বৰৰ পৰাই দক্ষিণ-পশ্চিম দিশৰ পৰা বতাহ বলি থকা বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বেছিভাগ অঞ্চল প্রচণ্ড শীতৰ কবলত পৰিছে ।

বিগত কেইবাদিনো ধৰি ভাৰত-তিব্বত সীমান্তকে ধৰি অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাত বৰফৰ আচ্ছাদনে ঢাকি ৰাখিছে । আনকি ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত ৩০ ডিচেম্বৰৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অলপ পাতলীয়া বৰষুণ হৈছে । পহিলা জানুৱাৰী আৰু আজি দিনৰ ভাগত অলপ সময়ৰ বাবে আকাশত সূৰুয দেৱতাই ভুমুকি মাৰিছিল । কিন্তু ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ আকাশত সূৰুয দেৱতা প্ৰায় অন্তৰ্ধান হৈছিল ।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি আগন্তুক ২৪ ঘণ্টাত গুৱাহাটীকে ধৰি অসমৰ কেইবাখনো জিলাৰ আকাশ ডাঠ কুঁৱলীৰ আবৰণে ঢাকি ৰাখিব । ইয়াৰ মাজতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনকি শীতৰ সমান্তৰালভাৱে সন্ধিয়াৰ পাছত কুঁৱলীৰ ডাঠ আচ্ছাদনে ৰাজ্যৰ বেছিভাগ অঞ্চল ঢাকি ৰাখিব ।

বিগত ২৪ ঘণ্টাত আকাশ কুঁৱলীৰ আৱৰণে ঢাকি ৰখা সন্ধিয়া পর্যন্ত ৰাজ্যৰ বেছিভাগ ঠাইতে তাপমাত্রা স্বাভাৱিকতকৈ হ্ৰাস পাইছে । যাৰ বাবে ৰাইজে অধিক শীত অনুভৱ কৰিছে । উজনি অসমৰ বেছিভাগ ঠাইতে শীতৰ মাত্ৰা অধিক হোৱাত মানুহকে ধৰি জীৱ-জন্তু শীতত ঠেৰেঙা লাগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । একেদৰে গুৱাহাটী মহানগৰীতো বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । শীতৰ বাবে সন্ধিয়াৰ পাছত বহু লোকক জুই জ্বলাই গৰমৰ উম লোৱাও পৰিলক্ষিত হৈছে । কুঁৱলীৰ আৱৰণৰ ফলত সূৰ্য দেৱতাই ভালকৈ ভূমুকি নমৰাত ৰাজ্যৰ বেছিভাগ ঠাইতে সৰ্বাধিক তাপমাত্ৰা ১-৪ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত কমি গৈছে ।

শুকুৰবাৰে ৰাজ্যৰ কেতবোৰ নগৰ-চহৰত সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল এনেধৰণৰ -

  • গুৱাহাটীত সৰ্বোচ্চ ২২ আৰু সৰ্বনিম্ন ১৩.০ ডিগ্রী ছেলচিয়াছ
  • ডিব্ৰুগড়ত সৰ্বোচ্চ ২৫.৫ আৰু সৰ্বনিম্ন ৯.৪ ডিগ্ৰী ছেলচিয়াছ
  • তেজপুৰত সৰ্বোচ্চ ২৪.০ আৰু সৰ্বনিম্ন ১২.৪ ডিগ্ৰী ছেলচিয়াছ
  • শিলচৰত সৰ্বোচ্চ ২২.৮ আৰু সৰ্বনিম্ন ১২.২ ডিগ্ৰী ছেলচিয়াছ
  • ধুবুৰীত সৰ্বোচ্চ ২২.৫ আৰু সৰ্বনিম্ন ১৪.০ ডিগ্রী ছেলচিয়াছ
  • যোৰহাটত সৰ্বোচ্চ ২৪.৩ আৰু সৰ্বনিম্ন ১০.২ ডিগ্ৰী ছেলচিয়াছ
  • উত্তৰ লখিমপুৰত সৰ্বোচ্চ ২৪.৮ আৰু সৰ্বনিম্ন ৮.৮ ডিগ্রী ছেলচিয়াছ
  • নগাওঁ জিলাৰ চাপৰমুখত সৰ্বোচ্চ ২২.২ আৰু সৰ্বনিম্ন ৯.০ ডিগ্ৰী ছেলচিয়াছ ৷

একে সময়চোৱাত উত্তৰ-পূবৰ স্কটলেণ্ডস্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ আছিল ১৯.৬ আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল ৬.৬ ডিগ্ৰী ছেলচিয়াছ । অৱশ্যে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ ৰাজধানী চহৰসমূ্হৰ ভিতৰত নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল মাত্ৰ ৫.০ ডিগ্ৰী ছেলচিয়াছ ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেবাদিনলৈ বিগত কেইদিনৰ দৰে আকাশ কুঁৱলীৰ আৱৰণে ঢাকি ৰাখিব বুলি সদৰি কৰিছে । তাৰমাজতে মাজে-সময়ে আকাশত সূৰুয দেৱতাই ভূমুকি মাৰিলেও শীতৰ প্ৰকোপ অব্যাহত থাকিব ।

বতৰ কিছু ফৰকাল হ’লেও জলাশয়, নৈপৰীয়া আৰু পাহাৰীয়া অঞ্চল আৰু মুকলি পথাৰ সংলগ্ন অঞ্চলসমূহত নিশাৰ ভাগত ডাঠ কুঁৱলীৰ আচ্ছাদনৰ প্ৰকোপ বৃদ্ধি পাব বুলিও সতর্কতা জাৰি কৰিছে ।স্বাভাৱিকতে সকলোতে দৃশ্যমানতা হ্ৰাস পাব । ইয়াৰ ফলত বিমানৰ স্বাভাৱিক উৰণ-অৱতৰণত বাধাৰ সৃষ্টি হ’ব ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক যাত্ৰা কৰিবলগীয়া সংশ্লিষ্ট বিমান কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰাখিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহ ন্যাসৰ নামত আগবঢ়াই দিয়া হ'ব: গৰিমা শইকীয়া গাৰ্গ