ETV Bharat / state

কি কি থাকিব ইনটেলিজেণ্ট চিটী চাৰ্ভেইলেঞ্চ ছিষ্টেম প্ৰকল্পত

ইনটেলিজেণ্ট চিটী চাৰ্ভেইলেঞ্চ ছিষ্টেম প্ৰকল্পৰ অধীনত মুঠ ২০০০ টা চি চি টিভি কেমেৰা মহানগৰীত স্থাপন কৰা হ'ব ৷

CITY SURVEILLANCE SYSTEM
সদাব্যস্ত গুৱাহাটী মহানগৰীৰ গণেশগুৰি অঞ্চলৰ এক দৃশ্য (ইটিভি ভাৰত অসম)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 6:28 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ আৰু জনসমাগম ব্যৱস্থাপনা উন্নত কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে ১৭৭ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে ইনটেলিজেণ্ট চিটি চাৰ্ভেইলেন্ছ ছিষ্টেম(ICSS) প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে । ইনটেগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম(ITMS) অসম্পূৰ্ণ আৰু বিফল হোৱাৰ পিছত এই প্ৰকল্প আৰম্ভ কৰিছে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে ।

  • কি থাকিব ইনটেলিজেণ্ট চিটী চাৰ্ভেইলেঞ্চ ছিষ্টেম প্ৰকল্পত

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ উপ-পৰিচালন সঞ্চালক মুগ্ধজ্যোতি দেব মহন্তই কয়, ‘‘ইনটেলিজেণ্ট চিটী চাৰ্ভেইলেঞ্চ ছিষ্টেম প্ৰকল্পৰ অধীনত মুঠ ২০০০ টা চি চি টিভি কেমেৰা মহানগৰীত স্থাপন কৰা হ'ব ৷ তাৰ ভিতৰত চি চি টিভি বুলেট কেমেৰাৰ সংখ্যা ১,৭৫০ টা আৰু চি চি টিভি পি টি জেড(PTZ) কেমেৰাৰ সংখ্যা ২৫০ টা । ইতিমধ্যে মহানগৰীৰ বিভিন্ন স্থানত ১০০০ টা এনে কেমেৰা সংস্থাপন কৰা হৈছে ।

CITY SURVEILLANCE SYSTEM
উৰণসেতুৰ তলেৰে পাৰ হৈছে বাহন (ইটিভি ভাৰত অসম)

তদুপৰি ৰাজহুৱা ঘোষণাৰ ব্যৱস্থা(Public Announcement System) ৰ ২০ টা ছাউণ্ড বক্স থাকিব । এই ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে প্ৰয়োজনীয় নিৰ্দেশনা বিভাগীয় কৰ্তৃপক্ষই প্ৰদান কৰিব । ২০ টা জৰুৰীকালীন কল বক্স(Emergency Call Box), ভেৰিয়েবল মেছেজ ডিচপ্লে(Variable Message Display) ১০ টা, পৰিৱেশ চেঞ্চৰ(Environmental Sensor), ১০ টা ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ আৰু চাৰিটা নিয়ন্ত্ৰণ চেণ্টাৰ(Viewing Centre) থাকিব ৷

  • কোনবোৰ স্থানত লগোৱা হ'ব চিচি টি ভি কেমেৰা

তেওঁ লগতে কয়, ‘‘যোৱা বছৰৰ ছেপ্টেম্বৰত ইনটেলিজেণ্ট চিটী চাৰ্ভেইলেঞ্চ ছিষ্টেম প্ৰকল্পৰ কাম আৰম্ভ হৈছিল । বৰ্তমান এই প্ৰকল্পৰ কাম চলি আছে । নতুন বছৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব । খানাপাৰাত এটা ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ আৰু এটা ডিজাষ্টাৰ ৰিক'ভাৰী চেণ্টাৰ স্থাপন কৰা হৈছে । এই চেণ্টাৰ দুটাৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে । গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড আৰু অসম আৰক্ষীয়ে কেন্দ্রটো যৌথভাৱে পৰিচালনা কৰিব । মহানগৰখনক চি চি টিভিৰ জৰিয়তে এই কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰত থকা দলটোৱে নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণ কৰিব প্ৰয়োজনে অনুসৰি যান-জঁট আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰিব ।’’

CITY SURVEILLANCE SYSTEM
মহানগৰীৰ ৰাজপথত সংস্থাপিত চিচি টি ভি কেমেৰা (ইটিভি ভাৰত অসম)

তেওঁ লগতে কয় এই চি চি টিভিৰ লগতে ব্যৱস্থাপনাবোৰ মহানগৰীৰ মুখ্য স্থানসমূহত, অপৰাধ প্ৰবণ এলেকা, দূৰ্ঘটনা প্ৰবণ এলেকাত আৰু ভিৰযুক্ত অঞ্চলসমূহত স্থাপন কৰা হ’ব । এই প্ৰকল্পত মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈকে সামৰি লোৱা হৈছে ।

CITY SURVEILLANCE SYSTEM
গুৱাহাটী মহানগৰীৰ জি এছ ৰোড (ইটিভি ভাৰত অসম)

‘‘এই প্ৰকল্পৰ অধীনত চি চি কেমেৰাৰ লগতে আন আন ব্যৱস্থাপনাবোৰ ক’ত ক’ত স্থাপন কৰা হ'ব সেই স্থানবোৰ অসমৰ আৰক্ষীয়ে চিনাক্ত কৰিছে আৰু তালিকাখন গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড প্ৰদান কৰিছে । সেই অনুসৰি কাম কৰি থকা হৈছে ৷’’ মহন্তই কয় ৷

লগতে পঢ়ক: পাইৰেচী অসমীয়া ছবিজগতৰ বাবে অশুভ লক্ষণ, পাইৰেচীয়ে জুবিনৰ সপোনক আঘাত হানিছে : ৰাজেশ ভূঞা