ETV Bharat / state

গোলাপী স্বৰ্গত পৰিণত এখন ঐতিহাসিক বিল

৬২০ হেক্টৰ ভূমিৰে আগুৰি থকা গোৱালপাৰাৰ ঐতিহাসিক উৰপদ বিলৰ পদুম আৰু ভেট ফুলৰ অপৰূপ দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক ।

Pink paradise Urpad Beel in Goalpara
গোলাপী নগৰী সদৃশ হৈ পৰিছে গোৱালপাৰাৰ উৰপদ বিল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 5, 2025 at 4:27 PM IST

6 Min Read
Choose ETV Bharat

গোৱালপাৰা: এখন ঐতিহাসিক বিল । এই বিলখন মাছ-কাছৰ লগতে বিখ্য়াত এটি বিশেষ কাৰণত । যদিও বিলখন উৰপদ বিল হিচাপে পৰিচিত তথাপি ইয়াত পৰিভ্ৰমী চৰাই বা মাছতকৈ ফুলহে বেছিকৈ পোৱা যায় ।

৬২০ হেক্টৰ ভূমিৰে আগুৰি থকা উৰপদ বিল এতিয়া গোলাপী নগৰী সদৃশ হৈ পৰিছে । পৰিভ্রমী চৰাইৰ স্বর্গৰূপে বিবেচিত উৰপদ বিলখন গোৱালপাৰাৰ একপ্রকাৰ জীৱনৰেখা ।

গোলাপী স্বৰ্গত পৰিণত গোৱালপাৰাৰ ঐতিহাসিক উৰপদ বিল (ETV Bharat Assam)

প্ৰকৃতিৰ বিনন্দীয়া ৰূপত মুগ্ধ পৰ্যটক :

জিলাখনৰ ঐতিহাসিক উৰপদ বিলৰ পদুম আৰু ভেট ফুলৰ অপৰূপ দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক । চহৰৰ পৰা কিছু নিলগত অৱস্থিত এই বিলখনৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপত মুগ্ধ দূৰদূৰণিৰ পৰ্যটক । বিলখনৰ পূবে জিনাৰী নৈ বৈ গৈছে । এই জিনাৰী নদীৰ পাৰে পাৰে শিমলাকান্দি আৰু খাগ্ৰাবাৰী নামৰ গাঁও দুখন অৱস্থিত । পশ্চিম দিশত পাহাৰকাটা পাহাৰ আৰু আগিয়া-গোৱালপাৰা পথ । এই দিশত দুখন গাঁও গাৰোপাৰা আৰু উলুপাৰা । দক্ষিণ দিশত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । গোৱালপাৰা চহৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ দক্ষিণ দিশত অৱস্থিত উৰপদ বিল ।

আগিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগত থকা ঐতিহাসিক উৰপদ বিলখনক এতিয়া পদুম আৰু ভেটফুলৰ অপৰূপ দৃশ্যই গোলাপী স্বৰ্গত পৰিণত হৈছে । পদুম আৰু ভেট ফুলৰ অপৰূপ নান্দনিক দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক । প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত মুগ্ধ হৈ নিতৌ দূৰদূৰণিৰ পৰা আহে পর্যটক । বিলখনত থকা সৰু সৰু নাৱত উঠি প্রাকৃতিক পৰিবেশ উপভোগ কৰি আপ্লুত হৈছে প্রতিগৰাকী পর্যটক ।

গোৱালপাৰাৰ দক্ষিণ-পশ্চিম কোণত প্রাকৃতিকভাৱে সৃষ্টি হোৱা বিলখন বিভিন্ন স্থানীয় প্ৰজাতিৰ মাছো পোৱা যায় । উৰপদ বিলখন কেনেকৈ সংৰক্ষণ কৰি ৰখা হয় বুলি সোধা প্ৰশ্নৰ উত্তৰত উৰপদ বিল কো-অপৰেটিভ ছ'চাইটিৰ সম্পাদক ডেভিড মাৰাকে কয়, "মাছেৰে জীবিকা নির্বাহ কৰি অহা বিলখনৰ কাষৰীয়া বাসিন্দাসকলেই হৈছে বিলখনৰ ৰখীয়া । ভেট, পদুম আৰু মেটেকাৰে পৰিপূৰ্ণ এই বিলখন অসমৰ ভিতৰতে বৃহৎ বিল হিচাপে চিহ্নিত হৈছে । শৰৎ কালত বিলখনে পর্যটনৰ বাবে অপূর্ব মোহনীয় ৰূপ ধাৰণ কৰে । বাৰিষা কালত পানীসহ এই বিলৰ আয়তন ৬২০ হেক্টৰ হয় । খৰালি কালত পানীসহ আয়তন প্রায় ৫১৫ হেক্টৰ ।"

Pink paradise Urpad Beel in Goalpara
উৰপদ বিলৰ পদুম আৰু ভেট ফুলৰ অপৰূপ দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক (ETV Bharat Assam)

বেদখলকাৰীৰ কবলত ৬৫ হেক্টৰ মাটি :

অৱশ্য়ে এতিয়া এই বিলখন একাংশ লোকে বেদখল কৰাত ইয়াৰ প্ৰকৃত আয়তন হ্ৰাস পোৱা বুলি কয় উৰপদ বিল কো-অপৰেটিভ ছ'চাইটিৰ সম্পাদকগৰাকীয়ে । তেওঁ কয়, "উৰপদ বিলখনৰ উত্তৰ-দক্ষিণ কোণতৰ পৰা প্রায় ৬৫ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত পৰিছে । এই বিলখনৰ দুই কাষৰ বেদখলকৃত ভূমি বন বিভাগে উদ্ধাৰ কৰিলে ইয়াৰ আয়তন আৰু অধিক হ'ব ।"

Pink paradise Urpad Beel in Goalpara
উৰপদ বিলৰ পদুম আৰু ভেট ফুলৰ অপৰূপ দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক (ETV Bharat Assam)

বিলখনত প্ৰৱেশ কৰাৰ সুবিধা :

যিকোনো দিশেৰে বিলখনত প্ৰৱেশ কৰাৰ সুবিধা আছে । বিলখনত থকা জলজ উদ্ভিদ, দাঁতিকাষৰীয়া অঞ্চলৰ একাংশত থকা শিমলুকে ধৰি ডাঙৰ উদ্ভিদ আৰু তাত থকা পক্ষীৰ নীড়, বিশেষকৈ বৰটোকোলা, হাড়গিলা, মাছমৰীয়াসকলৰ নাৱৰ বিচৰণ আৰু মাছধৰা কৌশল, টিলাত থকা গৰু-ম'হৰ খুঁটি আৰু পাম বিভিন্ন ধৰণৰ দেশী-বিদেশী পক্ষী বিচৰণে প্রকৃতিপ্রেমী যিকোনো মানুহৰ মন-প্রাণ পুলকিত কৰে । পূৰ্বৰ কোনো ডাঙৰ ভূমিকম্পৰ সময়ত বিলখনৰ উৎপত্তি হোৱা বুলি ঠাৱৰ কৰা হৈছে । খৰালিৰ দিনত অত্যন্ত গভীৰতা থকা অঞ্চলত ১৫ ৰ পৰা ২০ ফুট পর্যন্ত পানী থাকে । আনহাতে বিলখন জিঞ্জিৰাম নদীৰ লগত সংলগ্ন হৈ থকাৰ প্ৰতি লক্ষ্য কৰিলে ইয়াক জিঞ্জিৰামৰ এৰাসুঁতি যেন লাগে ।

Pink paradise Urpad Beel in Goalpara
গোলাপী নগৰী সদৃশ হৈ পৰিছে গোৱালপাৰাৰ উৰপদ বিল (ETV Bharat Assam)

কি কি জলজ উদ্ভিদ পোৱা যায় ?

বিলখনত থকা জলজ উদ্ভিদ সমূহৰ ভিতৰত অন্য়তম হৈছে - প্লাবক, শেলাই, এজলা, পুনি, হাইড্রিলা, ভেলিচনেৰিয়া, পদুম, ভেট, কেঁহেৰু, শিঙৰী, চেঁচুবন, দলখাহ, ওৰালি খাঁহ, পানীখুতুবা, পানীটেঙেচি, পানীকচু, মেটেকা আদি । তদুপৰি টিলা আৰু পিটনিসমূহত নল, খাগৰি, ইকৰা, বৰতা খেৰ, ভেৰগছ, তৰা গছ জোপোহাজাতীয় গছ আৰু ঠায়ে ঠায়ে ডাঙৰ গছো আছে । এই উদ্ভিদসমূহ পোক-পতংগ, পক্ষীকে ধৰি বিভিন্ন প্ৰাণীৰ আশ্রয়স্থল হোৱাৰ উপৰি বহু উদ্ভিদক খাদ্য হিচাপেও গ্ৰহণ কৰে ।

আলংকৰিক মাছ :

এই বিলখনত বহু প্রজাতিৰ প্ৰাণী পোৱা যায় । তাৰ ভিতৰত প্ৰাণী প্লাৱক আৰু মৎস্যই আটাইতকৈ বেছি ৷ স্থানীয় প্ৰজাতিৰ বহু বিপদাপন্ন আৰু আলংকৰিক মাছ এই বিলত পোৱা যায় ৷ এই মাছসমূহৰ ভিতৰত ৰৌ, ভকুৱা, কলীয়াজৰা, কুঁঢ়ি, ভাঙোন, লাচন, বাতা, চেলেকনি, চেনীপুঠি, পুঠি, মোৱা, এলেং, দৰিকণা, চন্দা, মিৰিকা, আঁৰি, গুজি শিঙৰা, মাগুৰ, শিঙি, পাভ, বৰালি, বৰদিয়া, চিতল, কাথুলী, ভেটকি, কাৱৈ, শ'ল, শাল, দমোজা শ'ল, চেঙেলী, গৰৈ, কঁকিলা, কুঁচিয়া, তুৰি, বটীয়া, বামি, খলিহনা, ভেচেলি, ৰান্ধনি (মলি), উপৰচকুৱা, বৰলিয়া, কৰতী আদিয়ে প্রধান ।

Pink paradise Urpad Beel in Goalpara
পৰিভ্রমী চৰাইৰ স্বর্গ ৰূপে বিবেচিত উৰপদ বিল (ETV Bharat Assam)

বিভিন্ন প্রজাতিৰ পৰিভ্রমী পক্ষী :

আনহাতে অন্যান্য প্রাণীসমূহৰ ভিতৰত বৰভেকুলী, চুকভেকুলী, পাতবেং, সাপ, কাছ, গুই, জেঠী, মাছৰোকা, কণামুচৰি, ভিন্ন প্ৰজাতিৰ বগলী, বৰটোকোলা, হাড়গিলা, শামুকভঙা, ডাউক, দলমূৰা, পানীকাউৰী, মণিয়বী আদিৰ উপৰি বিভিন্ন প্রজাতিৰ পৰিভ্রমী পক্ষী পোৱা যায় ।

তদুপৰি নেউল, উদ আদি, মেৰুদণ্ডী প্রাণী কেঁকোৰা, মিছামাছ, জেবাংকৰি (জাপিপোক), লিংকৰি (তাৰাপোক), গুবৰুৱা, মকৰা, শামুক, কেঁচু, জোক আদিয়ে প্রধান । উৰপদ বিলক সজাই-পৰাই তুলিলে অসমৰ ভিতৰত এখন উল্লেখযোগ্য পর্যটন কেন্দ্র হিচাপে পৰিগণিত হ'ব আৰু প্রতিদিনে দেশ-বিদেশৰ পর্যটকেৰে ভৰি পৰিব । ফলত চৰকাৰে ইয়াৰ পৰাই বৃহৎসংখ্যক কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব বুলি উৰপদ বিল কো-অপৰেটিভ ছ'চাইটিৰ সম্পাদক ডেভিড মাৰাকে জানিবলৈ দিয়ে ।

Pink paradise Urpad Beel in Goalpara
গোৱালপাৰাৰ উৰপদ বিলত তুলুঙা নাও (ETV Bharat Assam)

লগতে পঢ়ক:সত্ৰ নগৰীৰ প্ৰেমত পৰ্যটক: কিয় বাৰে বাৰে আকৰ্ষিত হয় মাজুলীলৈ ?

আদি-মিচিং জনগোষ্ঠীৰ দেৱীৰ আৱাসস্থলীত অপৰূপ সৌন্দৰ্যৰে ভৰা চিৰকি জলপ্ৰপাত