ETV Bharat / state

বল্লভভাই পেটেলে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰিবলৈ চেষ্টা কৰিছিল : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

বৰপেটাত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে পদযাত্ৰা । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ ৷

Unity march in Barpeta
বৰপেটাত বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে পদযাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 6:46 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে মঙলবাৰে বৰপেটাত উলিওৱা হয় একতাৰ সমদল ।‌ 'এক ভাৰত- আত্মনিৰ্ভৰ ভাৰত' শ্লোগানেৰে ৰূপায়ণ কৰা এই সমদলৰ মঙলবাৰে দুপৰীয়া বৰপেটা জিলা পুথিভঁৰাল প্ৰাংগণত অসম চৰকাৰৰ মন্ত্ৰী তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সেউজীয়া পতাকা জোকাৰি উদ্বোধন কৰে ।

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত সমদলত বৰপেটাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দল-সংগঠনৰ প্ৰতিনিধি আৰু সাধাৰণ লোকেও অংশগ্ৰহণ কৰে । পদযাত্ৰাত বৰপেটা চহৰৰ মূল পথসমূহক সামৰি লোৱা হয় ।‌

বৰপেটাত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে পদযাত্ৰা (ETV Bharat Assam)

আনহাতে, পদযাত্ৰা উদ্বোধন কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে চৰ্দাৰ বল্লভভাই পেটেলে ভাৰতৰ প্ৰতিখন ৰাজ্যক একত্ৰিত কৰি এখন শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণ কৰিবলৈ কাম কৰিছিল । ‌ইয়াৰ লগতে তেওঁ ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰিবলৈও চেষ্টা কৰিছিল ।‌ চৰ্দাৰ পেটেলৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি তেওঁৰ সপোনক বাস্তৱ ৰূপ দিবলৈ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে একতাৰ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে ।‌

Unity march in Barpeta
বৰপেটাত বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে পদযাত্ৰা (ETV Bharat Assam)

আনহাতে, এই পদযাত্ৰা সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, "পূৰ্বৰ উপ-প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্মবাৰ্ষিকী আজি সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হৈছে । আমাৰ বৰপেটাতো দুঠাইত এই পদযাত্ৰা উলিওৱা হ'ব । এটা আজি বৰপেটা টাউনত হ'ল । আৰু এটা বৰপেটাৰোডত ২২ তাৰিখে হোৱাৰ কথা আছে ।"

Unity march in Barpeta
বৰপেটাত বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে পদযাত্ৰা (ETV Bharat Assam)

তেওঁ লগতে কয়, "এই পদযাত্ৰাৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে এক ভাৰত আত্মনিৰ্ভৰ ভাৰত । গতিকে চৰ্দাৰ বল্লভভাই পেটেলৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আগত আৰু পিছত তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য সকলোৰে চিন্তা-চৰ্চা তেওঁ আলোচনা কৰি ভাৰতখন একত্ৰিত তেওঁ কৰিছিল ।"

এই পদযাত্ৰাত বৰপেটাৰ জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :আইফেল টাৱাৰ চাবলৈ যাব নালাগে পেৰিছলৈ, বাণিজ্য মেলাত দেশী-বিদেশী বিপণিৰ পয়োভৰ
লগতে পঢ়ক :দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত মন্তব্য কৰি শিলচৰত আটক এজন