গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ কাষতে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত কি কি আছে...
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে মুকলি কৰে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প । পঢ়ক আমাৰ এক বিশেষ প্ৰতিবেদন…

Published : December 30, 2025 at 6:01 PM IST
নগাঁও: ২০২১ চনত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰা ব্যয়বহুল বটদ্ৰৱা প্ৰকল্প অৱশেষত মুকলি কৰা হ’ল । সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে বটদ্ৰৱা প্ৰকল্প । গুৰুজনাৰ সৃষ্টিৰাজিক হিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প ।
ভকত বৈষ্ণৱৰ লগতে বিশ্বৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব এই বটদ্ৰৱা প্ৰকল্প । কি কি আছে এই অভিলাষী বটদ্ৰৱা প্ৰকল্পত ?
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপতে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প । আকাশীগংগাৰ তীৰত নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পৰ মূলদ্বাৰতে আছে আটকধুনীয়া তোৰণ ।
মুখ্য প্ৰৱেশদ্বাৰ

শংকৰগুৰুৰ এই মহান আদৰ্শ "অসম দৰ্শন (২০২১)" আঁচনিৰ অধীনত আৰম্ভ কৰা বটদ্ৰৱা থান প্ৰকল্পৰ জৰিয়তে নতুনকৈ জিলিকি উঠিছে । এই দূৰদৰ্শী প্ৰকল্পই বৰদোৱাৰ আধ্যাত্মিক ঐতিহ্যক এক উজ্জ্বল সাংস্কৃতিক আৰু পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে ।
এই প্ৰকল্পৰ মুখ্য প্ৰৱেশদ্বাৰখনি বিষ্ণুৰ দশাৱতাৰ, মাজুলীৰ মুখাশিল্প, পদুমৰ নক্সা, মগৰৰ আৰ্হি আৰু ভাওনাৰ অগ্নিগড়ৰ দ্বাৰা অনুপ্ৰাণিত তোৰণেৰে সুশোভিত কৰা হৈছে । প্ৰৱেশদ্বাৰৰ দুয়োফালে গায়ন আৰু বায়নৰ মূৰ্তি আছে । এই পবিত্ৰ স্থানখনে এতিয়া অসমৰ প্ৰাচুৰ্যশালী ঐতিহ্য আৰু বৰ্ণময় বৰ্তমানক একেলগে সংযোগ কৰিছে, য'ত আধ্যাত্মিকতাৰ সমান্তৰালভাৱে সৃষ্টিশীলতাও প্ৰবাহিত হৈছে ।
যোগ উদ্যান
প্ৰকল্পৰ এক অভিন্ন অংগ যোগ উদ্যানখনে শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী আদৰ্শক সোঁৱৰায় । যি আদৰ্শই শৰীৰ, মন আৰু আত্মাৰ মাজত সংহতিপূৰ্ণ সম্পৰ্ক স্থাপনৰ কথা কৈছিল । গুৰুজনাৰ হঠযোগৰ দক্ষতাৰে অনুপ্ৰাণিত এই উদ্যানখনে দৰ্শনাৰ্থীসকলক মুক্ত আকাশৰ তলত বহিবলৈ আহ্বান জনাইছে আৰু ইয়াৰ বেঁকা পথে উশাহ-নিশাহৰ গতিবিধিক প্ৰতিফলন ঘটাইছে ।
গুৰুজনাৰ মাটি আখৰাৰ (সত্ৰীয়া নৃত্যৰ ভেটি গঠন কৰা থিয়-লন আৰু জুৰ-কামিতোনাৰ দৰে আসন) দৰে অভ্যাসক উদ্যানখনিয়ে দৰ্শনাৰ্থীসকলক পুনৰ এবাৰ সোঁৱৰাই দিব । উদ্যানৰ বাকৰিত কৰা প্ৰতিটো শৰীৰ চালনা আৰু উশাহ-নিশাহে শংকৰদেৱৰ সংহতি আৰু কল্যাণৰ দৃষ্টিভংগীকে প্ৰতিফলিত কৰে, যিয়ে দৰ্শনাৰ্থীসকলক সন্তুলিত দেহ-মনেৰে আধ্যাত্মিক সংযোগৰ যাত্ৰালৈ আমন্ত্ৰণ জনায় ।
গৱেষণা কেন্দ্ৰ (খোল)
শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নাট 'চিহ্নযাত্ৰা'ত খোল বাদ্যৰ আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰি আধ্যাত্মিক তথা সাংস্কৃতিক জাগৰণত এক অভিনৱ ছন্দৰ সঞ্চাৰ ঘটাইছিল । কপিলীমুখৰ কুমাৰ আৰু শালমৰাৰ মুচীসকলে নিৰ্মাণ কৰা এই খোল বাদ্যবিধ সত্ৰীয়া নৃত্য, বৰগীত আৰু অংকীয়া নাটৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল, যিয়ে ৫৫০ বছৰতকৈও অধিক কাল ধৰি অসমীয়া শিল্প-সংস্কৃতিৰ পৰম্পৰাক গঢ় দি আহিছে ।

এই মহান ঐতিহ্যক সন্মান জনাই, দেৱবাদ্য খোলৰ আৰ্হিত নিৰ্মাণ কৰা এই গৱেষণা কেন্দ্ৰটিয়ে তেৰাই মানৱজাতিক উপহাৰ দি যোৱা সংস্কৃতি, জ্ঞান আৰু আধ্যাত্মিকতাৰ ঐতিহ্যক ধৰি ৰাখিব আৰু যুগৰ লগত খাপ খুৱাই আগুৱাই নিব ৷
কলাকেন্দ্ৰ (তাল)
ভক্তিক শিল্প হিচাপে গণ্য কৰা শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনত সাংস্কৃতিক ছন্দ আছিল মূল ভেটি । খোলৰ সমান্তৰালকৈ গুৰুজনাই সত্ৰীয়া পৰম্পৰাত প্ৰাথমিক বাদ্যযন্ত্ৰ হিচাপে পিতলৰ এযোৰ বাদ্য (তাল) প্ৰৱৰ্তন কৰিছিল । প্ৰথম নাট "চিহ্নযাত্ৰা"তে তালৰ ধ্বনিয়ে পবিত্ৰতাক চিহ্নিত কৰিছিল, যাৰ ফলত প্ৰতিটো শব্দ উপাসনালৈ ৰূপান্তৰিত হৈছিল । তাল শব্দটোৰ অৰ্থই হৈছে ছন্দ । শংকৰদেৱে তালৰ জৰিয়তে শিল্পক প্ৰাৰ্থনাৰ সৈতে সংযুক্ত কৰিছিল ।

সময়ৰ লগে লগে ভোৰতাল নৃত্য, গায়ন-বায়ন, নৃত্য-গীত, নাট-ভাওনাত তাল বাদ্য অভিন্ন অংগ হৈ পৰিল । ইয়াৰ ধ্বনিয়ে বায়ুমণ্ডল শুদ্ধ কৰে বুলি বিশ্বাস কৰা হয় । এই ঐতিহ্যকে সন্মান জনাই তালৰ আকৃতিৰে নিৰ্মাণ কৰা প্ৰেক্ষাগৃহটোৱে এযোৰ তালক মূৰ্ত কৰি তুলিছে । এয়া হৈছে স্থাপত্যলৈ ৰূপান্তৰিত হোৱা এক প্ৰাচীন ছন্দ, যি ছন্দত ভক্তি আৰু সংস্কৃতিৰ মিলন ঝংকাৰিত হৈছে ৷
নাটঘৰ (জাপি)
বাঁহ, বেত আৰু টকৌ পাতেৰে তৈয়াৰ কৰা জাপি হৈছে অসমৰ এটি চিৰস্থায়ী সাংস্কৃতিক প্ৰতীক । এজন খেতিয়কক ছাঁ দিয়াৰ পৰা ৰাজকীয় সৰুদৈ জাপি পৰ্যন্ত, ই মৰ্যাদা আৰু সুৰক্ষাক প্ৰতিনিধিত্ব কৰে । জাপি হৈছে বাপতিসাহোন বিহুৰ কেন্দ্ৰীয় উপাদান ।
অসমীয়া জনজীৱনত জাপিৰ মহত্বকে সন্মান জনাই নাটঘৰটিকো জাপিৰ আকৃতিত গঢ়ি তোলা হৈছে । এই নাটঘৰে অসমীয়া পৰিচয় আৰু শংকৰদেৱৰ নাট্য ঐতিহ্য উভয়কে সন্মান জনাইছে । নাটঘৰে এখনি একত্ৰিত আশ্ৰয়থলী আৰু মঞ্চৰ সংমিশ্ৰণ ঘটাইছে ।

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ দৰে পৰম্পৰাৰ পৰা অনুপ্ৰাণিত হৈ এই স্থান ছন্দ, ভক্তি আৰু সমাজৰ মিলনভূমি হৈ পৰিছে । যিদৰে তেৰাই অংকীয়া নাটেৰে সমাজখন এক কৰিছিল আৰু এটা জাপিয়ে যিদৰে নিৰাপদ আশ্ৰয় প্ৰদান কৰে, একেদৰেই এই নাটঘৰেও সকলোকে এক কৰি ৰাখিব আশা প্ৰকাশ কৰিছে সকলোৱে ।
নৌকা আকৃতিৰ দক্ষতা বিকাশ কেন্দ্ৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ব্ৰহ্মপুত্ৰৰ বুকুৰে কৰা নৌকাযাত্ৰাক স্মৰণ কৰি অসমীয়া পৰম্পৰাগত নৌকা আকৃতিৰে দক্ষতা বিকাশ কেন্দ্ৰটিৰ আন্তঃগাঁথনি গঢ়ি তোলা হৈছে । এই কেন্দ্ৰটিত গুৰুজনাৰ অমৰ সৃষ্টি মুখাশিল্পৰ নিৰ্মাণশৈলী সমগ্ৰ প্ৰক্ৰিয়া দৰ্শনাৰ্থীসকলৰ সন্মুখত প্ৰদৰ্শন কৰাৰ লগতে বিপণনৰো ব্যৱস্থা কৰা হৈছে । শিল্পৰ মাধ্যমেৰে শংকৰদেৱৰ অৰ্থনৈতিক চেতনাক নৌকাকৃতিৰ দক্ষতা বিকাশ কেন্দ্ৰত দৰ্শনাৰ্থীসকলে উপলব্ধি কৰিব পাৰিব ।

কৃষ্ণলীলা দেৱাল
অৰ্ধ-বৃত্তাকাৰ অৰ্ধচন্দ্ৰৰ দৰে কৃষ্ণলীলাৰ দেৱালখনত শ্ৰীকৃষ্ণৰ মহত্বক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো নিজৰ সৃষ্টি আৰু কৰ্মত কৃষ্ণক বিশেষ মান্যতা প্ৰদান কৰিছে । কৃষ্ণ আৰু গুৰুজনাৰ সম্পৰ্কক শ্ৰদ্ধা জনাই দেৱালখনত কৃষ্ণৰ ঐশ্বৰিক লীলাসমূহ মূৰ্তিৰে সজাই উপস্থাপন কৰা হৈছে । ইয়াৰ কেন্দ্ৰস্থলতে আছে বংশীধৰ কৃষ্ণৰ কেন্দ্ৰীয় মূৰ্তিভাগ । ইয়াত শিলবোৰ হৈ পৰিছে কাহিনী, কলাই ৰূপ পাইছে উপাসনাৰ । দেৱালত জিলিকি থকা কৃষ্ণৰ দুষ্টালি, সাহস আৰু কৰুণাই প্ৰতিগৰাকী দৰ্শনাৰ্থীকে মোহাচ্ছন্ন কৰিব ।
পাত উদ্যান
বটদ্ৰৱা থানৰ পাত উদ্যানখনে ইতিহাস, বিশ্বাস আৰু গুৰুজনাৰ পৰিৱেশ চেতনাক মূৰ্ত কৰি তুলিছে । উদ্যানৰ কেন্দ্ৰভাগতে আছে এজুপি শিলিখা বৃক্ষ, যাৰ তলতে শ্ৰীমন্ত শংকৰদেৱে অধ্যয়ন কৰিছিল আৰু জ্ঞান লাভ কৰিছিল বুলি বিশ্বাস কৰা হয় । যি জ্ঞানে পৰৱৰ্তী সময়ত পবিত্ৰ কীৰ্তন ঘোষাৰ ৰূপ পাইছিল । বৈদিক আখ্যানত শিপাই থকা এই শিলিখা গছক অমৃতৰ টোপালৰ পৰা জন্ম হোৱা বুলি কোৱা হয় আৰু সেয়েহে ই সংৰক্ষণ আৰু অমৰত্বক প্ৰতিনিধিত্ব কৰে । ইয়াতেই শংকৰদেৱৰ জ্ঞান লাভ আৰু প্ৰাচীন আখ্যানৰ মিলন ঘটিছে ।

পদুম উদ্যান
এই ঐতিহ্যক্ষেত্ৰৰ পদুম উদ্যান দুখনি সৌন্দৰ্য আৰু শান্তিৰ এক নিৰ্মল আশ্ৰয়স্থল । বোকাত ফুলিও জকমকাই থকা পদুম ফুল হৈছে পৱিত্ৰতাৰ প্ৰতীক । গুৰুজনাৰ সৃষ্ট সত্ৰসমূহো যেন পদুমৰ দৰেই, পাৰ্থিৱ অপবিত্ৰতাৰ পৰা দূৰত থাকি য’ত ভক্তি, কলা আৰু সংস্কৃতি বিকশিত হয় । এই পবিত্ৰ উদ্যান দুখনিয়ে ঐশ্বৰিক জাগৰণৰ ধাৰণা জগাই তোলে । পদুমৰ সৈতে আছে প্ৰভু বিষ্ণুৰ এক পবিত্ৰ সংযোগ । পদ্মধাৰী বিষ্ণুক পদুমেও প্ৰতিনিধিত্ব কৰে । পদুমৰ পাহিৰ দৰে আকৃতিয়ে মানুহৰ মনক সংকীৰ্ণতাৰ পৰা মুক্ত কৰি ভক্তিৰ ভাৱেৰে বুৰাই পেলায় । বোকা-পানীত ফুলি উঠা প্ৰতিপাহ পদুমে প্ৰকৃতিৰ চিৰন্তন কমনীয়তাক মূৰ্ত কৰি তোলে আৰু নীৰৱতা, শান্তি তথা প্ৰেৰণাৰ বাণীৰে যেন সকলোকে উদ্বুদ্ধ কৰে ।
গুৰু আসনক কেন্দ্ৰ কৰি প্ৰকল্পৰ কাহিনী
এখনি জীৱন্ত তীৰ্থৰ দৰে এই সৌন্দৰ্যবৰ্ধন প্ৰকল্পই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু আত্মাক চিৰকাললৈ উচ্চ কৰি ৰাখিছে । তীৰ্থখনিৰ স্থাপত্যশৈলীয়ে সৌন্দৰ্য আৰু আধুনিকতাৰ সৈতে সাংস্কৃতিক পৰিচয়কো প্ৰতিফলিত কৰিছে । গুৰুজনাই কল্পনা কৰা সমাজখনকে আধাৰ কৰি এই প্ৰকল্পই ভক্তিক লোকাচাৰ হিচাপে আৰু শিল্পকলাক পূজাৰ নৈবেদ্য হিচাপে গণ্য কৰি এখন সমন্বয়মুখী সমাজত খোজ দিবলৈ দৰ্শনাৰ্থীসকলক সভক্তিৰে আহ্বান জনাইছে ।

প্ৰকল্পটিৰ মাজভাগতে আছে ‘গুৰু আসন’ । আসনভাগিকে কেন্দ্ৰ কৰি সুবিশাল চৌহদটিত মূৰ্ত হৈ উঠিছে গুৰুজনাৰ সমগ্ৰ জীৱন, দৰ্শন আৰু কৰ্মৰাজি । মণিকূটৰ আসনভাগিক সুৰক্ষা দি থিয় দি আছে গজৰাজ, কুৰ্ম আৰু সিংহই । ‘গুৰু আসন’ উপাসনাৰ মূল কেন্দ্ৰবিন্দু, যি আসন গুৰুৰ প্ৰতীক আৰু এই আসনকে আধাৰ কৰি সকলো কাৰ্য-বিধি সম্পাদন হয় । ইয়াত শ্ৰীকৃষ্ণই যেন আকৌ এবাৰ অৱতাৰ লৈছে । চৌহদটিৰ প্ৰতিটো কোণতে শংকৰদেৱে অসমক দান দি যোৱা নৱ-বৈষ্ণৱ আদৰ্শ ব্যাপক ৰূপত প্ৰতিফলিত হৈছে ।
প্ৰকল্পটিৰ অন্যতম আকৰ্ষণ দশাৱতাৰ উদ্যানত শ্ৰীকৃষ্ণৰ দশম অৱতাৰৰ কথা সুকোমলভাৱে বৰ্ণিত হৈছে আৰু ‘নৱৰস উদ্যানত’ নটা ভাৱৰ শাস্ত্ৰীয় নৃত্যকলা প্ৰদৰ্শন কৰা হৈছে । কৃষ্ণলীলা দেৱালত কৃষ্ণৰ লীলাক শিলাখণ্ডৰ বুকুত জীৱন্ত কৰি তোলা হৈছে । এই ভক্তিমধুৰ যাত্ৰা শংকৰদেৱৰ শৈশৱৰ পৰা আৰম্ভ কৰি তেৰাৰ জাগৰণ, শিল্পকলা আৰু প্ৰতিষ্ঠানসমূহলৈ প্ৰবাহিত হৈ জীৱন আৰু দৰ্শনৰ বিশাল নদীখনলৈ বিস্তাৰিত হৈছে ।
শংকৰদেৱৰ আটাইতকৈ ডাঙৰ পৰিভাষা আছিল শিল্পকলা । সেয়েহে গৱেষণা কেন্দ্ৰটিৰো আকৃতি খোলৰ দৰে, যি সত্ৰীয়া নৃত্য, বৰগীত আৰু শাশ্বত ভক্তিৰ নিনাদৰে মুখৰিত । ইয়াত পণ্ডিত আৰু বিশেষজ্ঞসকলে একেলগে শংকৰদেৱৰ জীৱন আৰু আদৰ্শ অধ্যয়ন কৰিব পাৰিব ।
ইয়াৰ কাষতে আছে জাপি আকৃতিৰ নাটঘৰ । নাটঘৰৰ অংকীয়া নাট আৰু ভাওনাৰ মূৰ্ছনাই ভক্তসকলৰ হৃদয় শাঁত পেলাব । কলাকেন্দ্ৰ প্ৰেক্ষাগৃহৰ আকৃতি তালৰ দৰে । তালৰ সজীৱ আৰু প্ৰেৰণাদায়ক ধ্বনিয়ে শংকৰী ঐতিহ্যক প্ৰবল কৰি তোলে ।
আনহাতে, যোগকেন্দ্ৰত শংকৰৰ আদৰ্শক স্মৰণ কৰি দৰ্শনাৰ্থীসকলে শৰীৰ আৰু মনৰ মাজত ঐক্যতান গঢ়িবলৈ সুযোগ পাব । শংকৰদেৱৰ জীৱন দৰ্শনক এক অনন্য ৰূপ দিছে পাত উদ্যানে । যিদৰে শংকৰদেৱে এবাৰ মহেন্দ্ৰ কন্দলীৰ টোলত শিলিখা গছৰ তলত বহিছিল, পাত উদ্যানৰ সন্মোহিত শব্দই জ্ঞানৰ বাবে তৃষ্ণাতুৰ সেই শিশুটিক মনত পেলাব । পৰিৱেশবিদ শংকৰদেৱক এই উদ্যানে মূৰ্ত কৰি ৰাখিছে । সন্ধানীজনে পদুম উদ্যানতো নৱজাগৰণৰ অনুভূতি প্ৰাপ্ত কৰিব । শাশ্বত পবিত্ৰতাৰ প্ৰতীক পদুমফুল বোকাৰ গৰ্ভৰ পৰা ফুলি উঠে । ঠিক সেইদৰে শংকৰদেৱৰ আত্মাও ভক্তিৰ মাজত বিকশিত হৈছিল ।
লগতে পঢ়ক: য’ত বিদেশী আছিল তাত আজি বিশাল প্ৰকল্প হৈছে: বটদ্ৰৱা প্ৰকল্প মুকলি কৰি অমিত শ্বাহ

