ETV Bharat / state

ব্যতিক্ৰমী চিন্তাৰে জন্মদিন উদযাপন জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাৰ

ব্যতিক্ৰমী চিন্তাৰ লেখক-সাংবাদিক ঘনকান্ত বৰাৰ জন্মদিনৰ লগত সংগতি ৰাখি কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা । বৃদ্ধাশ্ৰমত জন্মদিন উদযাপন ।

Unusually celebrating author-journalist Ghanakanta Bora's birthday
ব্যতিক্ৰমীভাৱে উদযাপন লেখক-সাংবাদিক ঘনকান্ত বৰাৰ জন্মদিন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2026 at 7:57 PM IST

2 Min Read
Choose ETV Bharat

বঢ়মপুৰ: নগাঁও জিলাৰ কঠিয়াতলী অঞ্চলৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে শনিবাৰে নিজৰ জন্মদিনটো ব্যতিক্ৰমী চিন্তাৰে আয়োজন কৰাত সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে । ৭৩ টা বৰ্ষ পাৰ কৰি ৭৪ বছৰত ভৰি দিয়ে কঠিয়াতলী অঞ্চলৰ জ্যেষ্ঠ সংবাদকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক, সাহিত্যিক তথা সমাজকৰ্মী ঘনকান্ত বৰাই । এই উপলক্ষে বৰাই নিজৰ জন্মদিনটো নগাঁও জিলাৰ ৰাঙলুস্থিত গ্ৰাম পৰিষদৰ বৃদ্ধাশ্ৰমত উদযাপন কৰে ।

সাংবাদিক বৰাই সমাজলৈ এক বাৰ্তা দি বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰসাদ আৰু চিৰা-দৈৰে ককা-আইতাক আপ্যায়ন কৰে । অসম সাহিত্য সভাৰো একনিষ্ঠসেৱক ঘনকান্ত বৰাৰ জন্মদিনৰ লগত সংগতি ৰাখি গছপুলি ৰোপণৰ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ।

এই সন্দৰ্ভত সাংবাদিক ঘনকান্ত বৰাই ইটিভি ভাৰতৰ আগত কয়, "আজি মই ৭৪ টা বছৰৰ প্ৰথম খোজ পেলাইছোঁ । ভগৱানৰ কৃপাত ৭৩ টা বসন্ত পাৰ কৰিলোঁ । ৭৩ টা বছৰত মই মাথো কেইটামান দিনহে শৈক্ষিক দিশৰ লগত জড়িত আছিলোঁ । বাকী মই ১৯৭২ চনৰ পৰাই সমাজৰ কাম কৰি আছোঁ । মই ১৯৭২ চন মানৰ পৰাই লিখা-মেলা কৰিছোঁ । এই লিখা-মেলাৰ মাজতে মই বহুত বন্ধু-বান্ধৱ লগ পাইছোঁ আৰু এনেদৰেই জীয়াই আছোঁ ।"

তেওঁ কয়,"মনতে ভাবিলোঁ এইবাৰ মই ৭৪ সংখ্যক জন্মদিনটো ৰাঙলু গ্ৰাম বিকাশ পৰিষদতেই উদযাপন কৰিম আৰু উদযাপনৰ সুবিধাখিনিৰ বাবে আচলতে আমাৰ গ্ৰাম বিকাশ পৰিষদৰ পৰিচালন সঞ্চালক চিৰাজ উদ্দিন আহমেদৰ আমি শলাগ ল'ব লাগিব । তেওঁ যদি এইবিলাক অনুষ্ঠান ইয়াত নাপাতিলেহেঁতেন সুবিধা নাপালোহেঁতেন । ৰাঙলু গ্ৰাম বিকাশ পৰিষদে গোটেই অসমজুৰি, দেশজুৰি এতিয়ালৈকে প্ৰায় ৫ টা মান ৰাষ্ট্ৰীয় বঁটা পাইছে কামৰ জৰিয়তে ।"

৩৮ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অসমীয়া অভিধানৰে অভিনন্দন :

ঘনকান্ত বৰাৰ ৭৪ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "সমাজৰ বাবে কাম কৰি যাব পৰাটো বিৰল । এজন সাধাৰণ শিক্ষক, সাহিত্যিক কঠিয়াতলীৰ ঘনকান্ত বৰাই এই নিদৰ্শন দাঙি ধৰিছে । তেওঁৰ আদৰ্শৰ জৰিয়তে আগবাঢ়ি গ'লে নিশ্চিতভাৱে আমাৰ সমাজখন সঠিকভাৱে আগবাঢ়ি যাব ।"

উক্ত অনুষ্ঠানত কঠিয়াতলী অঞ্চলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩৮ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । চিৰ চেনেহী ভাষা মোৰ জননী গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ।

লগতে পঢ়ক: ভূত বাংলাত পৰিণত ৩৬ বছৰীয়া কয়দীবিহীন কাৰাগাৰ

নিৰ্বাচনৰ ফলাফল অত্যন্ত হতাশাজনক;পৰাজয়ৰ দায়িত্ব স্বীকাৰ গৌৰৱ গগৈৰ