ETV Bharat / state

বিশাল বন্যহস্তীৰ জাকে টোপনি হৰিছে কৃষকৰ, বন মন্ত্ৰীৰ পদত্যাগৰ দাবী

হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ । বন মন্ত্ৰীক পদত্যাগ কৰিবলৈ দাবী জনালে ক্ষোভিত ৰাইজে । কৃষকৰ সপোনক শেষ কৰিছে গিবনৰ বিশাল বন্যহস্তীৰ জাকে ।

A huge wild elephant has been causing trouble in Moriani
বিশাল বন্যহস্তী জাকে টোপনি হৰিছে কৃষকৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 27, 2025 at 6:50 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: আঘোণৰ সোণালী পথাৰত হাতীয়ে অৱস্থান কৰি শেষ কৰি দিছে কৃষকৰ সপোনৰ সোণগুটিখিনি, উপায়ন্তৰ হৈ ৰাইজে বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ, দাবী তুলিছে বন মন্ত্ৰীৰ পদত্যাগৰ । প্ৰকৃততে অভয়াৰণ্য, ঘন-জংঘল এৰি দিনে-নিশাই জনাঞ্চল আৰু কৃষি পথাৰত প্ৰৱেশ কৰি ৰাইজক আতংকিত কৰি তুলিছে হাতীৰ এটা বৃহৎ জাকে ।

মৰিয়নীৰ হোলোঙাপাৰস্থিত গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা প্ৰায় ৭০/ ৮০ টা বন্যহস্তীৰ বৃহৎ জাকে খেতিপথাৰৰ লগতে তিতাবৰৰ বিভিন্ন অঞ্চল খৰিকটীয়া, চৈকটা, কপৌহুৱা, ৰঙাজান হাতীচুঙী, ধলি চামগুৰি, টৌকবাৰী, কচুঘাট, লেটেকু, শ্যাম গাঁৱকে ধৰি কেইবাখনো গাঁৱৰ লোকৰ বাসগৃহ, পশুধন, বহু হেজাৰ কৃষিভূমি আদিৰ ক্ষতিসাধন কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । ইতিমধ্যে উক্ত গাঁৱৰ পকা ধান খাই তহিলং কৰাৰ লগতে হাতীৰ আক্ৰমণত কেইবাটাও পশুধন মৃত্যু হোৱাৰ লগতে ক্ষতিসাধন কৰিছে কেইবাটাও বাসগৃহৰ ।

বিশাল বন্যহস্তীৰ জাকে টোপনি হৰিছে কৃষকৰ (ETV Bharat Assam)

এই বিষয়ত গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজে । আনহাতে এই সন্দৰ্ভত এগৰাকী ভুক্তভোগী লোকে কয়, "আমাৰ এইসমূহ ঠাইত প্ৰত্যেক দিনাই বন্যহস্তীয়ে প্ৰৱেশ কৰি হাজাৰ হাজাৰ বিঘা পকা ধান খাই তহিলং কৰাৰ লগতে বাসগৃহ ধ্বংস কৰিছে, পশুধন মাৰিও একপ্ৰকাৰ সন্ত্ৰাস চলাইছে । ইয়াতে ক্ষান্ত নাথাকি বনৰীয়া হাতীয়ে ভাঙি শেষ কৰি পেলাইছে বাসগৃহ আৰু অনিষ্ট কৰিছে বিভিন্ন সা-সামগ্ৰী ।"

A huge wild elephant has been causing trouble in Moriani
বন্যহস্তীৰ জাকে ভাঙি শেষ কৰা এটা বাসগৃহ (ETV Bharat Assam)

তেওঁ আৰু কয়, "এনেবোৰ ঘটনা সংঘটিত হোৱাৰ পিছতো বন বিভাগে কোনোধৰণৰ পদক্ষেপ লোৱা আমি দেখা পোৱা নাই । ইতিমধ্যে বন্যহস্তীয়ে কৃষকৰ হাজাৰ বিঘা পকা ধানো নষ্ট কৰিছে । তাৰ পিছতো তেওঁলোকে স্থায়ী সমাধান উলিয়াব পৰা নাই ।"

A huge wild elephant has been causing trouble in Moriani
চাহ বাগিচাত বিচৰণ কৰা বিশাল হাতীৰ জাক (ETV Bharat Assam)

এইক্ষেত্ৰত ৰাজ্য চৰকাৰক এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনায় । আনহাতে বন্যহস্তীৰ আক্ৰমণত ক্ষতিগ্ৰস্তসকলে কোনো ধৰণৰ ক্ষতিপূৰণ নাই পোৱা বুলিও তেওঁলোকে অভিযোগ কৰে ।

লগতে পঢ়ক: চকু সেমেকি উঠা এক দৃশ্য ! পেটত আঘাত লৈয়ে আৰ্তনাদ বন্য়হস্তীৰ

আস্থা নাই ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ওপৰত: এতিয়া মাজুলীবাসীৰ নেদেখাজনেই শেষ ভৰসা