ETV Bharat / state

চাৰ্জশ্বীট দাখিলৰ দিনাই সিদ্ধাৰ্থ-শ্যামকানু-শেখৰজ্যোতিক ফাঁচি !

সংগীতৰ মহানায়কৰ মৃত্যুৰ ঘটনাই আজি ৮৪ দিন অতিক্ৰমিলে । আজিও সকলোৰে মনত উমি উমি জ্বলি আছে ক্ষোভ ।

Veer Lachit Sena hanging effigies of Shyamkanu-Shekharjyoti-Siddharth in Lakhimpur
সিদ্ধাৰ্থ শৰ্মা,শ্যামকানু মহন্ত,শেখৰজ্যোতি গোস্বামীক ফাঁচিৰ দাবীত উত্তাল লখিমপুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 12, 2025 at 3:26 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ : সিদ্ধাৰ্থ শৰ্মা,শ্যামকানু মহন্ত,শেখৰজ্যোতি গোস্বামীক ফাঁচিৰ দাবীত উত্তাল লখিমপুৰ । অসমৰ প্ৰাণৰো প্ৰাণ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত কেইজনক ফাঁচি দিবলৈ দাবী জনাইছে বীৰ লাচিত সেনাই । প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাটোৱে আজি ৮৪ দিন অতিক্ৰমিলে । এই দিনটোতে আদালতত দাখিল কৰা হ'ল চাৰ্জশ্বীট । এনে সময়তে এই তিনিও অভিযুক্তৰ পুত্তলিকা লখিমপুৰ নগৰৰ জিলা পুথিভঁৰালৰ সন্মুখত ৰাজহুৱা স্থানত ওলোমাই ফাঁচি দিয়া হয় । ইয়াৰ পিচতেই দাহ কৰিলে এই পুত্তলিকা ।

শুকুৰবাৰে আদালতত তদন্তকাৰী গোটে চাৰ্জশ্বীট দাখিল কৰাৰ সময়তে লখিমপুৰত বীৰ লাচিত সেনাই ৰাইজৰ সহযোগত তিনিও অভিযুক্তৰ পুত্তলিকা ফাঁচি দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি বীৰ লাচিত সেনাৰ ভাৰপ্ৰাপ্ত কেন্দ্রীয় সচিব প্ৰাণজিৎ গগৈয়ে কয়, "প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ আজি ৮৪ দিন । ইমান দিন আমি অধীৰ আগ্ৰহেৰে ন্যায়ৰ বাবে বাট চাই আছো । পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিল । তেওঁৰ মৃত্যু যে স্বাভাৱিক নাছিল সেই কথা মুখ্যমন্ত্রীয়েও বাৰে বাৰে কৈ আহিছে । শিল্পীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা আমাৰ সকলোৰে অন্তৰত উমি উমি একুৰা জুই জ্বলি আছে । জুবিন গাৰ্গে ন্যায় পাবই লাগিব ।"

সিদ্ধাৰ্থ শৰ্মা,শ্যামকানু মহন্ত,শেখৰজ্যোতি গোস্বামীক ফাঁচিৰ দাবী বীৰ লাচিত সেনাৰ (ETV Bharat Assam)

লাচিত সেনাৰ ভাৰপ্ৰাপ্ত কেন্দ্রীয় সচিবগৰাকীয়ে পুনৰ কয়, "আইন-আদালতৰ ওপৰত আমাৰ আস্থা আছে । সোনকালে পানী নসৰকা বিচাৰ কৰি সিদ্ধাৰ্থ শৰ্মা,শ্যামকানু মহন্ত,শেখৰজ্যোতি গোস্বামীক ফাঁচি দিয়ক । আমি আজি ৰাজহুৱাকৈ তেওঁলোকক প্ৰতীকী ফাঁচি দিছো । অসমৰ ৰাইজেও ইয়াকেই বিচাৰিছে । তেওঁলোকক সোনকালে বাস্তৱত ফাঁচি দিয়ক ।"

Veer Lachit Sena burns effigies of Shyamkanu-Shekharjyoti-Siddharth in Lakhimpur
সিদ্ধাৰ্থ শৰ্মা,শ্যামকানু মহন্ত,শেখৰজ্যোতি গোস্বামীৰ পুত্তলিকা দাহ (ETV Bharat Assam)

লগতে পঢ়ক:হিয়াৰ আমঠুক হত্যা কৰা হৈছিল ? এই প্ৰশ্নৰ উত্তৰ লৈ আহিছে ১২ ডিচেম্বৰ

সোণৰ কণী দিয়া এটা হাঁহ ! জুবিনৰ সহপাঠীয়ে কিয় ক’লে এইদৰে ?