গ্ৰামাঞ্চলৰ মেধাৱী শিক্ষাৰ্থীক আগবঢ়াই নিয়াৰ প্ৰয়াস
বুধবাৰৰ পৰা সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰাংগণত আৰম্ভ হৈছে এমহীয়া বিনামূলীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ ৷

Published : July 1, 2026 at 7:15 PM IST
সোণাপুৰ: ডিমৰীয়া সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ গঢ়া আৰু সপোনবোৰক বাস্তৱ ৰূপ যাতে দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক ডঃ তপন দাসৰ পৃষ্ঠপোষকতাত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ বিধায়ক দাসৰ প্ৰচেষ্টাত আৰু সোণাপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ সহযোগত আৰু ‘জেনচাইন চিভিল চাৰ্ভিছেছ একাডেমী’ৰ উদ্যোগত বুধবাৰৰ পৰা আৰম্ভ হৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ ৷
সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰাংগণত বুধবাৰৰ পৰা আৰম্ভ হৈছে এমহীয়া বিনামূলীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ । ১ জুলাইৰ পৰা ৩০ জুলাইলৈ চলিবলগীয়া এই গ্ৰীষ্মকালীন শিবিৰতে শিক্ষাৰ্থীক অসম লোকসেৱা আয়োগ, লোকসেৱা আয়োগ আৰু এডিআৰইকে ধৰি অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
এমহীয়া বিনামূলীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি বিধায়ক দাসে কয়, "মোৰ সপোন আছে যাতে প্ৰতি বছৰে ডিমৰীয়া সমষ্টিৰ পৰা দুজন আইএএছ, ৫০ জনৰো অধিক এচিএছ বা এপিএছত উত্তীৰ্ণ হৈ ডিমৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনক ৷ সেই উদ্দেশ্যেৰে বিনামূলীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে ৷"
তেওঁ লগতে কয়, "প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমাৰ গ্ৰামাঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকল যাতে চহৰৰ শিক্ষাৰ্থীতকৈ পিছপৰি নাথাকে, তেওঁলোকেও যাতে সমানেই সুযোগ লাভ কৰে, সেই লক্ষ্যৰেই এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । আগন্তুক দিনতো আমাৰ যুৱপ্ৰজন্মৰ কল্যাণ আৰু সৰ্বাংগীণ প্ৰগতিৰ বাবে এনে ধনাত্মক পদক্ষেপ সদায় অব্যাহত থাকিব ।"
ইফালে প্ৰায় ৭০০ অধিক শিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ শিবিৰত পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে ৷ এমহীয়া প্ৰশিক্ষণ শিবিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে দিকদৰ্শক বক্তব্য প্ৰদান কৰে । তেওঁ এপিএছচি, ইউপিএছচি আৰু এডিআৰই আদি প্ৰতিযোগিমূলক পৰীক্ষাসমূহৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগে, তাৰ কৌশলসমূহ বাখ্যা কৰে। ইয়াৰ উপৰিও অধ্যৱসায়, সঠিক সময় ব্যৱস্থাপনা আৰু মানসিক দৃঢ়তা লাগিব বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক : ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পুনৰ সৰৱ টাইপা: আগন্তুক বিধানসভা অধিৱেশনত আলোচনাৰ দাবী

