ভাৰতৰ ৪৫ শতাংশ চিকাৰী চৰাইৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙাত ভাৰতৰ পল্লাছ ফিছ ঈগলৰ বাহ সজা স্থানৰ সংখ্যা সৰ্বাধিক ।

Published : June 6, 2026 at 9:50 PM IST
কাজিৰঙা : জৈৱ বৈচিত্ৰৰ হ’টস্পট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত লিপিবদ্ধ হৈছে ইটোৰ পাছত সিটো অভিলেখ ৷ সমান্তৰালকৈ এইবাৰ পক্ষীৰ স্বৰ্গ কাজিৰঙাত লিপিবদ্ধ হৈছে পক্ষীৰ উপস্থিতি তথা বিচৰণ সম্পৰ্কীয় একাধিক অভিলেখ ৷
ষ্টৰ্ক প্ৰজাতিৰ পক্ষীৰ বিচৰণ :
কাজিৰঙাত দেশৰ ভিতৰত ষ্টৰ্ক প্ৰজাতিৰ পক্ষীৰ ৮ টাৰ ভিতৰত ৬ টা প্ৰজাতিৰ বিচৰণ নিশ্চিত হৈছে । লগতে দেশৰ ৪৫ শতাংশ চিকাৰী চৰাইৰ (ৰেপ্টৰ) বাসস্থান হিচাপে চিহ্নিত হৈছে কাজিৰঙা ৷ আনহাতে, কাজিৰঙাতে ভাৰতৰ ভিতৰতে ‘পল্লাছ ফিছ ঈগল’ৰ বাহ সজা স্থানৰ সংখ্যা সৰ্বাধিক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কৰ্তৃপক্ষই সদৰী কৰিছে এই তথ্য় ।

উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালিকা ড৹ সোণালী ঘোষে উল্লেখ কৰা মতে, কাজিৰঙা কৰ্তৃপক্ষই অসমৰ বিশ্ববিদ্যালয়সমূহৰ গৱেষকসকলৰ সহযোগত ২০২৬ চনৰ ফেব্ৰুৱাৰী-মাৰ্চত ষ্টৰ্ক আৰু ৰেপ্টৰৰ এক বিস্তৃত জৰীপ চলোৱা হয় । ইয়াৰ প্ৰতিবেদন ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰকাশ কৰা হয় ৷ পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত সকলো প্ৰশাসনিক পৰিসৰত ২০২৬ চনৰ ফেব্ৰুৱাৰীৰ অন্তিম সপ্তাহৰ পৰা ২ মাৰ্চ, ২০২৬ৰ ভিতৰত ১০ জনীয়া বিশেষজ্ঞ গণনাকাৰীৰ এটা দলে এই দ্ৰুত জৰীপ চলাইছিল ।

৩০ বিধ চিকাৰী চৰাই :
উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালিকাই উল্লেখ কৰা মতে, পক্ষীসমূহৰ বাহৰ স্থান, চলিত বছৰৰ পৰাও সামগ্ৰিক বিশ্লেষণত অন্তৰ্ভুক্ত কৰা হৈছিল । এই সমীক্ষাত ৩০ বিধ চিকাৰী চৰাই প্ৰজাতিৰ ২১৭ টা পক্ষী আৰু ৬ টা ষ্টৰ্ক প্ৰজাতিৰ ২৬৬টা চৰাইৰ তথ্য লিপিবদ্ধ কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখন দিনত আৰু নিশা বিচৰণ কৰা বিভিন্ন ধৰণৰ চিকাৰী চৰাই -ঈগল, ফেলকন, শগুণ, বাজাৰ্ড আৰু ফেঁচা আদিৰ বিচৰণৰ বাবে অতি উপযোগী স্থান ৷ লগতে উদ্যানখনৰ জলাশয় সমূহো বিভিন্ন পৰিভ্ৰমী ষ্টৰ্ক প্ৰজাতিৰ পক্ষীৰ বাসস্থান ।
উল্লেখ্য যে ভাৰতত মুঠ ১১২ প্ৰজাতিৰ চিকাৰী চৰাইৰ উপস্থিতিৰ তথ্য পোৱা গৈছে । ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ কাষৰীয়া ভূ-অঞ্চলত প্ৰায় ৫০ প্ৰজাতিৰ চিকাৰী চৰাইৰ আশ্ৰয়স্থল আছে । আনহাতে, বিশ্বজুৰি মুঠ ২০ টা ষ্টৰ্ক প্ৰজাতিৰ পক্ষীৰ বিচৰণৰ বিষয়ে জনা যায় যি মূলতঃ বিশ্বজুৰি গ্রীষ্মমণ্ডলীয় আৰু উপগ্রীষ্মমণ্ডলীয় অঞ্চলত পোৱা যায় ৷ ইয়াৰে প্ৰায় ৫০ শতাংশ বা ৮ টা ষ্টৰ্কৰ প্ৰজাতি ভাৰতৰ পৰা লিপিবদ্ধ কৰা হৈছে । এই ৮ টা প্ৰজাতি অসম আৰু কাজিৰঙাৰ ভিন্ন প্ৰান্তৰ পৰাও লিপিবদ্ধ কৰা হৈছে । এই অঞ্চলৰ জলাশয় আৰু ওখ গছৰ বিন্যাসে ইহঁতক নিৰাপদ চিকাৰ আৰু বাহ সজাৰ স্থান প্ৰদান কৰে ।

ষ্টৰ্ক আৰু চিকাৰী চৰাইৰ শেহতীয়া সমীক্ষা :
কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ৩টা প্ৰশাসনিক বিভাগত সম্পন্ন কৰা হয়৷ সমীক্ষাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক ২১ টা প্ৰজাতিৰ চিকাৰী চৰাই আৰু ৫ টা প্ৰজাতিৰ ষ্টৰ্কৰ সংখ্যা প্ৰকাশ পাইছে ৷ একেদৰে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত ২০ টা প্ৰজাতিৰ চিকাৰী চৰাই আৰু ৬ প্ৰজাতিৰ ষ্টৰ্ক আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলত ১৪ প্ৰজাতিৰ চিকাৰী চৰাই আৰু ৫ টা প্ৰজাতিৰ ষ্টৰ্কৰ বিচৰণ নিশ্চিত কৰা হয় ৷
ষ্টৰ্ক প্ৰজাতিৰ ভিতৰত ‘এছিয়ান অ'পেনবিল’ তিনিওটা সংমণ্ডলতে মুঠ ৯২ টাৰ বিচৰণ লিপিবদ্ধ হোৱাৰ বিপৰীতে গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্কৰ উপস্থিতি বিৰল পৰিলক্ষিত হয় ৷ মাত্ৰ ৩টা গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক দেখা যায় ৷ ইপিনে, চিকাৰী চৰাইৰ ভিতৰত ৬৯ টা ‘হিমালয়ান গ্ৰীফন শগুণ’ৰ বিচৰণ পৰিলক্ষিত হোৱাৰ বিপৰীতে বিৰল প্ৰজাতি হিচাপে ‘বুটেড ঈগল’ আৰু ‘হোৱাইট টেইলড ঈগল’ৰ উপস্থিতি মাত্ৰ ১টাকৈ দেখা যায় ৷

পল্লাছ ফিছ ঈগল :
কাজিৰঙা পল্লাছ ফিছ ঈগলৰ বাবেও এক উল্লেখযোগ্য বাসস্থান হিচাপে চিহ্নিত হৈছে৷ মংগোলিয়াৰ ৱাইল্ডলাইফ ছায়েন্স এণ্ড কনজাৰভেচন চেন্টাৰে এক গৱেষণাৰ যোগে নিশ্চিত কৰা অনুসৰি, মধ্য পশ্চিম মংগোলিয়াৰ বুউণ্টছাগান হ্ৰদত ২০২০ চনৰ ২১ আগষ্টত এটা পল্লাছ’ৰ ফিছিং ঈগলক চিহ্নিত কৰে, যাৰ নাম ৰখা হয় ইডাৰ । তেতিয়াই বিশেষ প্ৰক্ৰিয়াৰে ‘টেগ’কৰি চিহ্নিত কৰা হয় ইডাৰক ৷ তেতিয়াৰ পৰাই মাত্ৰ এবছৰ অন্য ঠাইত আশ্ৰয় লোৱা ইডাৰে প্ৰতি বছৰে প্ৰজননৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷ ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াই ২০২০ বৰ্ষৰ জানুৱাৰীত কৰা এক সমীক্ষাত পল্লাছ ফিছ ঈগলৰ ১০ টা সক্ৰিয় বাহ কাজিৰঙাত পৰিলক্ষিত হোৱাৰ তথ্য প্ৰকাশ কৰে ৷ যাৰ দ্বাৰা পল্লাছ ফিছ ঈগলৰ সৰ্বাধিক প্ৰজনন স্থল অথবা বাহ থকা সংৰক্ষিত এলেকাত পৰিগণিত হয় কাজিৰঙা ৷
লগতে পঢ়ক:আন এক অভিলেখৰ সাক্ষী : কাজিৰঙাত হালধীয়া ডিঙিৰ মাৰ্টেনৰ উপস্থিতি
কাজিৰঙাত পৰ্যটক গাইডৰ কেমেৰাত বন্দী বিলুপ্তপ্ৰায় প্ৰজাতিৰ ঘঁৰিয়াল

