ETV Bharat / state

ফাকুৱাৰ সমান্তৰালকৈ কাইলৈ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ… জ্যোতিষশাস্ত্ৰবিদে কি কয়

৩ মাৰ্চৰ আবেলি ৩.১৯ বজাৰ পৰা সন্ধিয়া ৬.৪৭ বজালৈ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ।

Astrologer Parash Mani Sarma
জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2026 at 8:03 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: কাইলৈ ৰঙৰ উৎসৱ ফাকুৱা । এইবাৰ ৰঙৰ উৎসৱৰ সমান্তৰালকৈ চন্দ্ৰগ্ৰহণো হ'ব । ৩ মাৰ্চৰ আবেলি ৩.১৯ বজাৰ পৰা সন্ধিয়া ৬.৪৭ বজালৈ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ থাকিব । এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণক 'ব্লাড মুন' বুলিও কোৱা হয় । পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণত কেনেধৰণৰ নীতি-নিয়ম মানিব লাগে, সেই বিষয়ে ব্য়াখ্য়া কৰিলে জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মাই ।

এই চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় ৬/৭ ঘণ্টা পূৰ্বে সুতক কাল আৰম্ভ হয় । ৩ মাৰ্চত এই সুতক কাল আৰম্ভ হ'ব পুৱা ৬.২০ বজাৰ পৰা । জ্যোতিষবিদ্যা অনুসৰি সুতক কাল অশুভ কাল । এই সময়ছোৱাত পূজা-পাতল বা কোনো ধৰ্মীয় কাম-কাজ কৰা নহয় । আনহাতে মাৰ্চত যিহেতু ৰঙৰ উৎসৱ ফাকুৱা, এই ফাকুৱাৰ পূৰ্ণিমা তিথি আৰম্ভ হ'ব ২ মাৰ্চৰ আবেলি ৫.৪২ বজাৰ পৰা ।

জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশ মণি শৰ্মা (ETV Bharat Assam)

চন্দ্ৰগ্ৰহণ বা সুতক কাল লাগি থকাৰ বাবে এইবাৰ কিছুক্ষেত্ৰত পূজা কৰাত বাধা আহিছে । যদিহে আপুনি হোলী উপলক্ষে কিবা পূজা কৰিব বা কিবা শুভ কৰ্ম কৰিব বিচাৰি আছে, তেন্তে ৩ তাৰিখৰ পৰিৱৰ্তে আপুনি ৪ তাৰিখে কৰিব পাৰে । লগতে এইবাৰ ৩ তাৰিখৰ পৰিৱৰ্তে ৪ তাৰিখে হোলী খেলিলে ভাল ।

চন্দ্ৰগ্ৰহণৰ সময়ত কেনেধৰণৰ নীতি-নিয়ম মানিব ?

  • চন্দ্ৰগ্ৰহণৰ সময়ত বিশেষকৈ গৰ্ভৱতী মহিলাসকলে চন্দ্ৰৰ সেই পোহৰ গাত লগাব নালাগে ।
  • চন্দ্ৰগ্ৰহণৰ সময়ত নখ কাটিব নালাগে ।
  • তদুপৰি এই দিনটো আপোনাৰ আৰাধ্য দেৱতাৰ নাম যিমান পাৰে উচ্চাৰণ বা জপ কৰিব পাৰে ।
  • দীক্ষা লোৱাসকলে গুৰু-মন্ত্ৰ জপ কৰিব পাৰিলে ভাল ।
  • লগতে এই সময়খিনিত কাৰো লগত কাজিয়া-পেচাল নকৰাকৈ শান্তিত থাকিব পাৰিলে ভাল ।
  • গ্ৰহণ শেষ হোৱাৰ পাছত অৰ্থাৎ ৪ তাৰিখে পুৱা ঘৰত গংগাজল বা গো-মূত্ৰ ছটিয়াই ঘৰত ধূপ-ধূনা দি বিষ্ণু বা কৃষ্ণক ফাকু লগাব পাৰিলে ভাল ।

লগতে পঢ়ক:

শীঘ্ৰেই আকাশত দেখিবলৈ পোৱা যাব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ; দেশবাসীয়ে কেতিয়া আৰু কেনেদৰে প্ৰত্যক্ষ কৰিব সেই দৃশ্য

বছৰটোৰ শেষৰটো চন্দ্ৰগ্ৰহণ:ইয়াৰ ফলত কি প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ?