ETV Bharat / state

গাৰ্হস্থ্য, শিক্ষা, স্বাস্থ্য়, আৰ্থিক ক্ষেত্ৰত আপোনাৰ কেনে যাব এই সপ্তাহটো... জানিবলৈ পঢ়ক সপ্তাহটোৰ ৰাশিফল

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানি লওক সপ্তাহটোৰ (১-৭মাৰ্চ, ২০২৬) ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল…

WEEKLY HOROSCOPE
সপ্তাহটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 1, 2026 at 6:51 AM IST

10 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : এই সপ্তাহটো মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে শুভ হ’ব ৷ স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত ৷ আপোনাৰ খাদ্যাভ্যাসে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ আৰ্থিক বিষয়ৰ কথা ক’বলৈ গ’লে, আপোনাৰ আৰ্থিক স্থিতি মিশ্ৰিত হ’ব ৷ আপোনাৰ ব্যয় বাঢ়িব, কিন্তু আপোনাৰ আয়ো বাঢ়িব পাৰে, যি আপোনাক সুখী কৰি ৰাখিব ৷ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ কথা ক’বলৈ গ’লে, আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত উত্থান-পতনৰ সন্মুখীন হ’ব পাৰে ৷ অংশীদাৰৰ সৈতে কৰা ব্যৱসায়ে লাভ কঢ়িয়াই আনিব পাৰে ৷ চাকৰি কৰি থকাসকলে আজি পদোন্নতি পাব পাৰে, যি তেওঁলোকক অতি সুখী কৰিব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত পৰিস্থিতি কিছু চাপপূৰ্ণ হ’ব ৷ কোনো কথাত প্ৰেমাস্পদৰ সৈতে আপোনাৰ মতানৈক্য হ’ব পাৰে ৷ বৈবাহিক সম্পৰ্ক ভাল নহ’ব ৷ এই সপ্তাহটো পঢ়া-শুনাৰ বাবে ভাল হ’ব ৷ আপুনি পঢ়া-শুনাত মনোনিৱেশ কৰি থাকিব ৷
  2. বৃষ ৰাশি : বৃষ ৰাশিৰ লোকসকলৰ বাবে সপ্তাহটো শুভ হ'ব ৷ স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, আপুনি স্বাস্থ্যজনিত সমস্যাত ভূগিব পাৰে, নিয়মিত ব্যায়াম কৰক আৰু নিজৰ ৰুটিন চেকআপ কৰাওক ৷ সপ্তাহৰ আৰম্ভণিতে আৰ্থিক স্থিতি বেয়া হ'ব, কিন্তু আগতে কৰা বিনিয়োগৰ পৰা আপুনি লাভাৰ্জন কৰিব পাৰে ৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত নিজৰ উৰ্ধতন বিষয়াৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিব পাৰে ৷ যদি ব্যৱসায়ীসকলে কঠিন পৰিশ্ৰম কৰি নিজৰ ব্যৱসায় আগবঢ়াই লৈ যায়, তেন্তে তেওঁলোকে সাফল্য লাভ কৰিব পাৰে ৷ প্ৰেম সম্পৰ্কৰ বাবে সময় শুভ হ'ব, আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ'ব ৷ দাম্পত্য সম্পৰ্ক ভাল হ'ব, আপুনি আপোনাৰ জীৱন সংগীক উপহাৰ দিব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে সময় অতি শুভ হ'ব, আপুনি পঢ়া-শুনাত অতি ব্যস্ত হৈ থাকিব ৷
  3. মিথুন ৰাশি : এই সপ্তাহটো মিথুন ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে কিছু অসুবিধাজনক হ’ব পাৰে ৷ আপোনাৰ স্বাস্থ্যৰ বাবে সপ্তাহটো অলপ কঠিন হ’ব, আপুনি নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ কঠিন পৰিশ্ৰম কৰা উচিত ৷ আৰ্থিক স্থিতিৰ কথা ক’বলৈ গ’লে, নিজৰ আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো ভাল হ’ব ৷ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আগবঢ়াই নিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব ৷ চাকৰিয়াল লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত বহুখিনি অগ্ৰগতি লাভ কৰিব পাৰিব ৷ পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কৰ কথা ক’বলৈ গ’লে, পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো কথাত আপোনাৰ কাজিয়া হ’ব পাৰে ৷ জীৱনসংগীৰ সৈতে বৈবাহিক সম্পৰ্কত তিক্ততা থাকিব পাৰে ৷ এই সময়খিনি শিক্ষাৰ্থীসকলৰ বাবে কিছু অসুবিধাজনক হ’ব, আপোনাৰ মন পঢ়া-শুনাৰ পৰা বিচলিত হ’ব পাৰে ৷
  4. কর্কট ৰাশি : এই সপ্তাহটো কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে শুভ হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত, আপুনি অলপ দুৰ্বল অনুভৱ কৰিব পাৰে ৷ দৈনন্দিন ৰুটিনলৈ পৰিৱৰ্তন আনি নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক ৷ আৰ্থিক ক্ষেত্ৰত, সপ্তাহটো ভাল হ’ব ৷ আপোনাৰ ধনৰ কোনো অভাৱ নহ’ব ৷ ব্যৱসায়ীসকলৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্ক দুৰ্বল হ’ব, যি তেওঁলোকৰ ব্যৱসায়ত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে ৷ চাকৰি কৰি থকাসকলে কৰ্মক্ষেত্ৰত নিজৰ পদমৰ্যাদা বজাই ৰাখিব ৷ প্ৰেম সম্পৰ্ক মধুৰ হ’ব ৷ আপোনাক সংগীৰ সৈতে অতি ৰোমান্টিক হোৱা দেখা যাব ৷ বৈবাহিক সম্পৰ্ক ভালে থাকিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ শিক্ষাৰ্থীসকলে অতি সুন্দৰ সময় পাৰ কৰিব ৷ আপুনি পঢ়া-শুনাৰ লগতে বিভিন্ন কাৰ্যকলাপত মনোনিৱেশ কৰিব ৷
  5. সিংহ ৰাশি : এই সপ্তাহটো সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে শুভ হ’ব ৷ স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, আপোনাৰ স্বাস্থ্য ঠিকেই থাকিব, কিন্তু বতৰৰ পৰিৱৰ্তনৰ ফলত কিছু স্বাস্থ্যজনিত সমস্যা সৃষ্টি হ’ব পাৰে ৷ আপোনাৰ আৰ্থিক স্থিতিও ভালে থাকিব ৷ কোনো ধৰণৰ বিপদৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰক ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা স্পষ্টভাৱে দৃশ্যমান হ’ব ৷ চাকৰিয়ালসকলে কাৰ্যালয়ত নিষ্ঠা সহকাৰে কাম কৰিব ৷ প্ৰেম সম্পৰ্কৰ কথা ক’বলৈ গ’লে, আপুনি প্ৰেমাস্পদৰ সৈতে আপোনাৰ সম্পৰ্কটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব ৷ আপোনালোকৰ দাম্পত্য সম্পৰ্কত প্ৰেম বিৰাজ কৰিব ৷ এই সপ্তাহটো পঢ়া-শুনাৰ বাবে যথেষ্ট দুৰ্বল হ’ব ৷ আপুনি পঢ়া-শুনাতকৈ অযথা কামতহে বেছি মনোনিৱেশ কৰিব ৷
  6. কন্যা ৰাশি : এই সপ্তাহটো কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে উত্থান-পতনপূৰ্ণ হ’ব ৷ স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, আপুনি নিজৰ খোৱা-বোৱাৰ যত্ন ল’ব লাগিব, ৰক্তচাপৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব ৷ আৰ্থিক স্থিতিৰ কথা ক’বলৈ গ’লে, আপোনাৰ আৰ্থিক স্থিতি স্বাভাৱিক হৈ থাকিব ৷ পুৰণি বিনিয়োগৰ পৰা আপুনি লাভ অৰ্জন কৰিব পাৰিব ৷ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব আৰু সফলো হ’ব পাৰিব ৷ চৰকাৰী চাকৰি কৰি থকা লোকসকলে চৰকাৰৰ পৰা কিছু ডাঙৰ সুবিধা লাভ কৰিব পাৰিব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপুনি সতৰ্ক হ’ব লাগিব, আপুনি নিজৰ সম্পৰ্কত সময় দিবলৈ চেষ্টা কৰা উচিত ৷ দাম্পত্য সম্পৰ্ক ভাল হৈ থাকিব ৷ আপুনি নিজৰ কথা-বতৰা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক ৷ শিক্ষাৰ্থীসকলৰ বাবে সময় শুভ হ'ব, তেওঁলোকে পঢ়া-শুনাত যথেষ্ট গুৰুত্ব দিব ৷
  7. তুলা ৰাশি : এই সপ্তাহটো তুলা ৰাশিৰ লোকসকলৰ বাবে অনুকূল হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত, আপুনি নিজৰ খাদ্যাভ্যাসৰ প্ৰতি ভালদৰে গুৰুত্ব দিব লাগিব, কিয়নো ইয়াৰ ফলত স্বাস্থ্যজনিত সমস্যা সৃষ্টি হ’ব পাৰে ৷ আপোনাৰ আৰ্থিক স্থিতি অতি উত্তম হ’ব, যি আপোনাক অত্যন্ত সন্তুষ্ট কৰি তুলিব ৷ ব্যৱসায়ীসকলে এই সপ্তাহটো অত্যন্ত অনুকূল যেন অনুভৱ কৰিব ৷ আপুনি অন্য স্থানতো নিজৰ ব্যৱসায় খুলিব পাৰে, যাৰ ফলত আপোনাৰ লাভ হ’ব ৷ চাকৰিয়ালসকলৰ বাবে সপ্তাহটো অনুকূল হ’ব ৷ কৰ্মক্ষেত্ৰৰ পৰিস্থিতি অনুকূল হ’ব ৷ আপোনালোকৰ ৰোমান্টিক সম্পৰ্ক সুদৃঢ় হৈ থাকিব ৷ আপুনি আপোনাৰ সংগীৰ আগত নিজৰ অনুভূতিসমূহ প্ৰকাশ কৰিব পাৰিব ৷ দাম্পত্য সম্পৰ্ক কিছু উদ্বেগপূৰ্ণ হ’ব আৰু জীৱনসংগীৰ সৈতে আপোনাৰ মতানৈক্য হ’ব পাৰে ৷ সুশৃংখলভাৱে পঢ়া-শুনা কৰিলে শিক্ষাৰ্থীসকল উপকৃত হ’ব ৷ যদি আপুনি কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে, তেন্তে সাফল্য লাভ কৰিব পাৰে ৷
  8. বৃশ্চিক ৰাশি : এই সপ্তাহটো বৃশ্চিক ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে শুভ হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সতৰ্ক হোৱা উচিত ৷ বতৰৰ পৰিৱৰ্তনৰ ফলত আপুনি কাহ, পানীলগা, জ্বৰ আদিত ভূগিব পাৰে ৷ নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ চেষ্টা কৰক আৰু অযথা ব্যয় কৰাৰ পৰা বিৰত থাকক ৷ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত, চাকৰিয়াল লোকসকলে নিজৰ কামৰ ক্ষেত্ৰত অতি চিন্তাশীল হোৱা উচিত ৷ আপুনি নতুন পৰিকল্পনা সফল কৰাৰ সুযোগ পাব পাৰে ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপুনি সতৰ্ক হোৱাৰ প্ৰয়োজন আছে ৷ আপোনাৰ সংগীৰ কোনো কথাত আপুনি বেয়া পাব পাৰে ৷ দাম্পত্য সম্পৰ্ক ভাল হৈ থাকিব ৷ আপোনাৰ জীৱনসংগীয়ে আপোনাক উপহাৰ দিব পাৰে ৷ শিক্ষাৰ্থীসকলে অতি সুন্দৰ সময় অতিবাহিত কৰিব ৷ আপুনি পঢ়া-শুনাত মনোনিৱেশ কৰিব আৰু আনকি প্ৰতিযোগিতাত সাফল্যও অৰ্জন কৰিব পাৰে ৷
  9. ধনু ৰাশি : এই সপ্তাহটো ধনু ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে শুভ হ’ব ৷ বিষম বা অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ ধ্যান আৰু যোগাসনে সকাহ দিব ৷ আৰ্থিক স্থিতিৰ সন্দৰ্ভত, আপোনাৰ আয় অধিক হ’ব, কিন্তু ব্যয় ততোধিক হ’ব ৷ ব্যৱসায়ীসকল বিশেষভাৱে সৌভাগ্যশালী হ’ব; তেওঁলোকে এটা ডাঙৰ প্ৰকল্প লাভ কৰিব পাৰে ৷ চাকৰিয়াল লোকসকলৰ বাবেও সময়খিনি অনুকূল হ’ব আৰু আপুনি নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব পাৰিব ৷ প্ৰেম সম্পৰ্ক সুদৃঢ় হৈ থাকিব ৷ আপুনি নিজৰ সংগীৰ প্ৰতি অধিক আকৰ্ষিত হ’ব ৷ আপুনি নিজৰ জীৱনসংগীৰ অহংভাৱৰ ফলত দাম্পত্য সম্পৰ্কত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷ শিক্ষাৰ্থীসকল সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ এই সপ্তাহটো পঢ়া-শুনাৰ বাবে ভাল হ’ব ৷ আপোনাৰ বুদ্ধি তীক্ষ্ণ হ’ব আৰু আপুনি প্ৰতিটো ক্ষেত্ৰতে উজ্জ্বলি উঠিব ৷
  10. মকৰ ৰাশি : এই সপ্তাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে শুভ হ’ব ৷ স্বাস্থ্যৰ সন্দৰ্ভত, আপুনি নিজৰ স্বাস্থ্য সম্পৰ্কে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওক ৷ নিয়মিত ব্যায়াম কৰিলেও উপকাৰ হ’ব ৷ আপুনি নিজৰ আৰ্থিক স্থিতি সন্দৰ্ভত অতি সুখী হ’ব ৷ আপুনি যথেষ্ট লাভ অৰ্জন কৰিব পাৰে আৰু আপোনাৰ ব্যয় হ্ৰাস পাব ৷ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত, চাকৰিয়াল লোকসকলে চাকৰি সলনি কৰাৰ কথা বিবেচনা কৰিব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি অতি উত্তম হ’ব; তেওঁলোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে ৷ এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে অতি শুভ হ’ব; তেওঁলোকে পঢ়া-শুনাত মনোযোগ দিব ৷ তীক্ষ্ণ বুদ্ধিমত্তাৰ ফলস্বৰূপে প্ৰতিটো ক্ষেত্ৰৰে প্ৰতিযোগিতাসমূহত তেওঁলোক সফল হ’ব পাৰিব ৷
  11. কুম্ভ ৰাশি : এই সপ্তাহটো কুম্ভ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে শুভ হ’ব ৷ সপ্তাহৰ আৰম্ভণিতে আপোনাৰ স্বাস্থ্য ভালে থাকিব, কিন্তু দাঁতৰ বিষে আপোনাক কিছু সময়ৰ বাবে আমনি কৰিব পাৰে ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হৈ থাকিব আৰু কোনো আৰ্থিক সংকটো নাহিব ৷ আপুনি নিজৰ ঘৰৰ বাবে বস্তু ক্ৰয় কৰিবলৈও ধন ব্যয় কৰিব পাৰে ৷ আপোনাৰ ব্যৱসায় যথেষ্ট বৃদ্ধি হ’ব পাৰে ৷ ব্যৱসায়ীসকলেও নতুন ব্যৱসায় আৰম্ভ কৰিলে যথেষ্ট লাভান্বিত হ’ব ৷ চাকৰি কৰি থকাসকলৰ বাবে সময় ভাল হ’ব, কিন্তু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানজনক হ’ব ৷ সংগীৰ সৈতে আপোনাৰ বিবাদ হ’ব পাৰে ৷ কথা-বতৰা পাতোঁতে নিজৰ কথা নিয়ন্ত্ৰণ কৰক ৷ দাম্পত্য সম্পৰ্ক ভাল হ’ব ৷ আপোনাৰ জীৱনসংগীয়ে আপোনাক উপহাৰ দিব পাৰে ৷ শিক্ষাৰ্থীসকল পঢ়া-শুনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷
  12. মীন ৰাশি : এই সপ্তাহটো মীন ৰাশিৰ জাতক/জাতিসকাসকলৰ বাবে শুভ হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত, স্বাস্থ্য সম্পৰ্কীয় যিকোনো বিষয় আওকাণ কৰাৰ পৰা বিৰত থকা উচিত ৷ ব্যয় অধিক হ’ব পাৰে, গতিকে ব্যয় নিয়ন্ত্ৰণ কৰি আয় বৃদ্ধি কৰিবলৈ চেষ্টা কৰক ৷ ব্যৱসায়ীসকলে বহুত ভাল কাম কৰিব ৷ চাকৰিয়ালসকলে দক্ষতাৰ ভিত্তিত নিজৰ কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰে ৷ প্ৰেম সম্পৰ্কৰ বাবে এই সময়খিনি অতি উত্তম হ'ব ৷ আপোনালোকৰ প্ৰেম বিবাহ হ’ব পাৰে ৷ দাম্পত্য সম্পৰ্ক ভালে থাকিব, কিন্তু নিজৰ কথা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক ৷ আপুনি পঢ়া-শুনাৰ ক্ষেত্ৰত সন্তুষ্ট হ’ব আৰু প্ৰতিযোগিতাত সফল হ’ব পাৰে ৷