ETV Bharat / state

ক্ষেত্ৰীত বিকশিত ভাৰত-জি ৰাম জি আঁচনিৰ শুভাৰম্ভ

ক্ষেত্ৰীত জিলাভিত্তিক জন সন্মিলন কাৰ্যসূচীত ডিমৰীয়াৰ বিধায়ক ডঃ তপন দাসে আনুষ্ঠানিকভাৱে বিকশিত ভাৰত-জি ৰাম জি আঁচনিৰ শুভাৰম্ভ কৰে ।

VB-G RAM G programme launched in Kamrup metro
ক্ষেত্ৰীত বিকশিত ভাৰত-জি ৰাম জি আঁচনিৰ শুভাৰম্ভ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 8:16 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ: কেন্দ্ৰীয় চৰকাৰৰ 'বিকশিত ভাৰত' সংকল্পক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ক্ষেত্ৰী ৰাজহুৱা প্ৰেক্ষাগৃহত এক জিলাভিত্তিক জন সন্মিলন তথা বিকশিত ভাৰত-জি ৰাম জিৰ শুভাৰম্ভ কৰা হয় ।

২০৪৭ চনৰ ভিতৰত ভাৰতক এক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যি পৰিকল্পনা তাৰেই অংশস্বৰূপ এই আঁচনিখন জিলাখনত আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হয় ।

ক্ষেত্ৰীত বিকশিত ভাৰত-জি ৰাম জি আঁচনিৰ শুভাৰম্ভ (ETV Bharat)

পুৱা ডিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ তত্ত্বাৱধানত অনুষ্ঠানলৈ অহা বিভিন্ন বিভাগীয় প্ৰতিনিধি আৰু ৰাইজৰ নাম পঞ্জীয়নেৰে কাৰ্যসূচীৰ আৰম্ভ হয় । ইয়াৰ পিছত আঁচনি সম্পৰ্কীয় তথ্যচিত্ৰ (ভিবি-জি ৰাম জি) প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত উপস্থিত ৰাইজ তথা অতিথিসকলক আদৰণি জনাই আদৰণি ভাষণ প্ৰদান কৰে কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কল্পনা ডেকা আৰু ডিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই । জিলা পৰিষদৰ চিইঅ' কল্পনা ডেকাই ভাষণত আঁচনিখনৰ বিভিন্ন দিশ, ইয়াৰ প্ৰয়োজনীয়তা আৰু ই গ্ৰাম্য অৰ্থনীতিলৈ আনিব পৰা ইতিবাচক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে । ইয়াৰ পিছতে ভিবি-জি ৰাম জি আঁচনিৰ মূল বৈশিষ্ট্যৰ ওপৰত আলোকপাত কৰা হয় ।

VB-G RAM G programme launched in Kamrup metro
বিকশিত ভাৰত-জি ৰাম জি আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত ডিমৰীয়া অঞ্চলৰ শতাধিক লোকৰ অংশগ্ৰহণ (ETV Bharat)

এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া সমষ্টিৰ বিধায়ক ডঃ তপন দাস । দিনৰ ঠিক ১১ বজাত আঁচনিখনৰ শুভ উদ্বোধন কৰি বিধায়কগৰাকীয়ে এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ।

বিধায়ক ডঃ তপন দাসে কয়, "কামৰূপ মহানগৰ জিলাত আজি এই গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে । এই আঁচনিৰ যোগেদি বিকশিত ভাৰতৰ যি পৰিকল্পনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে, তাক আমি তৃণমূল পৰ্যায়লৈ লৈ যাব লাগিব । অসমখনক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যি দৃঢ় পদক্ষেপ লৈছে, তাৰে অংশ হিচাপে আজি এই আঁচনি মুকলি কৰা হৈছে ।"

তেওঁ লগতে অত্যন্ত আত্মবিশ্বাসেৰে কয়, "ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত এখন উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ ৰূপান্তৰিত কৰাৰ বাবে যি পৰিকল্পনা কৰা হৈছে, সকলোৰে সহযোগিতাত আমি সেই লক্ষ্যত উপনীত হমেই ।" উক্ত অনুষ্ঠানত স্থানীয় পঞ্চায়ত প্ৰতিনিধি, বিভিন্ন আত্মসহায়ক গোটৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক :

৯ কোটি টকাৰ পৰিকল্পনাৰে সুন্দৰ কৰা হ'ব তিনিচুকীয়া চহৰ