শ্যামলী কলিয়াবৰ: বিশ্ব পৰিৱেশ দিৱসত এক অৱলোকন
গছপুলি ৰোপণতে পৰিৱেশ দিৱসৰ সফলতা নেকি ? ২০২৩ চনত ৰোপণ কৰা গছপুলিবোৰৰ সুৰক্ষাৰ বাবে কি কৰিলে কলিয়াবৰ প্ৰশাসনে ?

Published : June 5, 2026 at 4:38 PM IST
কলিয়াবৰ: বিশ্ব পৰিৱেশ দিৱসত বৃহৎ পৰিমাণে গছপুলি ৰোপণ কৰা হয় সঁচা, কিন্তু সঠিক চোৱা-চিতা আৰু সংৰক্ষণৰ অভাৱত বহু পুলি নষ্ট হৈ যায় । গছপুলি সুৰক্ষিত হৈ নথকাৰ মূল কাৰণসমূহৰ ভিতৰত ৰক্ষণাবেক্ষণৰ অভাৱেই মূল । গছপুলি ৰোপণ কৰাৰ পিছত নিয়মীয়াকৈ পানী দিয়া, সাৰ প্ৰয়োগ আৰু বেৰা দিয়াৰ ব্যৱস্থা প্ৰায়েই নথাকে । মুকলি ঠাইত ৰোৱা পুলিবোৰ গৰু-ছাগলীয়ে খাই নষ্ট কৰে ।
অসমৰ প্ৰাকৃতিক দুৰ্যোগ যেনে–বানপানী, খৰাং বতৰ বা তীব্ৰ ধুমুহাই সৰু গছবোৰৰ অনিষ্ট কৰে । অসম চৰকাৰৰ দৰে বিভিন্ন সংস্থাই অমৃত বৃক্ষ আন্দোলন আৰু বৰ্তমানৰ ব্যাপক বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে পুলিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা হাতত লৈছে যদিও এই আয়োজন সফল হৈছে বুলি ক'ব নোৱাৰি । যেনে এক সফল নোহোৱা বিলাসী আয়োজনৰ বিষয়ে আজিৰ প্ৰতিবেদন ।
২০২৩ চনৰ ৫ জুন তাৰিখে সমগ্র বিশ্ববাসীৰ লগতে কলিয়াবৰ মহকুমাতো তদানীন্তন মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ নেতৃত্বত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছিল । 'শ্যামলী কলিয়াবৰ' শীৰ্ষক সেই কাৰ্যসূচীত সেইদিনা সকলো বাসগৃহ, অনুষ্ঠান-প্রতিষ্ঠানসমূহত একে সময়তে গছপুলি ৰোপণ কৰা হৈছিল । তদানীন্তন মহকুমা প্ৰশাসনৰ পুৱা ১০:৪৫ ৰ পৰা ১১:০০ বজা সময়ৰ ভিতৰত ১৫ মিনিটত ১ লাখ পুলি ৰোপণ কৰাৰ লক্ষ্য প্ৰাপ্তি হৈছিল ।
ৰাজ্যৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এই লক্ষ্যত উপনীত হয় কলিয়াবৰ মহকুমা প্ৰশাসন । কলিয়াবৰ মহকুমা প্রশাসনে অসম বিজ্ঞান, প্রযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু মহকুমাটোৰ গাঁও পঞ্চায়তসমূহ তথা বিভিন্ন বিদ্যালয়, অনুষ্ঠান-প্রতিষ্ঠানৰ সহায়-সহযোগত এই পদক্ষেপ গ্রহণ কৰিছিল । মহকুমাধিপতিগৰাকীৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল যদিও, পৰৱৰ্তীকালত এই গছপুলিবোৰ তদাৰকৰ বাবে সঠিক পৰিকল্পনাৰ অভাৱত ২০২৩ চনৰ 'শ্যামলী কলিয়াবৰ' বাস্তৱিকতে ফ্লপ শ্ব' লৈ পৰিৱৰ্তন হ'ল ।

কিয়নো কলিয়াবৰ মহকুমা প্ৰশাসনৰ ১৫ মিনিটত একলাখ কাঞ্চন পুলি ৰুই কলিয়াবৰক 'কাঞ্চন নগৰী' ৰূপে অভিলেখ গঢ়িব বিচৰা অভিলাসী আঁচনিৰ কাঞ্চনৰ জীৱিত গছৰ সংখ্যা আঙুলিৰ মূৰত গণনা কৰিব পাৰি । সেইদিনা কুঁৱৰীটোল গান্ধী পথাৰৰ পৰা জয়ন্তীপুৰ-পূৱথৰীয়া-বৰভকতি-মিৰিভেটি হৈ হাতীমূৰালৈ এই দীঘলীয়া পথছোৱাত ৰোপণ কৰা এক লাখ কাঞ্চন পুলিৰ পৰৱৰ্তী সময়ত সঠিক লালন-পালন নোহোৱাত সিংহভাগ কাঞ্চন পুলিৰ অৱশিষ্ট বিচাৰি পাবলৈ নাই ।
যি কেইজোপা এতিয়া গছলৈ ৰূপান্তৰিত হৈছে, তাৰো বেছিভাগ সেই গাঁওসমূৰ বাসিন্দাসকলৰ পদুলিৰ মুখত থকা কিছু কাঞ্চন পুলি ব্যক্তিগত আপদালৰ জৰিয়তে যোৱা সময়ছোৱাত গছলৈ ৰূপান্তৰিত হৈছে । আন কিছু পুলি হাবি-জংঘল, গৰু-ছাগলীৰ লগত যুঁজি জীয়াই আছে । এই সন্দৰ্ভত তদানীন্তন কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ উত্তৰসূৰী মহকুমাধিপতি আৰু বৰ্তমানৰ কলিয়াবৰ সমজিলা আয়ক্তলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ'ল ।
এই ক্ষেত্ৰত মহকুমা প্ৰশাসনে সেই গাঁওসমূহৰ গাঁও পঞ্চায়তকে এই গছপুলিসমূহৰ তদাৰকৰ দায়িত্ব দিব পাৰিলেহেঁতেন । আনহাতে, সকলোতে প্ৰশাসনেও স্থানীয় গ্ৰামপ্ৰধানসকলকো এই দায়িত্ব ন্যস্ত কৰিব পাৰিলেহেঁতেন । কিন্তু তাকে নকৰি পাছৰ বছৰসমূহত একেদৰেই গছপুলি ৰোপণ কাৰ্যসূচীৰে প্ৰশাসনে বিশ্ব পৰিৱেশ দিৱস পালন কৰি থাকিল । এইবেলিও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী-বেচৰকাৰীভাৱে পালন কৰিব, গছপুলি ৰোপণ কৰিব । কিন্তু 'শ্যামলী কলিয়াবৰ'লৈ কাৰো মনত নপৰিবও নিশ্চয় ।

এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰসংগ আৰু প্ৰকৃতি তথা পৃথিৱীৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ সম্পাদক, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাই কয়,"২০২৬ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল প্ৰাসঙ্গিক বিষয় হ'ল জলবায়ু আৰু সুস্বাস্থ্যৰ বাবে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লোৱা হওক । প্ৰকৃতিয়ে কোনো আন্দোলনো নকৰে, কোনো ভাবুকিও নিদিয়ে আৰু কোনো আলোচনাও নকৰে ।"
তেওঁ কয়,"কিন্তু গ্ৰহটোত আহি পৰা যিবিলাক অসুবিধা তাৰ সংকেত দিয়ে । সংকেতবিলাক আমি পাইছোঁ, যেনে সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে, সঘনে বনজুইৰ ঘটনা ঘটিছে, খৰাং পীড়িত অঞ্চলৰ অৱস্থা আমি দেখিছোঁ । ডুবাইৰ নিচিনা মৰুভূমি অঞ্চলতো বান হৈছে । কিন্তু এই সংকেতবোৰ লৈ আমি প্ৰতি বছৰে আমি প্ৰকৃতি ৰক্ষাৰ পণ লওঁ । কিন্তু কিমান ফলৱতী হয় আৰু আমাৰ পণ ক'ত থাকেগৈ চাবলগীয়াও আছে ।"
এই পণ যে বিশেষ ফলৱৰ্তী নহয়, তাৰ উদাহৰণ দাঙি ধৰি শৰ্মাই কয়,"কলিয়াবৰ যে ২০২৩ চনত তেতিয়াৰ মহকুমাধিপতিগৰাকীয়ে এক আশাশুধীয়া আঁচনি লৈছিল 'শ্যামলী কলিয়াবৰ' বুলি । এই আঁচনিৰ জৰিয়তে ২০২৩ চনৰ পাঁচ জুনৰ দিনা সমগ্ৰ কলিয়াবৰতে একলাখ কাঞ্চন পুলি মাত্ৰ পোন্ধৰ মিনিটতে ৰুই, কলিয়াবৰ কাঞ্চনময় কৰিব, এনেকুৱা এক আশাশুধীয়া ভাল কাৰ্যসূচী হাতত লৈছিল । কলিয়াবৰৰ বিভিন্ন ঠাইত আমি এই গছপুলি ৰোপণ কৰা আমি দেখিছিলোঁ । কিন্তু অব্যৱস্থাৰ ফলত সেই পুলিসমূহৰ সিংহভাগেই নাই ।"

শৰ্মাই কয়,"যদিও ক'ৰবাত আছে, কিবাকৈ লতাই মেৰ খাই, গৰুৱে পাব নোৱাৰা অৱস্থাত জীয়াই আছে । আন কিছু পুলি কাৰোবাৰ পদুলিত গৃহস্থৰ দয়াত বাচি আছে । কিন্তু এই চৰকাৰী কাৰ্যসূচীসমূহ অসমত অতিকৈ সফল হ'ব পাৰে । কিয়নো মৌচুমী বায়ুৰ প্ৰভাৱত সময়ত গছপুলি ৰোপণ কৰিলেই হৈ যায় । চৰকাৰৰ বহু সুবিধাও আছে । আমি দেখিছোঁ, পঞ্চায়তৰ অধীনত এমএনৰেগা আঁচনিবোৰ চলি থাকে, এই আঁচনিৰ জৰিয়তে এইবোৰ তদাৰক কৰিব পাৰে । আমি আহ্বান জনাইছোঁ, ৰোপণ কৰিলেই নহয়, প্ৰতিপাল কৰাটোহে ডাঙৰ কথা । পোন্ধৰ মিনিটত লাখ পুলি ৰুই দিব পাৰি । কিন্তু তাৰ পিছত যদি পোন্ধৰ দিনতো পৰিচৰ্যা নাথাকে, তেতিয়া হ'লে তেনে কাৰ্যসূচী নোলোৱাই ভাল ।"
পৰিৱেশ দিৱসত ৰোৱা গছপুলিৰ সুৰক্ষা আৰু প্ৰতিপালনৰ বিষয়ে সমাজকৰ্মী পৰেশনাথ ভূঞাই কয়,"পৰিৱেশ দিৱসত কেৱল গছপুলি ৰোপণ কৰিলেই নহ'ব, ইয়াৰ প্ৰতিপালো কৰিব লাগিব । আমি যদি ৰুই থোৱা পুলিটোৰ প্ৰতিপাল তথা সুৰক্ষাৰ কথা চিন্তা কৰোঁ, তেতিয়া পৃথিৱীৰ পৰিৱেশো সুন্দৰ হ'ব । প্ৰকৃতি যিমান সুন্দৰ হ'ব পৃথিৱীত থকা মানুহকে ধৰি আন জীৱ-জন্তুও সুন্দৰভাৱে জীয়াই থাকিব পাৰিব ।"
আনহাতে, এই প্ৰয়োজনীয় প্ৰতিপালৰ এক সুন্দৰ উদাহৰণ বিষয়ে ভূঞাই কয়,"২০১৭ চনৰ বন মহোৎসৱৰ সময়ত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত কলিয়াবৰ তিনিআলিৰ পৰা বোকাখাটলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোৱা সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ পুলিবোৰৰ সিংহভাগ সঠিক প্ৰতিপালন ফলত এতিয়া গছ হৈ ভিন্নৰঙী ফুলেৰে পৰিৱেশ ৰঙীন কৰি তোলাৰ লগতে যাত্ৰীক ছাঁৰে শীতলতাৰ অনুভৱ কৰাইছে ।"

তদুপৰি, ভূঞাই কয়,"হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈও বিভিন্ন সময়ত গছপুলি ৰোপণ কৰা হৈছিল । কিন্তু সেইবোৰক যে সঠিক নিৰাপত্তা দিব পাৰিলে, সি সন্দেহৰ বিষয় । গছ-গছনি যেতিয়া থাকিব, জীৱ-জন্তয়েও জনাঞ্চললৈ নহাকে প্ৰাকৃতিক পৰিৱেশত শান্তিৰে থাকিব । সেয়ে, পাহাৰৰ দাঁতিকাষৰীয়া ঠাইসমূহত গছপুলি ৰোপণ কৰিলে, তাতেই যদি পৰ্যাপ্ত পৰিমাণৰ খাদ্য থাকে, বনৰীয়া হাতীসমূহো খাদ্যৰ সন্ধানত জনাঞ্চললৈ নহাকৈ থাকিব । জনসাধাৰণো শান্তিত থাকিব পাৰিব, বন বিভাগৰো কষ্ট কমিব । সেয়ে পাহাৰৰ আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পৰ্যাপ্ত পৰিমাণে গছপুলি ৰোপণৰ পোষকতা কৰোঁ ।"

