ETV Bharat / state

হাতীৰ বাবে এৰিলে খেতি... ! ভৰালী পৰিয়ালৰ বাবে জীৱিকাৰ সমল হৈ পৰিল মাটি

চৰাগুৱাৰ বাসিন্দাসকলৰ বাবে বন্যহস্তীৰ সৈতে সহবাস কৰাটো এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ পুতুল ভৰালীৰ পৰিয়ালকো বন্যহস্তীৰ উপদ্ৰৱে বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল ৷

When pottery restored as lifeline in a landscape prone to elephant conflict in Assam
হাতী মানুহৰ সংঘাতে নতুন জীৱিকাৰ সন্ধান দিলে ভৰালী পৰিয়ালক (ANI)
author img

By ANI

Published : August 27, 2026 at 3:36 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী: মহাবাহু ব্ৰহ্মপুত্ৰৰ দুখনকৈ উপনৈ দিচাং আৰু ডিমৌৰ ঠিক গাতে লাগি আছে অসমৰ পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য ৷ এই অভয়াৰণ্যৰ কাষতেই আছে চৰাগুৱা গ্ৰাণ্ট গাঁও ৷ চৰাগুৱাৰ বাসিন্দাসকলৰ বাবে বন্যহস্তীৰ সৈতে সহবাস কৰাটো এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

বনৰীয়া হাতী সঘনাই গাঁওখনৰ মাজেৰে পাৰ হৈ যায়, কেতিয়াবা ঘৰৰ পিছফালৰ চোতালৰ ওচৰেৰে পাৰ হৈ যায়, কেতিয়াবা বাৰীৰ মাজেৰে, আগচোতালেৰে হাতীৰ জাক পাৰ হয় ৷

বন্যহস্তীৰ সৈতে এনে সহবাস অৱশ্যে মুখৰ কথা নহয় ৷ এফালে প্ৰাণৰ সংশয় আনফালে হাতীৰ উপদ্ৰৱৰ ফলত সম্পদৰ বিঘিনি ৷ কেতিয়াবা বনৰীয়া হাতীয়ে ভঁড়ালৰ শস্য খাই নষ্ট কৰে, কেতিয়াবা পথাৰৰ শস্য নষ্ট কৰে ৷

When pottery restored as lifeline in a landscape prone to elephant conflict in Assam
ৰাধা ভৰালী (ANI)

হাতীৰ জাক পথাৰত নমা মানেই কৃষকে কপালৰ ঘাম মাটি পেলাই অশেষ কষ্টৰে কৰা খেতি সম্পূৰ্ণ ৰূপে নষ্ট হোৱা ৷ ফলত চহা কৃষকে চকুলো টুকিবলগীয়া হয় ভৱিষ্যতৰ কথা, পৰিয়ালটোৰ কথা ভাবি ৷ কৃষি ক্ৰমান্বয়ে অনিশ্চিত জীৱিকা হিচাপে পৰিগণিত হৈছে এই অঞ্চলত ।

এই চৰাগুৱা গ্ৰাণ্টতে বাস কৰা পুতুল ভৰালীৰ পৰিয়ালকো বন্যহস্তীৰ উপদ্ৰৱে বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল ৷ বন্যহস্তীয়ে শস্য নষ্ট কৰি ভৰালী পৰিয়ালৰ বাবে জীয়াই থকাটো অসহনীয় কৰি তুলিছিল । ফলত তেওঁলোকে বিকল্প জীৱিকাৰ সন্ধান কৰিলে ৷ অৱশ্যে ভৰালী পৰিয়ালে কোনো অচিনাকি বৃত্তি বাচি ল’বলগীয়া নহ’ল । বৰঞ্চ তেওঁলোকে পৰম্পৰাগত মৃৎশিল্পত অধিক মনোনিৱেশ কৰাৰ চিন্তা কৰিলে । এইক্ষেত্ৰত বেচৰকাৰী সংস্থা আৰণ্যকেও সহায়ৰ হাত আগবঢ়ালে ৷

পুতুল ভৰালীৰ পত্নী ৰাধা ভৰালী এগৰাকী পৰম্পৰাগত মৃৎশিল্পী, শাৰীৰিকভাৱে কিছু প্ৰতিবন্ধকতা আছে যদিও তেওঁ এই শিল্পৰ চৰ্চা কৰি আহিছে । মৃৎশিল্পই দীৰ্ঘদিন ধৰি ঘৰখনৰ জীৱিকাৰ পৰিপূৰক হিচাপে কাম কৰিছিল যদিও উৎপাদন সামান্য আৰু অনিয়মীয়া আছিল । বিশেষ সময়তহে যেনে সময়ে সময়ে ফুলৰ টাব, বিহুৰ আগত কলহ-টেকেলী সজা, দীপাৱলীৰ সময়ত চাকি প্ৰস্তুত কৰা আদি কাম কৰিছিল তেওঁলোকে ৷

When pottery restored as lifeline in a landscape prone to elephant conflict in Assam
মাটিৰে নিৰ্মিত এটি হাতীৰ প্ৰতিকৃতি (ANI)

ৰাধাৰ শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে বাবে কুমাৰ মাটি খান্দি অনা, মাটি গোৰোৱা আদি কামবোৰ তেওঁ কৰিব পৰা নাছিল ৷ যাৰ ফলত তেওঁৰ স্বামী পুতুল ভৰালীয়ে মাটি যোগান আৰু বজাৰ সম্পৰ্কীয় বহু কামৰ দায়িত্ব কান্ধত ল’বলগীয়া হৈছিল । দক্ষতা বা চাহিদাৰ অভাৱৰ কোনো সমস্যা নাছিল । তেওঁলোকৰ এই কলাক জীয়াই ৰখাৰ বাবে প্ৰয়োজনীয় মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰতহে সমস্যাৰ সন্মুখীন হৈছিল ভৰালী পৰিয়াল ৷

সীমিত মূলধনৰ বাবে তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ মাটি ক্ৰয় কৰিব নোৱাৰে বা নিয়মিতভাৱে শ্ৰমিক নিয়োজিত কৰি মাটি সংগ্ৰহ কৰিব নোৱাৰে । ফলত মাহিলী উৎপাদন প্ৰায় ২০০-৩০০ টা পাত্ৰতে সীমিত হৈ আছিল ৷ সেয়া বিক্ৰী কৰিলে মাহিলী মুঠ আয় প্ৰায় ৪,০০০-৬,০০০ টকাহে হয় ।

এই সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰণ্যকে ব্ৰিটিছ এছিয়ান ট্ৰাষ্ট, এলিফেণ্ট ফেমিলি আৰু ডাৰউইন ইনিচিয়েটিভৰ সহায়ত এক সহজ কিন্তু লক্ষ্য নিৰ্ধাৰিত জীৱিকা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছিল । আৰণ্যকে পৰিয়ালটোক কেঁচা মাটি যোগান ধৰিছিল, যাৰ ফলত ৰাধাহঁতৰ মৃৎশিল্পৰ কাৰোবাৰটোৱে এক নতুন উদ্যম লাভ কৰিলে ৷

এই পদক্ষেপৰ প্ৰভাৱ আছিল আকৰ্ষণীয় । মাটিৰ নিৰ্ভৰযোগ্য সুবিধা লাভ কৰাৰ পাছৰ পৰা ভৰালী পৰিয়ালে মাহে প্ৰায় ৫০০-৬০০ টাকৈ টাব প্ৰস্তুত কৰিবলৈ ধৰিলে । প্ৰতিটো পাত্ৰ প্ৰায় ২০ টকাকৈ বিক্ৰী কৰি তেওঁলোকে মাহিলী মুঠ আয় প্ৰায় ১০,০০০-১২,০০০ টকালৈ বৃদ্ধি কৰিবলৈ সক্ষম হ’ল ।

পৰম্পৰাগত উৎসৱসমূহে তেওঁলোকৰ বাবে আৰু অধিক সুযোগ মুকলি কৰিছে । বিহুৰ সময়ত মাটিৰ পাত্ৰৰ চাহিদা বাঢ়ি যায়, যাৰ ফলত পৰিয়ালটোৱে ঋতু অনুসৰি বিক্ৰীৰ সুবিধা লাভ কৰিব পাৰে । দীপাৱলীৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ মাটিৰ চাকি প্ৰস্তুত কৰে ৷ একোটা চাকি প্ৰায় ৪-৫ টকাকৈ বিক্ৰী কৰি নিজৰ উপাৰ্জনত ঋতুভিত্তিক আয়ৰ আন এটা ধাৰা যোগ কৰে ।

তাতোকৈ ডাঙৰ কথাটো হ’ল প্ৰাৰম্ভিক সহায়ে পৰিয়ালটোক আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিছে । বৰ্ধিত উপাৰ্জনৰ ফলত এতিয়া ৰাধা আৰু পুতুলে স্থানীয় মজুৰি শ্ৰমিক নিয়োগ কৰি নিজে মাটি সংগ্ৰহ আৰু পৰিবহণ কৰিবলৈও সক্ষম হৈছে । আৰণ্যৰ পৰা লাভ কৰা সহায়ে পৰিয়ালটোক নিজৰ জীৱিকা অবিৰত ৰাখিবলৈ সক্ষম কৰি তুলিছে ।

ইতিমধ্যে পৰম্পৰাগত মৃৎশিল্প নিৰ্মাণৰ দক্ষতা থকা চৰাগুৱা গ্ৰাণ্ট গাঁৱৰ আন পাঁচটা পৰিয়াললৈও আৰণ্যকে এনে সহায় আগবঢ়াইছে । এই পৰিয়ালসমূহে একেদৰেই মৃৎশিল্পৰ দ্বাৰা জীৱিকা শক্তিশালী কৰি উৎপাদন বৃদ্ধিৰে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

মৃৎশিল্পৰ পুনৰুজ্জীৱনে গাঁওখনৰ পৰম্পৰাগত হস্তকলাক পৰ্যটকৰ সৈতে সংযোগ কৰাৰ সুযোগো সৃষ্টি কৰিছে । কিছুমান পৰিয়ালে এতিয়া পৰ্যটকক হাতেৰে নিৰ্মিত মৃৎশিল্পৰ পৰ্যবেক্ষণ আৰু এনে কাৰ্যত অংশগ্ৰহণ কৰিবলৈ আদৰণি জনাইছে, যাৰ ফলত এই শিল্পক সাংস্কৃতিক আৰু অৰ্থনৈতিক মাত্ৰাও প্ৰদান কৰা হৈছে ।

When pottery restored as lifeline in a landscape prone to elephant conflict in Assam
মাটিৰ টেকেলী (ANI)

চৰাগুৱাৰ মৃৎশিল্পক বিশেষভাৱে স্বকীয় কৰি তোলা কথাটো হ’ল ইয়াৰ সৰলতা । যন্ত্ৰপাতি বা অত্যাধুনিক সঁজুলিৰ ওপৰত নিৰ্ভৰশীলতা কম । প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজেৰে পাৰ হৈ যোৱা হস্তকলাই এই প্ৰক্ৰিয়াটোক পথ প্ৰদৰ্শন কৰে ।

আৰাণ্যকৰ বাবে এই হস্তক্ষেপে সম্প্ৰদায়ভিত্তিক সংৰক্ষণৰ এটা গুৰুত্বপূৰ্ণ নীতি প্ৰদৰ্শন কৰে: জীৱিকাৰ স্থিতিস্থাপকতাৰ বাবে সদায় নতুন কিবা এটা প্ৰৱৰ্তন কৰাৰ প্ৰয়োজন নহয় । কেতিয়াবা ইয়াৰ বাবে ইতিমধ্যে যি আছে তাক চিনি লৈ সফল হ’বলৈ বাধা দিয়া সমস্যাবোৰ আঁতৰাই পেলোৱাহে প্ৰয়োজন ।

ভৰালী পৰিয়ালৰ লগতে আন পৰিয়ালকেইটাৰ বাবে হেৰাই যোৱা সম্পদ আছিল কেৱল মাটি । হাতী-মানুহৰ সংঘাতৰ দ্বাৰা প্ৰভাৱিত ভূ-প্ৰকৃতিত বিকল্পৰ সন্ধান বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে । অচিনাকি জীৱিকাৰ প্ৰৱৰ্তনৰ বাবে বিস্তৃত প্ৰশিক্ষণ, নতুন আন্তঃগাঁথনি, বজাৰ সৃষ্টি আৰু দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক সহায়ৰ প্ৰয়োজন হ’ব পাৰে । কিন্তু তেওঁলোকে সহজে অৱলম্বন কৰিব পৰা জীৱিকাক শক্তিশালী কৰাটো প্ৰায়ে অধিক ব্যৱহাৰিক আৰু বহনক্ষম হ’ব পাৰে, একে সময়তে সম্প্ৰদায়সমূহক নিজৰ দক্ষতা, পৰম্পৰা আৰু পৰিচয় ধৰি ৰাখিবলৈ সুযোগ দিব পাৰে ।

চৰাগুৱা গ্ৰাণ্ট গাঁৱৰ লোকসকলৰ অভিজ্ঞতাই সেয়েহে মৃৎশিল্পক তেনে এক বিকল্প হিচাপে তুলি ধৰিছে ৷ বন্যহস্তীৰ উপদ্ৰৱৰ বাবে যিবোৰ পৰিয়ালৰ কৃষিকৰ্ম ক্ৰমান্বয়ে প্ৰত্যাহ্বান হৈ পৰিছে, তেওঁলোকৰ বাবে এনে হস্তক্ষেপে পৰম্পৰাগত জ্ঞানৰ সৈতে তেওঁলোকৰ সংযোগ বিচ্ছিন্ন নকৰাকৈ অৰ্থপূৰ্ণ অৰ্থনৈতিক বিকল্প প্ৰদান কৰিব পাৰে ।

কেতিয়াবা কোনো সম্প্ৰদায়ৰ বাবে সমস্যাৰ সমাধান বা বিকল্পৰ অনুসন্ধানৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে । তেওঁলোকৰ জ্ঞান, অভিজ্ঞতা তথা উত্তৰাধিকাৰী সূত্ৰে পোৱা দক্ষতা, চিনাকি সম্পদ বা পৰম্পৰাত সঠিক সমৰ্থনে এক বিকল্প তৈয়াৰ কৰি জীৱিকাৰ এক গতি প্ৰদান কৰিব পাৰে ৷ যিদৰে ভৰালী পৰিয়ালৰ বাবে মাটিৰ এটা টুকুৰাৰ পৰা সেই সম্ভাৱনা আৰম্ভ হৈছিল ।

লগতে পঢ়ক: বিদেশী পৰ্যটকৰো পচন্দ অসমৰ মুখা: বাণিজ্যিকীকৰণে সলাইছে ইয়াৰ ছবি