ETV Bharat / state

সংবাদ জগতৰ মহীৰূহ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ জীৱন নাটৰ যৱনিকা

যি সময়ত আলফা(স্বা) আটাইতকৈ শক্তিশালী হৈ আছিল, সেই সময়ত আলফাৰ বিৰোধিতা কৰিছিল প্ৰবীণ সাংবাদিকগৰাকীয়ে ৷

DHIRENDRA NATH CHAKRABORTY
সংবাদ জগতৰ মহীৰূহ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 12:24 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসান । দেওবাৰে পুৱা ৭.৩৫ বজাত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ।

যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল যশস্বী সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭ বছৰ ।

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে দৈনিক অসম, দৈনিক জনমভূমি আৰু আজিৰ বাতৰি কাকতকে ধৰি কেইবাখনো কাকতত সম্পাদনা কৰিছিল । কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ লগতে ইংৰাজী কাকতৰো সম্পাদক আছিল যশস্বী সাংবাদিকগৰাকী । সাপ্তাহিক প্ৰাগজ্যোতিষ কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব আছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ।

আনহাতে, তেওঁ জীৱনৰ সৰহভাগ সময়ত আলফাক ক্ষুৰধাৰ সমালোচনা কৰি আহিছে । যি সময়ত আলফা(স্বা) আটাইতকৈ শক্তিশালী হৈ আছিল, সেই সময়তো তেওঁ ৰাজহুৱাকৈ আলফাৰ বিৰোধিতা কৰিছিল । যাৰ বাবে পৰেশ বৰুৱাৰ পৰা বহুবাৰ প্ৰাণনাশৰ ভাবুকি লাভ কৰিছিল চক্ৰৱৰ্তীয়ে ।

তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক সঞ্চালক হিচাপেও কৰ্মৰত আছিল প্ৰবীণ সাংবাদিকগৰাকী । অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা আজীৱন অৱদানৰ বাবে তেওঁক ২০১৯ চনত ৭০ সংখ্যক গণৰাজ্য দিৱসত সন্মান জনোৱা হৈছিল ৷

DHIRENDRA NATH CHAKRABORTY
প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী (ETV Bharat Assam)

প্ৰবীণ সাংবাদিকগৰাকীৰ বিয়োগত শোকপ্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । এক ফেচবুক পোষ্টত মন্ত্ৰীগৰাকীয়ে এনেদৰে উল্লেখ কৰে, ‘‘অসমৰ সংবাদ জগতৰ স্বনামধন্য ব্যক্তি, বিশিষ্ট বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ডাঙৰীয়াৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰিছো । তেখেতে সততা, নিষ্ঠাৰে বহুকেইখন বাতৰি কাকতত কাম কৰি গুণগত সংবাদ সেৱাৰ নিদৰ্শন দাঙি ধৰিছিল । অসমৰ সমাজ জীৱনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অৰিহণা স্মৰণীয় হৈ থাকিব । চক্ৰৱৰ্তী ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ তৰফৰ পৰা গভীৰ সমবেদনা জনালো ।’’

গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ কেইবাটাও দল-সংগঠন, প্ৰতিষ্ঠানে শোকপ্ৰকাশ কৰিছে ৷ গুৱাহাটী প্ৰেছ ক্লাবেও বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে ৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা আৰু সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাৰ স্বাক্ষৰ সম্বলিত এক বিবৃতিত এনেদৰে লিখা হৈছে,

‘‘ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱৰ দেহাৱসানত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে । অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে এসময়ত কাৰ্যনিৰ্বাহ কৰা চক্ৰৱৰ্তী দেৱে অসমৰ সমাজ জীৱনৰ দাপোণ হৈ বিভিন্ন বিষয়, সমস্যাত সজোৰে মাত মাতি আহিছিল । দৈনিক অসম, দৈনিক জনমভূমি, আজিৰ বাতৰি কাকত, আমি অসমৰ জনগণ, প্ৰাগজ্যোতিষ আদি কেইবাখনো দৈনিক আৰু সাপ্তাহিক কাকতৰ সৈতে দীৰ্ঘসময় জড়িত হৈ অসমৰ সংবাদ ক্ষেত্ৰখনক মহিয়ান কৰি গৈছে চক্ৰৱৰ্তী দেৱে । ২০১৯ চনত সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা আজীৱন অৱদানৰ বাবে অসম চৰকাৰৰ পৰা সন্মানীয় গণৰাজ্য দিৱস সাংবাদিকতা বঁটাৰেও সন্মানিত হৈছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱ । দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা চক্ৰৱৰ্তী দেৱে আজি পুৱা ৭ বাজি ৩৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭ বছৰ । ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱৰ মহাপ্ৰয়াণ অসমৰ সংবাদক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি । গুৱাহাটী প্ৰেছ ক্লাবে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।’’

মিডিয়া এছ’চিয়েশ্যন অসমৰ শোকপ্ৰকাশ

মিডিয়া এচ’ছিয়েশ্যন অসমৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সচিব প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুৰ খবৰ পাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত এনেদৰে কয়, ‘‘চক্ৰৱৰ্তীদেৱ ৰাজ্যখনৰ আটাইতকৈ বয়োজ্যেষ্ঠ কৰ্মৰত সম্পাদক আছিল আৰু তেওঁৰ অবৰ্তমানত অসমৰ সংবাদজগতৰ অপূৰণীয় ক্ষতি হ’ল ৷ মহীৰূহ সাংবাদিকগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো ৷ ওঁম শান্তি !’’

লগতে পঢ়ক: ষষ্ঠবাৰৰ বাবে অৱতীৰ্ণ হৈ APSC পৰীক্ষাত জিলিকিল বিতু আগৰৱালা