বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত ‘ভাৰ্চুৱেল শুনানি কক্ষ’ মুকলি
ছুপ্ৰিম কোৰ্টৰ এনচিএমএছ (NCMS) কমিটীৰ গাইডলাইন অনুসৰি প্ৰতিখন আদালততে এটা এনেকুৱা শব্দৰোধক ভিডিঅ' কনফাৰেন্সিং বুথ থাকিব লাগে ।

Published : August 29, 2026 at 5:55 PM IST
|Updated : August 29, 2026 at 6:14 PM IST
বৰপেটা : ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে ন্যায়িক সেৱা অধিক সহজ, দ্ৰুত আৰু সুলভ কৰাৰ লক্ষ্যৰে শনিবাৰে বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত দুটাকৈ ‘ভাৰ্চুৱেল শুনানি কক্ষ’ (Video Conferencing Booth) মুকলি কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৌশিক গোস্বামীয়ে আনুষ্ঠানিকভাৱে কক্ষ দুটা মুকলি কৰে ।
এই উপলক্ষে বৰপেটা জিলা আইন সেৱা প্ৰাধিকৰণ আৰু বৰপেটা জিলা ন্যায়পালিকাৰ সহযোগত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এখন সজাগতা সভাও অনুষ্ঠিত হয় ।
সজাগতা সভাত ন্যায়াধীশ কৌশিক গোস্বামীয়ে ভাৰ্চুৱেল শুনানিৰ জৰিয়তে অধিবক্তা আৰু সৰ্বসাধাৰণ লোক কেনেদৰে উপকৃত হ’ব পাৰে সেই সম্পৰ্কে বক্তব্য প্ৰদান কৰে । ভাৰ্চুৱেল শুনানিৰ সুবিধাসমূহৰ ব্যৱহাৰ, ইয়াৰ পদ্ধতি আৰু ইয়াৰ দ্বাৰা লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে অংশীদাৰসকল আৰু সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে ।
ন্যায়িক সেৱা অধিক ফলপ্ৰসূ, ক্ষিপ্ৰ আৰু সুলভ কৰি তোলাৰ ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি ন্যায়াধীশ গোস্বামীয়ে ভাৰ্চুৱেল শুনানিৰ ব্যৱস্থাই ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া অধিক সহজ কৰি তুলিব বুলি কয় ।

এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যুটীয়া পঞ্জীয়ক দেৱাশিস কাশ্যপে কয়, "বৰপেটা ন্যায়িক আদালতত আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ লগতে বৰপেটা জিলাৰ পৰ্টফলিঅ' জাজ কৌশিক গোস্বামী ডাঙৰীয়াই দুটা ভিডিঅ' কনফাৰেন্সিং বুথ উদ্বোধন কৰিলে । এই ভিডিঅ' কনফাৰেন্সিং বুথ দুটা আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ন্যায় শ্ৰুতি ৰুল, ২০২৫ সেই অনুসৰি আমাৰ প্ৰত্যেক জিলা আদালত, লগতে মহকুমা আদালতত আমাৰ ৰিম'ট পইণ্ট থাকিব লাগে ।"
ভাৰ্চুৱেল শুনানি কক্ষ বা ভিডিঅ' কনফাৰেন্সিং বুথ কি
ভিডিঅ' কনফাৰেন্সিং বুথ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যুটীয়া পঞ্জীয়ক দেৱাশিস কাশ্যপে কয়, "এই ভিডিঅ' কনফাৰেন্সিং বুথৰ দ্বাৰা অকল অধিবক্তাসকলেই নহয়, কোৰ্টৰ যিখিনি সাক্ষী আছে, ধৰক নিয়মীয়া সাক্ষী নাইবা তদন্তকাৰী বিষয়া নাইবা মেডিকেল অফিচাৰ, ধৰক তেওঁলোক আজি বৰপেটাত আছে আৰু তেওঁলোকৰ কেছ এটা ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ পৰা চমন আহিছে, তেনেক্ষেত্ৰত বৰপেটাৰ পৰা ডিব্ৰুগড়লৈ নোযোৱাকৈ বৰপেটাতে এই ভিডিঅ' কনফাৰেন্সিং বুথ দুটাত আহি নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে ডিব্ৰুগড়ৰ কোৰ্ট এখনত সাক্ষ্যদান কৰিব পাৰিব । এইসকলৰ উপৰি যিসকল অধিবক্তা আছে তেওঁলোকে ভাৰতৰ যিকোনো ঠাইত থকা গোচৰত তেওঁলোকে ভাৰ্চুৱেলী উপস্থিত থাকিব পাৰে, শুনানিত অংশগ্ৰহণ কৰিব পাৰে, যুক্তি আগবঢ়াব পাৰে । এই ভিডিঅ' কনফাৰেন্সিঙত বহিয়ে যদি কোনো এজনে ডিব্ৰুগড়ত সাক্ষী দি আছে তেওঁলোকে ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰিব ।"

তেওঁ জনোৱা মতে অসমৰ প্ৰত্যেকখন আদালততে এনেধৰণৰ এটা এটা ৰিম'ট পইণ্ট ইতিমধ্যে স্থাপন হৈ আছে । কিন্তু সেইবোৰ নিৰ্দিষ্ট হৈ থকা নাই । অৰ্থাৎ যিখিনি ভিডিঅ' কনফাৰেন্সিং ৰুম আছে সেইখিনিকে ৰিম'ট পইণ্ট হিচাপে ব্যৱহাৰ কৰি থকা হৈছে । কিন্তু বৰপেটা জিলাত প্ৰথমবাৰৰ বাবে এটা ভিডিঅ' কনফাৰেন্সিং বুথ হিচাপে সুনিৰ্দিষ্ট বুথ বনোৱা হৈছে আৰু সেইটো হৈছে ছাউণ্ডপ্ৰুফ বুথ ।
ভিডিঅ' কনফাৰেন্সিং বুথ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গাইডলাইন
তেওঁ লগতে কয় যে ছুপ্ৰিম কোৰ্টৰ এখন এনচিএমএছ (National Court Management System Committee) কমিটী আছে আৰু তাৰ গাইডলাইন মতে বনোৱা হৈছে । ছুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে, প্ৰতিখন আদালততে এটা এনেকুৱা শব্দৰোধক ভিডিঅ' কনফাৰেন্সিং বুথ থাকিব লাগে । সেই কাৰণে অসমৰ ভিতৰত প্ৰথম বৰপেটা জিলাতে এই শব্দৰোধক ভিডিঅ' কনফাৰেন্সিং বুথ উদ্বোধন কৰা হৈছে ।
ন্যায় শ্ৰুতি কি
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইলেক্ট্ৰ'নিক যোগাযোগ আৰু দৃশ্য-শ্ৰব্য ইলেক্ট্ৰ'নিক মাধ্যমৰ নিয়ম, ২০২৫ (The Gauhati High Court Use of Electronic Communication and Audio-Video Electronic Means Rules, 2025)ক সংক্ষেপে ন্যায় শ্ৰুতি (Nyaya Shruti) বুলি কোৱা হয় । ২০২৫ চনৰ জুন মাহত ন্যায় শ্ৰুতি অধিনিয়ম প্ৰকাশ কৰা হৈছিল আৰু ২০২৬ চনৰ মাৰ্চ মাহত ইয়াৰ সংশোধন কৰা হয় ।
ইয়াৰ মূল উদ্দেশ্য হৈছে আদালতৰ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিং আৰু অন্যান্য দৃশ্য-শ্ৰব্য মাধ্যমৰ সঠিক ব্যৱহাৰ আৰু নিয়ন্ত্ৰণ কৰা । ইয়াৰ উপৰি আদালতৰ শুনানি আৰু নথিপত্ৰ আদান-প্ৰদানত আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ কৰা ।

সংক্ষেপে ভিডিঅ' কনফাৰেন্সিং বুথ
ভিডিঅ' কনফাৰেন্সিং বুথ হৈছে এটি বিশেষ ধৰণৰ সৰু, শব্দৰোধক (soundproof) আৰু ব্যক্তিগত কোঠা, যাক ভাৰ্চুৱেল বৈঠক বা ভিডিঅ' কলৰ বাবে প্ৰস্তুত কৰা হয় ।
মুকলি কাৰ্যালয় বা কোলাহলপূর্ণ স্থানতো নিৰিবিলি পৰিৱেশত তথা সম্পূৰ্ণ গোপনীয়তা বজাই ৰাখি ভিডিঅ' বৈঠক কৰাৰ বাবে এই বুথবোৰ ব্যৱহাৰ কৰা হয় ।
ভিডিঅ' কনফাৰেন্সিং বুথৰ প্রধান বৈশিষ্ট্য
- ভিডিঅ' কনফাৰেন্সিং বুথৰ এটা বৈশিষ্ট্য হৈছে বাহিৰৰ শব্দ যাতে ভিতৰত প্ৰৱেশ নকৰে আৰু বুথৰ ভিতৰৰ শব্দও যাতে বাহিৰলৈ নাযায় তাৰ বাবে বিশেষ বৈশিষ্ট্য । ইয়াৰ ফলত গোপনীয়তা বৰ্তী থাকে ।
- এই বুথত সাধাৰণতে উন্নতমান মাইক্র'ফোন, স্পিকাৰ, কেমেৰা, ডিছপ্লে স্ক্রিন আৰু পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা থাকে ।
- সুদীর্ঘ সময় বৈঠক কৰাৰ বাবে বুথৰ ভিতৰত অত্যাধুনিক ভেণ্টিলেচন বা বতাহ চলাচলৰ ব্যৱস্থা থাকে ।
- এইবোৰৰ আকাৰ সাধাৰণতে একাধিক ব্যক্তি বহাৰ উপযোগীকৈ নিৰ্মাণ কৰা হয় ।

