মহানগৰীৰ আটাইকেইখন উৰণসেতুতে গঢ়ি তোলা হ'ব ভাৰ্টিকেল গাৰ্ডেন: হিমন্ত বিশ্ব শৰ্মা
উৰণসেতুৰ খুঁটি, দেৱাল আৰু কৰিড’ৰৰ অংশত সেউজ উদ্ভিদ সংযোজনৰ পৰিকল্পনা । অধিক সেউজ আৰু সুন্দৰ হ’ব মহানগৰীৰ উৰণসেতু ।

Published : May 23, 2026 at 12:00 PM IST
গুৱাহাটী: কংক্ৰিটৰ মহানগৰী হৈ উঠিব সেউজীয়া । শ্য়ামলী হৈ উঠিব মহানগৰীৰ উৰণসেতু । কেৱল সেয়াই নহয়, এতিয়া মানুহৰ বসবাসৰ বাবে অধিক উপযোগী হৈ উঠিব গুৱাহাটী মহানগৰী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো নগৰ উন্নয়নমূলক পদক্ষেপ হিচাপে গ্ৰহণ কৰিছে পদক্ষেপ ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমটো বৃহৎ নগৰ উন্নয়নমূলক পদক্ষেপ হিচাপে গুৱাহাটী মহানগৰীক অধিক সেউজ, পৰিষ্কাৰ আৰু বাসযোগ্য নগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । সেই অনুসৰি মহানগৰীৰ আটাইকেইখন উৰণসেতুতে গঢ়ি তোলা হ'ব ভাৰ্টিকেল গাৰ্ডেন ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক্স হেণ্ডেলত প্ৰকাশ কৰা অনুসৰি, আধুনিকীকৰণ আৰু সৌন্দৰ্যবৰ্ধন পৰিকল্পনাৰ অংশ হিচাপে গুৱাহাটী মহানগৰীৰ ২০ খন উৰণসেতু আৰু নগৰ কৰিড’ৰত ভাৰ্টিকেল গাৰ্ডেন স্থাপন কৰা হ’ব । এই অভিনৱ পদক্ষেপৰ জৰিয়তে প্ৰায় ৮ হাজাৰ বৰ্গমিটাৰ কংক্ৰিটৰ গাঁথনি সেউজীয়া আৰু জীৱন্ত পৰিৱেশলৈ ৰূপান্তৰিত কৰা হ’ব ।
Advancing the state's urban development matrix under the leadership of HCM Dr. @himantabiswa, strategic steps are underway to scale Guwahati's green infrastructure and further elevate the city's Ease of Living index.
— Chief Minister Assam (@CMOfficeAssam) May 21, 2026
In this upcoming phase of modernization, 20 major flyovers… pic.twitter.com/trtr5RdnF6
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়, "গুৱাহাটীৰ উৰণসেতুবোৰত নতুন ধাৰণা এটা গ্ৰহণ কৰিছো যাতে গুৱাহাটীৰ আটাইকেইখন উৰণসেতু সেউজীয়া দেখে । আমি এয়াৰপ'ৰ্ট গ'লে যেনেকৈ দেখো যে সৰু সৰু পটত প্লেণ্টেচন কৰা হয় আৰু ওলোমাই ৰখা হয়, থিক তেনেদৰে আমি গুৱাহাটীৰ আটাইকেইখন উৰণসেতুত একোখন হেঙিং গাৰ্ডেন নিৰ্মাণ কৰাৰ প্ৰস্তাৱ লৈছো । এখন বা দুখন হোৱাৰ পিচত বুজি পাম ই ৰাইজৰ কিমান সমাদৰ লাভ কৰিব পাৰে ।"
উল্লেখ্য যে দ্ৰুত নগৰায়নৰ ফলত বৃদ্ধি পোৱা কংক্ৰিটৰ প্ৰভাৱ কমাই নগৰখনক অধিক পৰিবেশহীল ৰূপ দিয়াই এই প্ৰকল্পৰ মূল উদ্দেশ্য । উৰণসেতুৰ খুঁটি, দেৱাল আৰু কৰিড’ৰৰ অংশত সেউজ উদ্ভিদ সংযোজনৰ জৰিয়তে নগৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে বায়ু প্ৰদূষণ হ্ৰাস, তাপমাত্রা নিয়ন্ত্ৰণ আৰু সুস্থ নগৰ পৰিৱেশ গঢ়ি তোলাত সহায় হ’ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে । বিশেষকৈ মহানগৰীৰ ব্যস্ত পথসমূহত এই ভাৰ্টিকেল গাৰ্ডেনসমূহ স্থাপন কৰা হ’লে নগৰখনৰ দৃশ্যপট অধিক আকৰ্ষণীয় হৈ উঠিব । ইয়াৰ উপৰি, এই পদক্ষেপে গুৱাহাটীক 'স্মাৰ্ট আৰু গ্ৰীণ চিটি' হিচাপে গঢ়ি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মহানগৰীত আন এখন উৰণসেতু মুকলি

