ETV Bharat / state

আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, শীঘ্ৰে ইয়াৰ উত্তৰ অসমৰ জনগণে পাব: নলবাৰীৰ ঘটনাক লৈ শৃংখল চলিহা

আৰক্ষীৰ গুলীত নলবাৰীৰ আছু নেতাৰ হত্যা আৰু ভগ্নীক আক্ৰমণৰ মূল অভিযুক্ত আছিফ আলী ওৰফে ৰ'জ আলী ইতিমধ্যে নিহত হৈছে ।

Nalbari AASU leader murder case
নলবাৰীৰ ঘটনাক লৈ শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 3:53 PM IST

3 Min Read
Choose ETV Bharat

শিৱসাগৰ : "... এই চৰকাৰ অহাৰ দিনৰ পৰা দুটা খিলঞ্জীয়া মানুহৰ মৃত্যু হৈছে । এগৰাকী মহিলা আৰু এজন সুঠাম ডেকা । এতিয়া কথা হৈছে আমি সিহঁতৰ এটাও মাৰিব পৰা নাই । অসমৰ জনগণে আমাক সেইটোৱে সুধিছে যে তহঁতে কেতিয়া হাত তুলিবি ইহঁতৰ ওপৰত । আৰু হাত তোলা হ'ব । আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, শীঘ্ৰে ইয়াৰ উত্তৰ অসমৰ জনগণে পাব ।" নলবাৰী হত্যাকাণ্ড সন্দৰ্ভত এই মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ।

দেওবাৰে নলবাৰীত সংঘটিত নৃশংস ঘটনাক লৈ এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । লগতে উক্ত ঘটনাত অভিযুক্ত লোকৰ সম্প্ৰদায়ক লৈয়ো সৰৱ হৈ পৰে শৃংখল চলিহা । আনহাতে, তেওঁ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনকো তীব্ৰ সমালোচনা কৰে ।

নলবাৰীৰ ঘটনাক লৈ শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

সোমবাৰে নলবাৰী-কাণ্ডক লৈ শিৱসাগৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "আক্ৰমণ হৈছে যেতিয়া প্ৰত্যাক্ৰমণ হ'বই । বাংলাদেশী মূলৰ এইসকল লোকে আমাৰ অসমীয়া যুৱক-যুৱতী, পুৰুষ-মহিলাক আক্ৰমণ কৰি আহিছে । হিমন্ত বিশ্ব শৰ্মাৰ এই নতুন চৰকাৰৰ দিনত নগাঁৱৰ এগৰাকী মহিলা আৰু নলবাৰীৰ এজন তেজাল যুৱকক নিৰ্মমভাৱে হত্যা কৰা হৈছে । ইয়াৰ উত্তৰ আমি দিম । লাচিত সেনাই ইয়াৰ উত্তৰ প্ৰদান কৰিব ।"

তেওঁ লগতে কয়, "এই ঘটনাক লৈ এতিয়া অসমৰ ৰাইজে আমাক প্ৰশ্ন কৰিছে, আমাক সুধিছে আমি কি কৰি আছোঁ ? এতিয়া আমাৰ পাল । আমাৰ দুজন মানুহক হত্যা কৰা এই বাংলাদেশী লোকৰ বিৰুদ্ধে আমি প্ৰত্যক্ষ আক্ৰমণ কৰিম ।"

আনহাতে, "নিৰ্বাচনৰ আগত বাংলাদেশী লোকৰ বিৰুদ্ধে ক'লে আমাক এক বিশেষ ৰাজনৈতিক দলৰ এজেণ্ট বুলি এচামে অভিহিত কৰে । এতিয়া কি ক'ব" বুলিও তেওঁ ওলোটাই প্ৰশ্ন উত্থাপন কৰে ।

শৃংখল চলিহাই এই আক্ৰমণ কোনো চৰকাৰী ক্ষতিপূৰণৰ দ্বাৰা নহয়, কিন্তু প্ৰত্যাক্ৰমণৰ জৰিয়তেহে পূৰ কৰিব পৰা যাব বুলিও আক্ৰমণাত্মক মন্তব্য কৰে ।

উল্লেখ্য যে নলবাৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিফ আলী ইতিমধ্যে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে । নলবাৰীৰ গংগাপুৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত আছিফ আলী ওৰফে ৰ'জ আলীক মুকালমুৱা চৰৰ পৰা আৰক্ষীয়ে আটক কৰাৰ সময়ত আৰক্ষীৰ পৰা বন্দুক কাঢ়ি পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে আছিফ আলীক এনকাউণ্টাৰ কৰে । এই এনকাউণ্টাৰত নলবাৰীৰ আছু নেতাৰ হত্যা আৰু ভগ্নীক আক্ৰমণৰ মূল অভিযুক্ত আছিফ আলী ওৰফে ৰ'জ আলী নিহত হয় ।

লগতে পঢ়ক :আৰক্ষীৰ গুলীত নিহত নলবাৰী হত্যাকাণ্ডৰ অভিযুক্ত আছিফ আলী
লগতে পঢ়ক :নলবাৰী হত্যাকাণ্ডৰ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী আছুৰ