নাগালেণ্ডে আগতীয়া জাননী নিদিয়াৰ ফলত মানুহ মৰিল: পদ্মশ্ৰী যাদৱ পায়েং
উজনিৰ প্ৰলয়ংকাৰী বানৰ কাৰক কি ? নাগালেণ্ডে কিয় নিদিলে পানী অহাৰ আগতীয়া জাননী ? পদ্মশ্ৰী যাদৱ পায়েঙৰ প্ৰশ্ন...

Published : August 13, 2026 at 7:55 PM IST
|Updated : August 13, 2026 at 8:40 PM IST
যোৰহাট: "নাগালেণ্ডত কয়লা আৰু শিলখননৰ বাবে উজনিৰ তিনি জিলাত প্ৰলংকাৰী বান হৈছে, এইয়া ৰাইজে কৈছে । কয়লাখনন আৰু শিলখননৰ বাবে নাগালেণ্ডৰ পাহাৰবোৰ সুৰংগ হৈ গ'ল, ফলত তাৰ পানীবোৰ ভৈয়ামলৈ নামি আহিল । পৰিণতিত নেপালী খুঁটিৰ লগতে অন্য স্থানত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ল ।"-উজনি অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙে এই মন্তব্য কৰে ।
উল্লেখ্য যে, উজনি অসমৰ চাৰিখনকৈ জিলাত বানে যি সংহাৰী ৰূপ ধাৰণ কৰিলে, তাৰ প্ৰভাৱ বৰ্তমানো অন্ত পৰা নাই । বানাক্ৰান্তসকলক পাৰ্যমানে সকলোৱে সহায় কৰিছে । পদ্মশ্ৰী যাদৱ পায়েঙেও সাধ্যানুসৰি বন্যাৰ্তলৈ সাহায্য আগবঢ়াইছে । ইফালে এই বানৰ কাৰক হিচাপে বিভিন্নজনে নাগালেণ্ডত হোৱা কয়লাখনন বুলিয়েই অভিহিত কৰিছে ।
এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ ইটিভি ভাৰতৰ সাংবাদিক প্ৰকৃতিপ্ৰেমী অৰণ্য মানৱ যাদৱ পায়েঙৰ কাষ চাপিছিল । আন বহুজনৰ দৰেই প্ৰকৃতিপ্ৰেমীগৰাকীয়েও সংহাৰী বানৰ কাৰক নাগালেণ্ডত চলি থকা শিলখনন, কয়লাখনন বুলিয়েই অভিহিত কৰে ।
সাংবাদিকৰ আগত তেওঁ কয়, "যিটো পানী পৰ্বত , পাহাৰৰ দৰে ওখকৈ আহিছে । এই পানীটোৱে নৈ বিচাৰি যোৱা নাই, চিধাকৈ নামি আহিছে । নাগালেণ্ড প্ৰশাসনে পাহাৰৰ পৰা পানী ওলাই যোৱা পিছতহে কৈছে, ফলত মানুহ সাজু হ'বলৈ নাপালে । কিয় আগতীয়াকৈ এই জাননী নাগালেণ্ড প্ৰশাসনে নিদিলে ? আগতীয়াকৈ জাননী নিদিয়াৰ ফলত উজনিত ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে মানুহ মৰিল ।"
বান-খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ পোষকতা কৰি পদ্মশ্ৰী পায়েঙে কয়, "বান আৰু খহনীয়া সমস্যাটো ৰাজ্য চৰকাৰৰ হাতত থাকিব নালাগে । ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকিব লাগে । তেতিয়া সমস্যাটো সমাধান হ'ব । এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰক ।"
তেওঁ পুনৰ কয়, "কাৰণ সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে । বান আৰু খহনীয়াটো আমি ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিচাৰিছোঁ আৰু আমাক সমাধান কৰি দিব লাগে । আমি সোণোৱালক এখন স্মাৰক পত্ৰ দিব লাগে । কেঁচুৱাই কান্দিলেহে পায় ।"
আনহাতে কাজিৰঙা Eco Sensitive Zone ৰ এলেকা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰ কৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা সন্দৰ্ভত অৰণ্য মানৱ যাদৱ পায়েঙে কয়, "কম ব্যৱধান কৰিলে হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি পাব । এক কিলোমিটাৰ ব্যৱধানত জীৱ-জন্তুবোৰ কেনেদৰে পাৰ হ'ব ? কাৰণ বান সুধি সুধি নাহে । ১ কিলোমিটাৰ কৰিলে জীৱ-জন্তুলৈ বিপদ অহাৰ লগতে মানুহলৈ বিপদ আহিব । দ'-কৈ ভাবি, চিন্তা-চৰ্চাৰ মাজেৰে কিছুমান সিদ্ধান্ত লোৱাটো দৰকাৰ ।"
তেওঁ কয়, "বেছিকৈ যদি বান হয়, তেতিয়া ১০ কিলোমিটাৰ ভিতৰতে জীৱ-জন্তুৰ পাৰ হ'বলৈ অসুবিধা হয় । যদি এক কিলোমিটাৰ কৰা হয় তেতিয়া জীৱ-জন্তু মৰিব । সেয়েহে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰা প্ৰস্তাৱটো পুনৰ বিবেচনা কৰিব লাগে আৰু বন্যপ্ৰাণী কাৰণে দীৰ্ঘ ম্যাদী আঁচনিহে গ্ৰহণ কৰিব লাগে ।"

