বীৰ লাচিত সেনাৰ বিকাশ শইকীয়াক গ্ৰেপ্তাৰ
তেজপুৰত বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ।

Published : October 30, 2025 at 12:01 PM IST
তেজপুৰ: দিন বেয়া হৈছে বীৰ লাচিত সেনাৰ ! সংগঠনটোৰ কেন্দ্ৰীয় কমিটীৰ মুখ্য সচিব ৰণ্টু পানীফুকনক সংবাদমেলৰ মাজতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ শোণিতপুৰত গ্ৰেপ্তাৰ হৈছে সংগঠনটোৰ আন এজন সদস্য ৷
সমগ্ৰ অসমৰ লগতে তেজপুৰতো বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । তেজপুৰ আৰক্ষীয়ে সদৰ থানাত ভাৰতীয় ন্যায় সংহিতা আইনৰ ১২৬(২)/২৯৬/১১৭(২)/৩৫১(২)/৩০৮(২)৩(৫) নং ধাৰাত পঞ্জীভূক্ত ৫২০/২৫ গোচৰত বিকাশ শইকীয়া নামৰ তেজপুৰৰ চানমাৰিৰ এজন যুৱকক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে, যোৱা ২৫ জুলাইৰ পুৱা ১০.৩০ মান বজাত নগাঁৱৰ উলুৱনী থানাৰ অন্তৰ্গত চুলুঙৰ পৰা জাকিৰ হুছেইন আৰু ৰহমন তুল্লা নামৰ যুৱকসহ এটি দহজনীয়া দল এ এছ-00 চি চি-8779 নম্বৰৰ এখন বাহনেৰে তেজপুৰ সদৰ থানাৰ মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত পৰুৱা চাৰিআলিত উপস্থিত হৈছিল ৷
সেই সময়তে বিকাশ নামৰ যুৱকজনে বাহনখন ৰখাই গালি-গালাজ কৰাৰ লগতে বাহনখনত অহা জাকিৰ আৰু তেওঁৰ বন্ধু ৰহমন তুল্লাক বাংলাদেশী বুলি শাৰীৰিকভাৱে অপদস্থ কৰি আঁঠু কঢ়াই নিজকে লাচিত সেনাৰ বুলি কৈ দহ হাজাৰ টকা দাবী কৰে । পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত জাকিৰ হুছেইনে তেজপুৰ সদৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত শোণিতপুৰৰ আৰক্ষীয়ে বুধবাৰে বিকাশক গ্ৰেপ্তাৰ কৰে ৷
জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই কয়, ‘‘ধৃত বিকাশ বীৰ লাচিত সেনাৰ সদস্য আৰু যোৱা জুলাই মাহত এটা ৬/৭ জনীয়া দলৰ সৈতে তেজপুৰত মাৰপিট কৰি ধন দাবী কৰাৰ অপৰাধত বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষী অধীক্ষকগৰাকীয়ে বিকাশৰ সৈতে থকা বাকী কেইজনকো কৰায়ত্ব কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে ৷’’

