ETV Bharat / state

৩০ এপ্ৰিলত হ'ব শ্য়ামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান

বুধবাৰে শুনানি সম্পন্ন নোহোৱাৰ বাবে বৃহস্পতিবাৰে পুনৰ অনুষ্ঠিত হয় জামিনৰ শুনানি ।

Verdict on Shyamkanu Mahanta's bail application will be on April 30
অসমবাসীক কি আহ্বান জনালে শ্যামকানু পত্নীয়ে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 23, 2026 at 8:00 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: "ঈশ্বৰে জানে, আদালতে জানে, ন্যয়াধীশে জানে । আমি আশা কৰিছোঁ, সদায় আমাৰ আশা থাকিবই আমাৰ যে জামিন পাব, ন্যায় পাব । কাৰণ সাতমাহ জে'লত ৰখাটো ইমান সহজ নহয় । ২০০ দিনতকৈ তেওঁ বেছি জে'লত আছে ।"-শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত এই মন্তব্য পত্নী অনিতা ডেকা মহন্তৰ ।

৩০ এপ্ৰিলত হ'ব জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযুক্ত শ্য়ামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান । বৃহস্পতিবাৰে সংৰক্ষণ কৰা হয় ৰায়দান । একেদৰে ৩০ এপ্ৰিলতে হ'ব শ্যামকানু মহন্তৰ জব্দকৃত সামগ্ৰী মোকলাই দিবলৈ কৰা আবেদনৰো ৰায়দান । বুধবাৰে শুনানি সম্পন্ন নোহোৱাৰ বাবে বৃহস্পতিবাৰে পুনৰ অনুষ্ঠিত হয় জামিনৰ শুনানি ।

অসমবাসীক কি আহ্বান জনালে শ্যামকানু পত্নীয়ে ? (ETV Bharat Assam)

ইফালে, বুধবাৰে চৰকাৰী অধিবক্তাই জুবিন গাৰ্গক সুৰা যোগানৰ সন্দৰ্ভত এটা মন্তব্য প্ৰকাশ কৰিছিল । অধিবক্তাগৰাকীয়ে কৈছিল যে হোটেল কৰ্তৃপক্ষক জুবিন গাৰ্গক সুৰা যোগান নিদিবলৈ মানা কৰি, নিজেই অভিমন্যুৰ দ্বাৰা শ্যামকানুৱে জুবিনক যোগান ধৰিছিল সুৰাৰ বটল । এই সন্দৰ্ভত বৃহস্পতিবাৰে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাই স্বামীৰ জামিন বিচাৰি আদালতত উপস্থিত হৈ সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।

তেওঁ কয়,"জুবিনক সুৰাৰ বটল দিয়া কথাটো কোনো প্ৰমাণেই নাই । ১৭ তাৰিখে দিয়া হৈছিল বুলি কোৱা হৈছে আনহাতে জুবিনৰ ঘটনাটো হৈছে ১৯ তাৰিখে । জুবিনক জোৰ-জবৰদস্তি নিয়া বুলি কোৱা হৈছে, যাৰ কোনো প্ৰমাণ নাই । শ্যামকানু মহন্তয়ো এগৰাকী শুভকাংক্ষী হেৰুৱাইছে । শ্যামকানু মহন্তই বহুত দুখ পাইছে ।" লগতে অসমবাসীক হাতযোৰ কৰি হিংসা, খং এৰি হেৰাই যোৱা সন্মান ঘূৰাই আনিবলৈ আহ্বান অনুৰোধ জনাই অনিতা ডেকা মহন্তই ।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুনৰ সিদ্ধাৰ্থৰ অধিবক্তাই দাখিল কৰে জামিন আবেদন । সিদ্ধাৰ্থ শৰ্মাই শপতনামা ভুলকৈ আদালতত জমা দিয়াৰ বাবে শুকুৰবাৰৰ ভিতৰত পুনৰ শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান সিদ্ধাৰ্থৰ অধিবক্তাক । শুকুৰবাৰে হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি ।

লগতে পঢ়ক: শ্যামকানু জে'লত থাকিলে জুবিনৰ দৰে মহান আত্মাই কষ্ট পাব ! পত্নীয়ে ক'লে

কোনে কাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল ? অনিতা ডেকা মহন্তক মুকলি প্ৰত্যাহ্বান জুবিন গাৰ্গৰ ভগ্নীৰ