অগপৰ লগত আমাৰ কোনো আপত্তি নাই: মিত্ৰতা অক্ষুণ্ণ ৰখা সন্দৰ্ভত ক'লে মুখ্য়মন্ত্ৰীয়ে
বোকাখাত পুনৰ অতুল বৰাকেই এৰি দিয়াৰ ইংগিত মুখ্য়মন্ত্ৰীৰ । খচৰা ভোটাৰ তালিকা সন্দৰ্ভত ক'লে মুখ্য়মন্ত্ৰী ।

Published : January 7, 2026 at 9:31 AM IST
গোলাঘাট : অগপৰ লগত বিজেপিৰ মিত্ৰতা সন্দৰ্ভত বিগত কেইবাদিন ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে তীৰ্যক মন্তব্য় কৰাত এইবাৰ পৰোক্ষভাৱে কংগ্ৰেছক আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অগপৰ লগত মিত্ৰতা কৰিবলৈ বিজেপিৰ আপত্তি নাই বুলি স্পষ্ট কৰিলে মুখ্য়মন্ত্ৰীয়ে ।
আঞ্চলিক দলটোৰ লগত বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মুখ্য়মন্ত্ৰীৰ স্পষ্ট কথা, "অগপৰ লগত আমাৰ কোনো আপত্তি নাই । গতিকে তাৰবাবে দুখন মিটিং পাতি সাংবাদিকসকলক মাতি তেনেকৈ নালাগে । অতুল বৰাৰ লগত কথা পাতি থকাসকলে পাতি আছে । যেতিয়া সকলোৰে কথা পাতি শেষ হ'ব তেতিয়া মই পাতি লম ।"
এইদৰে মন্তব্য় কৰি বোকাখাত পুনৰ অতুল বৰাকেই সমষ্টিটো এৰি দিব বুলি মুখ্য়মন্ত্ৰীয়ে ইংগিত দি কয়, "বোকাখাত পুনৰ অতুল বৰাকেই আমি বিচাৰিছো । কাৰণ বোকাখাত এতিয়া অসমৰ নাভিকেন্দ্ৰ হ'বলৈ গৈ আছে ।"
মূল ভোটাৰ তালিকাত এই ভুল নাথাকে :
ভোটাৰ তালিকাত বিসংগতি সন্দৰ্ভত বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰাত সাংবাদিকে এই বিষয়ত প্ৰতিক্ৰিয়া জানিব বিচৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "বৰ্তমান প্ৰকাশ পোৱা ভোটাৰ তালিকাখন খচৰা তালিকা । গতিকে খচৰা তালিকাত ভুল অলপ থাকে, তাৰবাবে বিষয়াসকলক দোষ দি লাভ নাই । তেওঁলোকক ঠিক কৰিবলৈ এটা সুযোগ দিব লাগে আৰু মূল ভোটাৰ তালিকাত এই ভুল নাথাকে বুলি মোৰ বিশ্বাস ।"
অখিল গগৈ মনোৰঞ্জনৰ আহিলা :
ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ভোটাৰ তালিকাত ভোটাৰৰ নাম কৰ্তন আৰু অন্তৰ্ভুক্তি সন্দৰ্ভত ৰাজ্য়িক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভতো মুখ্য়মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
বিধায়কগৰাকীক কটাক্ষ কৰি মুখ্য়মন্ত্ৰীয়ে কয়, "অখিল গগৈৰ ফেচবুক লাইভ চাই মোৰ ভাল লাগে আৰু তেওঁ সেইটো আমাক মনোৰঞ্জন দিবলৈ কৰে । অখিল গগৈৰ ফেচবুক লাইভ মই সদায় চাওঁ । তেওঁ কোনো গুৰুত্বপূৰ্ণ কথাৰ বাবে ফেচবুক লাইভ নিদিয়ে, সেইটো তেওঁ মানুহক মনোৰঞ্জনৰ বাবে দিয়ে । যদি আপোনাৰ মন বেয়া লাগি আছে, তেনেহ'লে অখিল গগৈৰ ফেচবুক লাইভ চাব মনটো ভাল লাগি যাব । অখিল গগৈৰ কথা কোনেও গুৰুত্ব নিদিয়ে । অখিল গগৈ এজন ভাল মনোৰঞ্জনৰ আহিলা ।"
বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে :
বাংলাদেশত হিন্দু লোকক হত্যা কৰা সম্পৰ্কে মন্তব্য় কৰি মুখ্যমন্ত্ৰীয়ে কয়, "বাংলাদেশত যি হৈ আছে সেয়া আমাৰ বাবে চিন্তাৰ বিষয় হৈ আছে । তাত হিন্দু লোকৰ ওপৰত অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে, যাৰ প্ৰতিক্ৰিয়া অসমতো প্ৰভাৱ পেলাব পাৰে । তাৰবাবে আমি প্ৰতিটো পৰিস্থিতি নিৰীক্ষণ কৰিব লাগিব আৰু বাংলাদেশৰ হিন্দু সমাজক আমি সাহস দিব লাগিব । অসমত জেহাদী আছে তাৰ প্ৰমাণ বিগত দহ বছৰে আমি পাই আহিলো । বৰ্তমান কোনোবা কোনোবা শ্লিপাৰচেল লুকাই থাকিব পাৰে । গতিকে অসমৰ সুৰক্ষাৰ বিষয়টো এক চিন্তাৰ বিষয় হৈ থাকিব পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত ।"
বোকাখাতত ১৪২ কোটি টকাৰ আধাৰশিলা :
মঙলবাৰে বোকাখাত সমজিলাত ১৪২ কোটি টকাৰ আধাৰশিলা আৰু ২৭,১৬৬ গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণৰ পিচতেই মুখ্যমন্ত্ৰীই সাংবাদিকৰ আগত কয়, "আজি বোকাখাতত ২৭ হাজাৰক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিলো । অসমত ১৬ লাখ মহিলা এই আচঁনিৰ জৰিয়তে ইতিমধ্যে লাভাম্বিত হৈছে আৰু অনাগত ২০ দিনত আৰু ১৬ লাখ মহিলাক এই আচঁনিৰ ধন প্ৰদান কৰা হ'ব ।"

"আমাৰ গ্ৰাম্য অৰ্থনীতিৰ প্ৰয়োজনীয় বহু সামগ্ৰী আমি বহিৰৰ পৰা ক্ৰয় কৰো । কণী পশ্চিম বংগৰ পৰা, মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা, গুজৰাটৰ পৰা গাখীৰ আহে । গতিকে এই মহিলাসকলে যদি এখন সৰুকৈ ব্যৱসায় আৰম্ভ কৰি নিজৰ গাঁওখন স্বাৱলম্বী কৰে তেনেহ'লে অসমৰ অৰ্থনীতিত ৩২ হাজাৰ কোটি টকা সংযোগ হ'ব আৰু ই ৰাজ্যখনৰ অৰ্থনীতি ত্বৰাম্বিত কৰিব ।" এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।
বিগত বৰ্ষত ৮.৫০ লাখ টন ধান ক্ৰয় :
মুখ্য়মন্ত্ৰীয়ে কয়, "বিগত বৰ্ষত আমি ৮.৫০ লাখ টন ধান ক্ৰয় কৰিছো । তাৰ লগে লগে অসমত পৰ্যটকৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে । অসম ঔদ্যোগিকৰণৰ ধাৰা বৃদ্ধি পাইছে । অসমত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ সামগ্ৰী বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । ২০২০ চনৰ পৰা ২০২৫ চনলৈকে আমাৰ অৰ্থনীতি ৪৫ শতাংশলৈ বৃদ্ধি পাইছে আৰু আমি যদি এই ধাৰা অব্যাহত ৰাখিব পাৰো তেনেহ'লে আগন্তুক পাঁচ বছৰত ভাৰতবৰ্ষৰ ১০ নম্বৰ স্থানত আগুৱাই যাব পাৰিম ।"
অসমত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা বাবে এতিয়া ৰাজ্যত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব । নিবনুৱা যুৱক-যুৱতীয়ে ব্যৱসায় আৰম্ভ কৰিবলৈ সাহস কৰিব পৰা হৈছে বুলি মুখ্য়মন্ত্ৰীয়ে কয় ।

