অশান্ত কাৰ্বি আংলং : নিজ ভূমিতেই আজি অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ যুঁজত নামিছে কাৰ্বিসকল
অগ্নিগৰ্ভা কাৰ্বি আংলং ! বহিৰাগতই কেনেদৰে দিব পৰা হ'ল 'কাৰ্বি গ বেক' ধ্বনি ?

Published : December 25, 2025 at 12:22 PM IST
|Updated : December 25, 2025 at 12:44 PM IST
গুৱাহাটী : ভূমিপুত্ৰসকলে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদে দিয়া ভূমিৰ অধিকাৰ, নিজৰ অস্তিত্ব ৰক্ষা আৰু পৰিচয় বিচাৰি কৰা প্ৰতিবাদে যোৱা সোমবাৰৰ পৰা বুধবাৰলৈ অগ্নিগৰ্ভ কৰি ৰাখিছে অসমৰ ১০,৪৩৪ বৰ্গ কিলোমিটাৰ পৰিসৰৰ কাৰ্বি আংলং জিলা, বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলা ৷ কাৰ্বি জনজাতিসকলৰ বাবে সংৰক্ষিত ভূমি বেদখল কৰা বহিৰাগতৰ বিৰুদ্ধে যোৱা সোমবাৰৰ পৰা চলি থকা অহিংস আন্দোলনৰ পৰা হিংসাত্মক ৰূপ লোৱা প্ৰতিবাদত ইতিমধ্যে দুজন লোকৰ মৃত্যু (এজন গুলীবিদ্ধ হৈ, আনজন অগ্নিদগ্ধ হৈ), ৩৮ গৰাকী আৰক্ষীৰ লোককে ধৰি অসংখ্য লোক আহত হৈছে ।
জ্বলাই দিয়া হৈছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বাসগৃহৰ লগতে বহিৰাগত লোকৰ বৃহৎ সংখ্যক বজাৰ গৃহ । সমগ্ৰ কাৰ্বি পাহাৰ এলেকাত অনিৰ্দিষ্ট কাললৈ ৰাজ্য চৰকাৰে ইণ্টাৰনেট সেৱা স্থগিত কৰি নিষেধাজ্ঞা জাৰি কৰিবলগীয়া হৈছে ।

অগ্নিগৰ্ভ হোৱাৰ মূল কাৰণ হৈছে সমগ্ৰ কাৰ্বি আংলঙত কাৰ্বিসকলৰ আধিপত্য কমি বহিৰাগত লোকৰ দপদপনি বাঢ়ি অহাটো । লগতে ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (VGR) আৰু প্ৰফেছনেল গ্ৰেজিং ৰিজাৰ্ভ (PGR) ভূমিৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ দাবী ।
পটভূমি আৰু কাৰণসমূহ :
কাৰ্বি আংলং ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনৰ এখন স্বায়ত্তশাসিত পাহাৰীয়া জিলা ৷ সংবিধানৰ ষষ্ঠ অনুসূচীৰ দ্বাৰা ভূমিপুত্ৰ কাৰ্বি জনজাতীয় সম্প্ৰদায়ক ভূমিৰ অধিকাৰ আৰু সুৰক্ষা প্ৰদান কৰা হৈছে ।
ভি জি আৰ আৰু পি জি আৰ হৈছে গ্ৰাম্য আৰু বৃত্তিগত পশুপালনৰ বাবে সংৰক্ষিত গো-চৰণীয়া ভূমি ৷ পশুপালন আৰু এই ভূমিসমূহ জনগোষ্ঠীয় জীৱন-জীৱিকাৰ সৈতে জড়িত বাবেই ব্ৰিটিছ শাসনকালত সংৰক্ষিত কৰা হৈছিল ।

কাৰ্বি প্ৰতিবাদকাৰীসকলে দাবী কৰিছে যে এই সংৰক্ষিত ভূমিৰ ৭,১৮৪ একৰতকৈও অধিক ভূমিত অ-জনজাতীয় লোকে (মুখ্যতঃ বিহাৰৰ পৰা অহা হিন্দীভাষী নোনিয়া সম্প্ৰদায় ৷ কিছু উত্তৰ প্ৰদেশ) অনুপ্ৰৱেশ কৰি বসবাস কৰিছে, যিটো কাৰ্বি জনজাতীয়সকলৰ বাবে থকা ভূমি আইনৰ বিৰোধী ।
কাৰ্বি ছাত্ৰ সংগঠনৰ দাবীত যোৱা ২০২৪ চনৰ ফেব্ৰুৱাৰীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে (KAAC) এই অনুপ্ৰৱেশকাৰীসকলৰ ১০,০০০ লোকক উচ্ছেদৰ জাননী জাৰি কৰিছিল, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন পিআইএলৰ ফলত অন্তৰ্ৱৰ্তীকালীন আদেশৰ দ্বাৰা উচ্ছেদ প্ৰক্ৰিয়া স্থগিত হৈ ৰৈছে ।

এই বিলম্বই কাৰ্বি সম্প্ৰদায়ৰ মাজত অসন্তোষ বৃদ্ধি কৰিছে, কাৰণ বাহিৰৰ পৰা আহি অনা-কৰ্বিসকলে কাৰ্বি ভূমি বেদখল কৰা কাৰ্যক নিজৰ পৈতৃক ভূমি আৰু সাংস্কৃতিক অস্তিত্বৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰি আহিছে ।
পৰিস্থিতি কিয় এই পৰ্যায়লৈকে আহিল ?
যোৱা ৮ ডিচেম্বৰৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ফেলাংপি অঞ্চলত ৯ জন লোকে উচ্ছেদৰ দাবীত অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিছিল । আনহাতে ২২ ডিচেম্বৰ, সোমবাৰে পুৱা হঠাৎ আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা আন্দোলনৰ মূল নেতা লিটচন ৰংফাৰসহ কেবাজনো প্ৰতিবাদকাৰীক কৰায়ত্ত কৰে ।
আৰক্ষীয়ে প্ৰতিবাদকাৰীক কৰায়ত্ত কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাইজে খেৰণি থানা ঘেৰাও কৰে । পথ অৱৰোধ কৰি প্ৰতিবাদীসকলক মুকলি কৰি দিয়াৰ দাবী জনায় । তাৰ পাচতেই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় পৰিস্থিতি । পিছত প্ৰতিবাদকাৰীসকলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঘৰ জ্বলাই দিয়ে আৰু খেৰণি বজাৰত দোকান জ্বলোৱাৰ ঘটনা ঘটে ।

এদিনীয়া নহয় এই সমস্যা :
এই পৰিস্থিতি দীৰ্ঘদিনীয়া ভূমি বিতৰ্ক, আইনী জটিলতা আৰু জনজাতীয় লোকসকলৰ সাংবিধানিক ভূমিৰ অধিকাৰ সুৰক্ষাৰ প্ৰশ্নৰ ফল । চৰকাৰে শান্তি পুনৰুদ্ধাৰৰ বাবে অতিৰিক্ত বাহিনী মোতায়েন কৰিছে ৷ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে নিজে সংঘৰ্ষথলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ তদাৰক কৰিছে । তেওঁ বুধবাৰৰ দিনা পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি দাবী কৰিছে ৷ হয়তো শীঘ্ৰেই শান্তি ঘূৰি আহিব ।
বৃহস্পতিবাৰে স্বাভাৱিক জীৱন পুনৰ আৰম্ভ হৈছে ৷ কিন্তু মূল সমস্যাৰ সমাধান নোহোৱালৈকে থাকি যাব ভূমিপুত্ৰ কাৰ্বিসকলৰ নিজৰ ভূমিতেই সংখ্যালঘু আৰু অস্তিত্বহীন হোৱাৰ শংকা-আন্দোলন । বিপৰীতে কেইবা দশক ধৰি ভূমি বেদখল কৰি বসবাস কৰি থকা বহিৰাগতসকলৰো ব্যৱসায়-বাণিজ্য আৰু ঠিকনা হেৰুওৱাৰ শংকা ।
মূল সমস্যাৰ ভিতৰলৈ এভূমুকি :
প্ৰাকৃতিক সম্পদ আৰু বিশাল সেউজীয়া কাৰ্বি পাহাৰৰ এই শংকা আৰু ভূমিৰ অধিকাৰৰ সমস্যাটো এদিন বা দুদিনৰ নহয় । ইয়াৰ এক ইতিহাস আছে । সেই ইতিহাস জনাৰ আগতে জানো আহক শেহতীয়া অগ্নিগৰ্ভ এই পৰিস্থিতিৰ কাৰণ ৷ অগ্নিগৰ্ভ হোৱাৰ মূল হ'ল প্ৰফেছনেল গ্ৰেজিং ৰিজাৰ্ভ (PGR) আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (VGR)ৰ বেদখল ।

বিগত ১৫ দিন ধৰি বেদখলকাৰীক উচ্ছেদৰ দাবীত আমৰণ অনশন কৰিছিল ছাত্ৰ সংগঠন আৰু কেবাটাও সংগঠনে । সোমবাৰে পিছ নিশা হঠাৎ আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা কাৰ্বি প্ৰতিবাদকাৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে প্ৰতিবাদকাৰীক লৈ যোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাইজে খেৰণি থানা ঘেৰাও কৰে । পথ অৱৰোধ কৰি প্ৰতিবাদীসকলক মুকলি কৰি দিয়াৰ দাবী জনায় ।
তাৰ পাচতেই পৰিস্থিতিৰ অৱনতি হয় । উত্তেজিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বাসগৃহ । সন্ধিয়ালৈ এই ক্ষোভৰ জুই অধিক হিংসাত্মক হৈ পৰে ।
স্বাধীন ভাৰতৰ অসমৰ প্ৰথমখন পূৰ্ণাংগ স্বায়ত্তশাসিত পৰিষদ :
২০১১ৰ লোকপিয়ল মতে কাৰ্বি জনগোষ্ঠীৰ মুঠ জনসংখ্যা হৈছে ৫.৩৮ লাখ ৷ জনসংখ্যাৰ দিশৰ পৰা ১১.১ শতাংশৰে অসমৰ তৃতীয় বৃহত্তম জনজাতি হৈছে কাৰ্বিসকল । কাৰ্বি লোকসকলৰ বসবাস কৰা ভূমিখণ্ডক পূৰ্বে কোৱা হৈছিল মিকিৰ পাহাৰ । ভাৰত স্বাধীন হোৱাৰ ৪ বছৰৰ পিছতেই ১৯৫১ চনত প্ৰথমে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল গঠন কৰা হয় ।
১৯৫২ চনৰ ২৩ জুনত কাৰ্বি আংলঙক সাংবিধানিকভাৱে স্বায়ত্তশাসিত অঞ্চল হিচাপে ঘোষণা কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ হয় । সেই অনুসৰি ১৯৫১ চনৰ পিছত কাৰ্বি আংলঙলৈ অহা লোকসকলৰ তাত কোনো ভূমিৰ অধিকাৰ নাই ।
এইখন স্বাধীন ভাৰতৰ অসমৰ প্ৰথমখন পূৰ্ণাংগ স্বায়ত্তশাসিত পৰিষদ । সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত এই স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হয় । তেতিয়াৰ পৰা কাৰ্বিসকলে ভূমিৰ অধিকাৰ দাবী আৰু অস্তিত্বৰ শংকা কৰি আহিছে ।

১৯১৭-১৯১৯ চনত মণিপুৰৰ এংলো-কুকি যুদ্ধত পৰাস্ত কুকিসকলক কাৰ্বি আংলঙলৈ আনি প্ৰতিষ্ঠা কৰিছিল । ৬০ৰ দশকৰ পৰা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা কৃষক আহি পাহাৰবোৰৰ নামনিৰ কৃষি উপযোগী ভূমিত বাস কৰিবলৈ আৰম্ভ কৰে । কাৰ্বিসকলৰ মতে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলঙত কেৱল জনজাতীয় লোকৰহে ভূমিৰ অধিকাৰ আছে ।
আনহাতে হিন্দীভাষীসকলে নিজকে বহিৰাগত বুলি স্বীকাৰ নকৰে । জনসংখ্যা বৃদ্ধিৰ পাছত তেওঁলোকে দখল কৰি বসবাস কৰা অঞ্চলসমূহৰ পৰা সংৰক্ষণ উঠাই ল'বলৈ দাবী জনাই সময়ে সময়ে কাৰ্বিসকলক প্ৰত্যাহ্বান জনাই আহিছে । আনকি কাৰ্বি স্বায়ত্তশাসিত পৰিষদত অনা-কাৰ্বি, বহিৰাগতসকলৰ প্ৰতিনিধিও নিৰ্বাচিত হৈছে ।
শেহতীয়া সংঘৰ্ষত কাৰ্বি আংলঙত বেদখলেৰে বসবাস কৰি অহা বহিৰাগতসকলে 'কাৰ্বি গ' বেক' ধ্বনি দিয়াও পৰিলক্ষিত হৈছে । যিটো কাৰ্যই সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
পি জি আৰ/ভি জি আৰ কি ?
পি জি আৰ/ভি জি আৰ হ'ল ব্ৰিটিছ শাসনকালত সাধাৰণ লোকৰ জীৱ-জন্তুৰ বাবে সাধাৰণ চৰণীয়া পথাৰ চিহ্নিত কৰা মাটিৰ শ্ৰেণী । এক কথাত পি জি আৰ (প্ৰফেছনেল গ্ৰেজিং ৰিজাৰ্ভ) আৰু ভি জি আৰ (ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ) ভূমি হৈছে অসমত গৰু-ম'হ আদি পশুধন চৰাবৰ বাবে চৰকাৰে নিৰ্দিষ্ট কৰি ৰখা ভূমি ।

ভি জি আৰ হৈছে স্থানীয় গাঁওবাসীৰ পশুধনৰ বাবে আৰু পি জি আৰ হৈছে বাণিজ্যিক বা পেছাদাৰী পশুধন চৰাবৰ বাবে নিৰ্দিষ্ট কৰি ৰখা ভূমি । কিন্তু জনজাতিৰ বাবে সাংবিধানিকভাৱে সংৰক্ষিত কাৰ্বি আংলঙত এনে বিশাল অঞ্চলত বেদখল হৈ আহিছে কেইবা দশক ধৰি ৷ বিপৰীতে কাৰ্বিসকলে নিজৰ অস্তিত্বৰ সংকটৰ শংকাত ভুগি আহিছে ।
কাৰ্বি জনজাতিৰ ভূমি বেদখলৰ আভাস :
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তথ্য মতে সংঘৰ্ষপীড়িত সমগ্ৰ খেৰণি অঞ্চল পি জি আৰত অন্তৰ্ভুক্ত । ইয়াত ১০০০ৰো অধিক ঘৰ, ৩০ খন বিদ্যালয়, ২৭ টা মন্দিৰ, এটা মছজিদ আছে ৷ আৰক্ষী থানা, মহকুমা বিদ্যুৎ কাৰ্যালয় আৰু এটা মহকুমা জলসিঞ্চন কাৰ্যালয় আদিয়েও ভূমি বেদখল কৰিছে ।

ডংকামকামত পি জি আৰ/ভি জি আৰ ভূমি বেদখল কৰি আছে ১৯৮৩ টা পৰিয়ালে । ফুলনিত পি জি আৰ/ভি জি আৰ ভূমি বেদখল কৰি আছে ১০৩ টা পৰিয়ালে । এই বেদখলকাৰী পৰিয়ালসমূহ হৈছে অনা-কাৰ্বি, অনা-অসমীয়া লোক । ইযাৰে বহু লোকে ৬ দশকৰ অধিক কাল ধৰি বাস কৰি আহিছে । এইসকলৰ অধিকাংশই বিহাৰৰ নোনিয়া আৰু উত্তৰ প্ৰদেশৰ হিন্দীভাষী লোক ।
পি জি আৰ/ভি জি আৰ বেদখল কৰি থকা ১৯৮৩ টা পৰিয়ালক উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে । যোৱা এটা দশকত হিন্দীভাষী লোকৰ জনসংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে কাৰ্বি আংলঙত । কাৰ্বি আংলঙত অনা কাৰ্বি লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰায় ডেৰ বছৰমান পূৰ্বৰে পৰাই এক প্ৰতিবাদৰ সূচনা হৈছিল ।
ভি জি আৰ আৰু পি জি আৰৰ ভূমি বেদখল কৰা বিহাৰী আৰু বাংলাভাষী লোকলৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল যদিও সেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নহ'ল । এই বিষয়টো গৈ ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ । গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিয়াত কাৰ্বি স্বায়ত্তশাসিত পৰিষদে উচ্ছেদ চলাব পৰা নাছিল । তাৰ পৰিণতিতে এই অগ্নিগৰ্ভ পৰিস্থিতি ।
ভূমিৰ অধিকাৰ বিচৰা ভূমিপুত্ৰসকলৰ যুক্তি কি ?
ভূমিৰ অধিকাৰ বিচৰা প্ৰতিবাদী কাৰ্বিসকলৰ মতে এই আন্দোলন কেৱল পি জি আৰ/ভি জি আৰৰ উচ্ছেদৰ বাবে নহয় । কাৰ্বি ভূমিত ক্ৰমাৎ হেৰুৱাই অহা নিজৰ অধিকাৰ আৰু ভূমিৰ অধিকাৰৰ আন্দোলন এয়া ।
"এই আন্দোলন কেৱল পি জি আৰ বা ভি জি আৰ আন্দোলন নহয় । ইযাত কাৰ্বিসকলৰ অস্তিত্ব নাইকীয়া হৈছে । এই পি জি আৰ এটা সৰু এলেকা । কাৰ্বি আংলং মানে হৈছে কাৰ্বিসকলৰ পাহাৰ । এতিয়া অনা-কাৰ্বি আৰু অনা অসমীয়াৰ পাহাৰ হৈ পৰিছে ।" বুধবাৰে এই মন্তব্য কৰে কাৰ্বি আংলঙত বহিৰাগতৰ পৰা ভূমিৰ অধিকাৰ উদ্ধাৰৰ বাবে ভূমিপুত্ৰসকলে কৰা আন্দোলনৰ নেতা কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি লিটচন ৰংফাৰৰ ৷

নিজৰ ভূমিতেই ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো অধিকাৰ হেৰুৱাই পেলোৱাৰ কথা উল্লেখ কৰি ৰংফাৰে আক্ষেপেৰে কয়, "ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো অধিকাৰ বহিৰাগতই লৈ লৈছে । আমাৰ একো ক্ষমতা নথকা হৈ পৰিছে । ৩-৪ বছৰ ধৰি আমি উচ্ছেদৰ বাবে আবেদন জনাই আহিছো ৷ চৰকাৰে গুৰুত্ব দিয়া নাই । নিজৰ ভূমিত আমি কাৰ্বিসকল এতিয়া মাত্ৰ ৩৫ শতাংশ হৈ পৰিছো । সকলো গণতান্ত্ৰিক পদক্ষেপ লৈ শেষত আমি আমৰণ অনশন কাৰ্যসূচী হাতত লওঁ । আমাৰ দাবী আমাক সুৰক্ষাৰ বাবে সংবিধানৰ আৰ্টিকল ২৪৪ দিয়ক ।"
তেওঁ লগতে কয়, "আজিৰ পৰা ৩০-৪০ বছৰৰ পূৰ্বে আমাৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদ এলেকাত ৮০ আৰু ৯০ দশকত কাৰ্বিসকলৰ জনসংখ্যা আছিল ৭০/৮০ শতাংশ । কিন্তু ২০১১ৰ লোকপিয়লৰ পিছত এতিয়া আমাৰ জনসংখ্যা আছে মাত্ৰ ৩৫ শতাংশ ৷ কাৰ্বি পৰিষদৰ ২৬ খন আসনৰ মাত্ৰ ১০ খনহে কাৰ্বিসকলৰ হাতত ৰৈছে । বাকী ১৬ টা সমষ্টি বহিৰাগতৰ হাতত পৰিছেগৈ ।"
শীঘ্ৰেই এই বিষয় লৈ অসম চৰকাৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু প্ৰতিবাদকাৰীসকলৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব । আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ ভূমিৰ অধিকাৰ আন্দোলন আৰু অগ্নিগৰ্ভা পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰি গণতান্ত্ৰিক পদ্ধতিৰে বিষয়টো সমাধানৰ বাবে গুৰুত্ব দিছে ৷

মুখ্যমন্ত্ৰীয়ে কয়, "কাৰ্বি ৰাইজৰ মনত এটা ধাৰণা সৃষ্টি হৈছে যে কাৰ্বি আংলঙত অনা-কাৰ্বিৰ সংখ্যা বৃদ্ধি পাইছে ৷ তেওঁলোকে ধাৰণা কৰিছে কাৰ্বি আংলঙত ৩৫ শতাংশ কাৰ্বি আৰু অনা কাৰ্বিসকল ৬৫ শতাংশ হৈছে । গতিকে তেওঁলোকে বিচাৰে যে তাৰ পৰাই উচ্ছেদ অভিযান চলাব লাগে ৷ সমগ্ৰ বিষয়টো চালিজাৰি চাবলগীয়া বিষয় ।"
কাৰ্বি প্ৰতিবাদকাৰীসকলে কোৱা ৩৫ শতাংশলৈ কাৰ্বি জনসংখ্যা সংকুচিত হোৱা বিষয়টোতো প্ৰশ্ন তুলিছে মুখ্যমন্ত্ৰীয়ে । লগতে বহিৰাগত লোকসকলৰ প্ৰতিও দেখুৱাইছে কিছু মানৱতাসূচক অনুকম্পা ৷
মুখ্যমন্ত্ৰীয়ে কয়, "এই ৩৫ শতাংশ সংখ্যাটো ক'ৰ পৰা আহিল কোনো নাজানে । গতিকে এই গোটেই বিষয়টো আলোচনা কৰি সমাধান কৰিম । যিটো ধৰণেৰে কৰিব বিচাৰিছে তেনেকৈ সমাধান কৰিব নোৱাৰি । গণতান্ত্ৰিক পদ্ধতিৰে আমি কামখিনি সমাধান কৰিম ৷ মাৰি-পিটি আমি খেদি দিব নোৱাৰো ।"
লগতে পঢ়ক :কাৰ্বি আংলঙৰ সংঘৰ্ষত আহত দুজনক নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি

