ETV Bharat / state

প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৬ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা

শ্বহীদ পৰাগ কুমাৰ দাসৰ ৩০ সংখ্যক মৃত্যু তিথি পালন ৷ ৩০ বছৰে হত্যাকাৰী ধৰা নপৰিল বুলি আক্ষেপ প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনৰ

Haidar Hussain
হাইদৰ হুছেইনলৈ ২০২৬ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 10:23 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ১৭ মে' অৰ্থাৎ দেওবাৰে শ্বহীদ পৰাগ কুমাৰ দাসৰ ৩০ সংখ্যক মৃত্যু তিথি ৰাজ্যজুৰি পালন কৰা হয় ৷ পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত আয়োজিত কৰা হয় এক অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠানতে প্ৰবীণ সাংবাদিক, চিন্তাবিদ, লেখক হাইদৰ হুছেইনক ২০২৬ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে নগদ ২৫ হাজাৰ টকা, এখন প্রশস্তি পত্র, চেলেং চাদৰ, গামোচা আৰু এখন শৰাই ৷

আনহাতে, ধৈৰ্য্য হাজৰিকাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক এই বঁটা প্ৰদান কৰে বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰু, বিশিষ্ট সমালোচক তথা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া লক্ষ্মীনাথ তামুলী, বিশিষ্ট সাংবাদিক দিলীপ চন্দন, বিশিষ্ট লেখক দেবব্রত দাস, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা আদিয়ে ।

হাইদৰ হুছেইনলৈ ২০২৬ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা (ETV Bharat Assam)

আনহাতে বঁটা গ্ৰহণ কৰি প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনে কয়,"পৰাগ কুমাৰ দাস আছিল মোৰ ভাতৃৰ দৰে । কিন্তু তেওঁক ৰজাঘৰৰ দ্বাৰা হত্যা কৰা হ'ল আৰু আজি ৩০ বছৰে হত্যাকাৰী ধৰা নপৰিল বা চিনাক্ত নহ'ল । ৰজাঘৰে হত্যা কৰা কোনো হত্যাকাৰী সাধাৰণতে ধৰা নপৰে যদিও প্ৰজাঘৰ বিতুষ্ট হৈছিল আৰু লেখনিৰ মাজেৰে তাক প্ৰকাশ কৰিছিল । তেওঁ আছিল প্রকৃত সাহসী সাংবাদিক । তেনে এজন মহান সাংবাদিকৰ নামত প্ৰৱৰ্তন কৰা বঁটাৰ বাবে মই নিজকে যোগ্য বুলি নাভাবো যদিও মোক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা বাবে সতীর্থ মঞ্চলৈ ধন্যবাদ জ্ঞাপন কৰিছো ।"

অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ পত্নী পূৰবী দাস, পুত্র ঋষি দাস, ভাতৃ পল্লৱ দাসকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য, পৰাগ কুমাৰ দাস সতীর্থ মঞ্চৰ মনোৰম গগৈ, কিশোৰ কুমাৰ ভট্টাচাৰ্য, বেদব্ৰত বৰা, গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকা, ক্রীড়া সম্পাদক দীপাংকৰ দাস, সহকাৰী সাধাৰণ সম্পাদক পদ্মিনী হাজৰিকাকে ধৰি কেবাজনো কর্মকর্তা আৰু সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট লোক উপস্থিত থাকে । ইফালে বঁটা প্ৰাপক হাইদৰ হুছেইনে তেওঁক বঁটাৰ লগত আগবঢ়োৱা ২৫ হাজাৰ টকা গুৱাহাটী প্ৰেছ ক্লাবক প্ৰদান কৰে ।

লগতে পঢ়ক:পৰাগ দাসৰ হত্যাকাৰীয়ে আজিও নাপালে শাস্তি, গোলাঘাটত ক্ষোভ প্ৰকাশ