ETV Bharat / state

সাম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু জলসম্পদ বিভাগ: মন্ত্রী সুশান্ত বৰগোহাঁই

নতুনকৈ জলসম্পদ বিভাগৰ দায়িত্ব লাভ কৰা সুশান্ত বৰগোঁহায়ে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি সাম্ভাৱ্য বান পৰিস্থিতিৰ বুজ লৈছে ।

MINISTER SUSHANTA BORGOHAIN
বান আৰু খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বুজ লৈছে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 6:42 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : "ৰঙানদীৰ বান পৰিস্থিতি বৰ্তমান ঠিকেই আছে । এইবাৰ ৰঙানদী, কপিলী বান্ধৰ পানী এৰি দিয়াৰ পাছত পূৰ্বৰ দৰে বান নহ'ল । জলসম্পদ বিভাগ বান পৰিস্থিতিৰ বাবে প্ৰতিটো স্তৰত সাজু হৈ আছে ।" এই মন্তব্য জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁইৰ । প্ৰথমবাৰৰ বাবে মন্ত্রিত্ব লাভ কৰা সুশান্ত বৰগোহাঁয়ে দায়িত্ব লাভৰ পাছতে বিশেষভাৱে তৎপৰ হৈ পৰিছে । সাম্ভাৱ্য বান পৰিস্থিতিৰ বুজ লৈছে ।

দেওবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয়, "ৰাজ্যত নতুনকৈ ৮৩০ কিলোমিটাৰ মথাউৰিৰ কাম ইতিমধ্যেই হৈ গ’ল । জিঅ' বেগ, জিঅ' টিউবৰ কাম বহু ঠাইত হ'ল । এতিয়া ব্ৰহ্মপুত্ৰৰ ১৩০ কিলোমিটাৰ মান মথাউৰি নিৰ্মাণ কৰিবলৈ আছে । আনহাতে ৩-৪ দশক পূৰ্বে নিৰ্মাণ কৰা বহু মথাউৰি পুনৰ নিৰ্মাণ কৰিবলৈ আছে । বাৰিষাৰ পাছতে এইসমূহ কাম আৰম্ভ হ'ব ।"

সাম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু জলসম্পদ বিভাগ : মন্ত্রী সুশান্ত বৰগোহাঁই (ETV Bharat)

জলসম্পদ মন্ত্ৰীগৰাকীয়ে লগতে কয়, "বিগত ৫ টা বছৰত মুখ্যমন্ত্রীয়ে বানমুক্ত অসমৰ পৰিকল্পনা কৰা কামৰ বাবে জলসম্পদ বিভাগে বহুকেইটা মথাউৰি নিৰ্মাণ কৰিলে । যাৰ বাবে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা নাই । খহনীয়া যথেষ্ট পৰিমাণে হয় । খহনীয়া হৈ থাকিলেও স্পৰ্শকাতৰ তথা জনবসতি অঞ্চলত ইয়াৰ ৰোধৰ বাবে কাম কৰা হৈছে ।"

MINISTER SUSHANTA BORGOHAIN
সুশান্ত বৰগোঁহায়ে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি সাম্ভাৱ্য বান পৰিস্থিতিৰ বুজ লৈছে (ETV Bharat)

বিভিন্ন অঞ্চল পৰিদৰ্শন কৰা সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয়, "আমাৰ অসমখন চাৰিওফালে পাহাৰ আৰু বাৰিষা নদীসমূহৰ পানী ভয়ংকৰ ৰূপত নামি আহে । যিটোৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে । আগতে নদীৰ গতিপথকলৈ কোনো অধ্যয়ন নাছিল । কিন্তু বিগত সময়ছোৱাত বহুকেইটা প্ৰতিষ্ঠানৰ যোগেদি এইক্ষেত্রত গৱেষণা কৰা হৈছে । গৱেষণাৰ ভিত্তিত কাম কৰা বাবে আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ । বৰ্তমান সময়ত ব্ৰহ্মপুত্রৰ ওপৰত ১৩০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিবলৈ আছে । পুৰণি মথাউৰি যথেষ্টখিনি নিৰ্মাণ কৰিবলগীয়া আছে । আমি চিনাক্তকৰণ কৰিছোঁ কোনবোৰ নিৰ্মাণ কৰিব লাগিব ।"

MINISTER SUSHANTA BORGOHAIN
বান আৰু খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বুজ লৈছে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে (ETV Bharat)

নীপকোৰ প্ৰসংগত মন্ত্রীগৰাকীয়ে কয়, "নীপকো হ'ল এটা শক্তি উৎপাদন কেন্দ্ৰ । যেতিয়া কেন্দ্ৰটোত পৰিমাণতকৈ বেছি পানী আহিলে পানী এৰি দিবলগীয়া হয় । পানী এৰাৰ পূৰ্বে তেওঁলোকে সতৰ্কবাণী দিয়ে । কেতিয়াবা ডাৱৰ বিস্ফোৰণ হ'লে পৰিস্থিতি বেয়া হয় । প্ৰকৃতিৰ লগত যুঁজাটো কঠিন । তথাপিও আমি চেষ্টা কৰো । যিকোনো বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ আমি সষ্টম হৈ আছো । আমি আমাৰ নামনি অংশৰ ব্যৱস্থা আগতকৈ উন্নত কৰিছোঁ ।"

লগতে পঢ়ক :

সম্ভাৱ্য বানৰ সৈতে মুখামুখি হ'বলৈ কিদৰে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান?