ETV Bharat / state

অন্তিম চাৰিমাহৰ বাবে ৬২,২৯৪.৭৮ কোটি টকাৰ লেখানুদান দাখিল বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী অজন্তা নেওগে মঙলবাৰে পূৰ্ণাংগ বাজেটৰ সলনি সদনত চাৰিমাহৰ বাবে উত্থাপন কৰে ২০২৬-২৭ বৰ্ষৰ লেখানুদান ।

ASSAM BUDGET SESSION
অসম বিধানসভাত অসম বাজেট (ব্যয়ৰ লেখানুদান ২০২৬-২৭) দাখিল কৰাৰ আগমুহূৰ্তত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 4:41 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মঙলবাৰে বিধানসভাত দাখিল কৰিলে চৰকাৰখনৰ কাৰ্যকালৰ অন্তিমখন বাজেট (লেখানুদান) । এইখন অসম চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ ব্যয়ৰ লেখানুদান ।

সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিন । মঙলবাৰে পূৰ্ণাংগ বাজেটৰ সলনি সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে চাৰিমাহৰ বাবে উত্থাপন কৰে ২০২৬-২৭ বৰ্ষৰ লেখানুদান ।

অসম চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহবোৰৰ বাবে ৬২,২৯৪.৭৮ কোটি টকাৰ অসম বাজেট (লেখানুদান) দাখিল কৰে । বিধানসভাত অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰি বিত্তমন্ত্রী অজন্তা নেওগে কয়, "২০২০-২১ত জনমূৰি আয় আছিল ৮৬,৯৪৭ টকা । ২০২৫-২৬ বৰ্ষত জনমূৰি আয় হৈছে ১,৮৫,৪২৯ টকা । পাঁচ বছৰত ৰাজ্যৰ জনমূৰি আয় ১১৩ শতাংশ বৃদ্ধি হৈছে । দেশৰ ভিতৰত দ্রুতগতিত বৃদ্ধি হৈছে জনমূৰি আয় । বিগত ৫ বছৰত দুগুণ হৈছে ৰাজ্যৰ জনমূৰি আয় । অসমে প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে । ২০২৮ চনৰ ভিতৰত অসম ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ পৰিণত হ'ব । ২০১৫-১৬ বর্ষৰ পৰা ৮ গুণ মূলধনী ব্যয় বৃদ্ধি, ২০১৯-২০ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ জি এছ ডি পিত ৪৫ শতাংশ বৃদ্ধি, ২০২৪-২৫ বর্ষত ৮৫ শতাংশ বাজেট ব্যৱহাৰ আদিৰে অসম দ্ৰুততম বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে । জনমুখী বাজেটেৰে এই বিকাশক ত্বৰান্বিত গতিৰ ধাৰাবাহিকতা প্রদান কৰিবলৈ আমি সংকল্পবদ্ধ ।"

বিত্তমন্ত্রীয়ে কয়, "বিশ্ব অর্থনীতি প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তে অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্রকাশ কৰিছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া মূল্যায়ন অনুসৰি অসম ভাৰতৰ ভিতৰতে দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে । স্থিৰ মূল্যৰ হিচাপত ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৪৫ শতাংশ বৃদ্ধি পায় । এই বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড় ২৯ শতাংশৰ তুলনাত যথেষ্ট বেছি । বৰ্তমানৰ মূল্য অনুসৰি আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জি এছ ডি পি) ২০২১-২২ বিত্তীয় বৰ্ষত ৪,১০,৭২৪ কোটিৰ পৰা ১৭ শতাংশতকৈ অধিক উৎসাহজনক বৃদ্ধিৰ হাৰ প্ৰতিফলিত কৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত ৭,৪৫,২৯৩ কোটিলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে ।"

তেওঁ লগতে কয়, "অসমৰ অৰ্থনৈতিক জৰীপে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১৬.৯৩ শতাংশ বৃদ্ধিৰ হাৰ প্ৰক্ষেপ কৰিছে আৰু ৰাজ্যিক ঘৰুৱা উৎপাদন ৮,৭১,৪৫১ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । এই বৃদ্ধিৰ গতিবেগ বৰ্তাই ৰাখি ২০৩০ চনৰ ভিতৰত ৰাজ্যখন দহ লাখ কোটি টকাৰ অর্থনীতিলৈ পৰিণত কৰাৰ বাবে দিয়া আমাৰ প্ৰতিশ্ৰুতিতকৈ বহু আগবাঢ়ি ২০২৮ চনৰ ভিতৰতে এই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা দেখা গৈছে ।"

বিত্তমন্ত্রীয়ে আৰু কয়, "আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত অসম মালাৰ অধীনত ৭৬৭ কিলোমিটাৰ পথ আৰু ৩৫৬ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে । ধ্বজাবাহী আঁচনিসমূহৰ অধীনত ৪,১৭৬ কিলোমিটাৰ পথ সম্পূর্ণ কৰা হৈছে । ৬,৯১৭ কিলোমিটাৰ পথ নির্মীয়মান হৈ আছে । ২০২১ চনৰ পৰা এতিয়ালৈ ২১,৭০০ কিলোমিটাৰ পথ আৰু ১,৩৩৯ খন দলং নির্মাণ কৰা হৈছে । ব্ৰহ্মপুত্ৰৰ ওপৰত ৮ খন সেতু নির্মাণ সম্পূর্ণ হৈছে আৰু ৪খন নিৰ্মিয়মান অৱস্থাত আছে ।"

অসম চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ ব্যয়ৰ লেখানুদানৰ কিছু দিশ :

  1. মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত ৫ লাখৰো অধিক যুৱক-যুৱতীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । বৰ্তমানৰ লাভার্থীসকলক মুদ্রা আঁচনি, প্রধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী আদিৰ সৈতে সংযোজনৰ ব্যৱস্থা কৰা হৈছে ।
  2. ঐতিহ্য সংৰক্ষণৰ দিশত অসম দর্শন আঁচনিত ১,১৩২.৯৩ কোটি টকা মুকলি কৰা হৈছে ।
  3. ‘নিযুত বাবু’ আঁচনিত ছাত্ৰক মাহিলি ১০০০-২০০০ টকা দিয়া হ’ব । স্নাতকোত্তৰ পাঠ্যক্ৰমত ছাত্ৰই পাব আৰ্থিক সাহায্য ।
  4. প্ৰধানমন্ত্ৰীৰ ‘সূৰ্য ঘৰ’ আঁচনিত ৪৫ হাজাৰ টকা ৰাজসাহায্য । প্ৰধানমন্ত্রী আৱাস যোজনা আঁচনিত ৫ বছৰত ১৭,০৭,৯৮৭ গৃহ নিৰ্মাণ হৈছে ।
  5. লাখপতি বাইদেউসকলক দ্বিতীয় পৰ্যায়ৰ ২৫ হাজাৰ টকা দিয়াৰ ঘোষণা বাজেটত ।
  6. বাজেটত নগৰীয়া ঔদ্যোগিক কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা । গুৱাহাটী, জাগীৰোড, পলাশবাৰীলৈ গঠন হ’ব দ্বৈত মহানগৰী । এয়াৰপ’ৰ্টৰ পৰা জাগীৰোডলৈ এলিভেটেড কৰিড’ৰৰ পৰিকল্পনা । গুৱাহাটী-ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিড’ৰৰ পৰিকল্পনা ।
  7. অপ্ৰাদেশীকৃত শিক্ষক আৰু টিউটৰৰ বাবে বাজেটত ভাল খবৰ । গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে দিয়া হ’ব এককালীন সাহায্য । শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণৰ বাবে মুকলি হ’ব প’ৰ্টেল । যোগ্য শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকীকৰণ হ’ব ।
  8. অহা মাৰ্চৰ পৰা চাহ বাগানৰ শ্ৰমিকক ভূমিপট্টা প্ৰদান আৰম্ভ হ’ব । ৩.৫০ লাখ চাহ শ্ৰমিকৰ পৰিয়ালে লাভ কৰিব ভূমিৰ অধিকাৰ ।
  9. অসমত ৫টা নতুন বিমানবন্দৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে । নগাঁও, ডিফু, উমৰাংছ’, মাজুলী আৰু মানাহত হ’ব বিমানবন্দৰ ।
  10. বৃদ্ধ পেঞ্চন ২৫০ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি কৰা হৈছে । বিধবা পেঞ্চন ৩০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে । ৰান্ধনিৰ দৰমহা ডেৰ হাজাৰ টকাৰ পৰা দুই হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে । অংগনবাড়ী কৰ্মীৰ দৰমহা ৬৫০০ টকাৰ পৰা ৮ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক : দেশৰ ভিতৰত অসমেই কম ঋণ লোৱা ৰাজ্য : ঋণৰ প্ৰসংগত বিধানসভাত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া