মধ্য প্ৰাচ্যৰ যুদ্ধই কিদৰে প্ৰভাৱ পেলাব অসমৰ চাহ উদ্যোগত ?
মধ্য প্ৰাচ্যত চলি থকা যুদ্ধৰ প্ৰভাৱ পৰিব নেকি অসমৰ চাহ উদ্যোগত? কি কয় বিশিষ্ট চাহ খেতিয়কে ?

Published : March 4, 2026 at 6:03 PM IST
যোৰহাট: মধ্য প্ৰাচ্যত বাজিছে যুদ্ধৰ দামামা । এই যুদ্ধই প্ৰভাৱ পেলাইছে বিভিন্ন ক্ষেত্ৰত । যুদ্ধই প্ৰভাৱ পেলাব নেকি চাহ উদ্যোগৰ ওপৰত ? যদি পেলাই তেন্তে কেনেধৰণৰ প্ৰভাৱ পেলাব ? সেই বিষয়ে সবিশেষ জানিবলৈ কথা ই টিভি ভাৰতৰ সাংবাদিকে বাৰ্তালাপ কৰিছিল ভাৰতীয় চাহ বৰ্ডৰ প্ৰাক্তন চেয়াৰমেন আৰু বিশিষ্ট চাহ খেতিয়ক প্ৰভাত বেজবৰুৱাৰ সৈতে । প্ৰথমবাৰৰ বাবে ইটিভি ভাৰতৰ আগত দাঙি ধৰিলে ইয়াৰ সবিশেষ । বিশিষ্ট চাহ খেতিয়ক প্ৰভাত বেজবৰুৱাই মধ্যপ্ৰাচ্যত যুদ্ধ দীঘলীয়া হ'লে চাহ উদ্যোগটোৱে ভীষণ ক্ষতিৰ সন্মুখীন হ'ব বুলি উল্লেখ কৰে ।
দক্ষিণ এছিয়ালৈ ১০০ মিলিয়ন কিলোগ্ৰাম চাহ ৰপ্তানি হয়:
বিশিষ্ট চাহ খেতিয়কগৰাকীয়ে কয়, "কিয়নো যোৱা বছৰ অভিলেখ সংখ্যক ২৮০ মিলিয়ন কিলোগ্ৰাম চাহ ৰপ্তানি হৈছিল । তাৰে ভিতৰত ৪০ শতাংশ দক্ষিণ এছিয়ালৈ গৈছিল আৰু ইৰাক, ইৰাণ, ইউ-এ-ই, ওমান, জৰ্ডান আদি দেশসমূহলৈ ১০০ মিলিয়ন কিলোগ্ৰাম চাহ ৰপ্তানি হৈছিল । এইয়া এক ডাঙৰ সংযোগ । ইৰাণলৈ বেছি চাহ নাযায়, ইৰাণলৈ ১২মিলিয়ন কিলোগ্ৰাম গৈছিল, ইৰাণে যদি কিনিব নোৱাৰে আমাৰ চাহ উদ্যোগটো ইমান ক্ষতি নহয় । আনহাতে যুদ্ধ বিভিষিকাত চাহ উদ্যোগটোত ক্ষতি সম্পৰ্কে এতিয়াই ইমান সঠিক বিশ্লেষণ কৰিব পৰা নাযায় । কাৰণ আমাৰ চাহ এপ্ৰিলৰ পৰাহে উৎপাদন হয় ।"
হৰমুজ প্ৰণালী দীৰ্ঘসময় বন্ধ হৈ থাকিলে চাহ উদ্যোগত ভীষণ প্ৰভাৱ পৰিব:
লগতে তেওঁ কয়," চাহ উদ্যোগটো কিমান ক্ষতি হ'ব সেয়া যুদ্ধ কিমান দীঘলীয়া হ'ব তাৰ ওপৰতে নিৰ্ভৰ কৰিব । অৰ্থাৎ যুদ্ধৰ দীৰ্ঘতাৰ ওপৰত নিৰ্ভৰ কৰিব চাহ উদ্যোগটোত কিবা প্ৰভাৱ পৰিব নে নপৰে । আনহাতে, যোৱা বছৰ আমেৰিকালৈ ২০মিলিয়ন কিলোগ্ৰাম মান চাহ ৰপ্তানি হৈছিল । যদি হৰমুজ প্ৰণালী ইৰাণে দীৰ্ঘসময় ধৰি বন্ধ কৰি ৰাখে তেতিয়াহ'লে চাহ উদ্যোগত বেয়া ধৰণে প্ৰভাৱ পৰিব ।"
এই বৰ্ষৰ চাহ উৎপাদনৰ আৰম্ভনি ভাল নহয়:
আনহাতে এইবাৰ অসম চাহ উৎপাদন কেনেকুৱা হ'ব তাৰ প্ৰসংগত প্ৰভাত বেজবৰুৱাই কয়," আৰম্ভণিটো বহুত বেয়া, বৰষুণটো নাই, অলপ বৰষুণ দিলে, কিন্তু ইমান কম বৰষুণ আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে । সেয়েহে কওঁ আৰম্ভণিটো ভাল নহয় । এতিয়াৰ পৰা যদি বৰষুণ দিয়ে তেতিয়া চাহৰ উৎপাদন ভাল হ'ব । চাহ উৎপাদনটো বতৰ ওপৰত নিৰ্ভৰ কৰে, মাৰ্চ,এপিল, মে' এইকেইটা মাহত যদি বৰষুণ দিয়ে আৰু উষ্ণতা বেছি বৃদ্ধি নহয় তেতিয়া চাহৰ উৎপাদনটো ভালেই হ'ব লাগে বুলি মই আশা কৰোঁ । যোৱা বৰ্ষত অসমত চাহ উৎপাদন হৈছিল অনুমানিক ৬৮০ মিলিয়ন কিলোগ্ৰাম । সমগ্ৰ দেশত উৎপাদন ১৩৩০ মিলিয়ন, এইয়া মোৰ মন মগজুত থকা তথ্যহে ।"

