ETV Bharat / state

ঐৰাৱতৰ পিঠিত উঠি কোন যায় দৰা সাজি, সোঁৱৰাই অতীত মাধুৰী

চাৰিচকীয়া-দুচকীয়া বাহনত নহয়, এইবাৰ হাতীত উঠি কইনা নিবলৈ আহিল দৰা । জাকজমকতা এৰি প্ৰাচীন প্ৰথাৰে যাত্রা বৰযাত্ৰীৰ ।

Majuli Grooms elephant journey
ঐৰাৱতৰ পিঠিত উঠি কোন যায় দৰা সাজি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 8:58 PM IST

|

Updated : December 2, 2025 at 12:06 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : এফালে আঘোণৰ সোণালী লখিমী ঘৰ চপোৱাৰ সময়, আনফালে ঘৰৰ লখিমীক আদৰি সংসাৰ পতাৰ বতৰ । এতিয়া হৈছে বিয়াৰ বতৰ । আধুনিকতা, পৰম্পৰা আৰু ৰীতি-নীতিৰ সমাহাৰেৰে নিজা নিজা ধৰণে দৰা-কইনাই নিজৰ অতিকে সোণালী মুহূৰ্তটো সজীৱ কৰি ৰখাৰ আখৰা । তাৰ মাজতে দুই-একে আকৌ ব্যতিক্ৰমী প্ৰয়াসেৰে চমক সৃষ্টিৰো পৰিকল্পনা । মুঠতে নিজৰ যুগ্মজীৱনৰ মুহূৰ্তটো সুন্দৰ-সজীৱ কৰি ৰখাৰ প্ৰয়াস ।

এই ধাৰাৰ মাজতে এখন বিশেষ বিয়াই এতিয়া মাজুলীত চৰ্চা লাভ কৰিছে । কিয়নো এই বিয়াখনে স্মৰণ কৰাইছে অতীত মাধুৰী, বিলাই দিছে পুৰণি পৰম্পৰাৰ সুবাস । দেওবাৰে মাজুলীত সম্পন্ন হোৱা এখন ব্যতিক্ৰমী বিয়াৰ কথা এতিয়া মানুহৰ মুখে মুখে চৰ্চিত হৈ আছে ।

ঐৰাৱতৰ পিঠিত উঠি কোন যায় দৰা সাজি, সোঁৱৰাই অতীত মাধুৰী (ETV Bharat Assam)

চাৰিচকীয়া বা দুচকীয়া বাহনত নহয়, ঘোঁৰা বা ৰথতো নহয়, এইবাৰ হাতীৰ পিঠিত উঠি কইনা আনিবলৈ আহিল দৰা । জাকজমকতা এৰি প্ৰাচীন প্ৰথাৰে কইনা ঘৰলৈ যাত্রা বৰযাত্ৰীৰ । পুৰণি পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস ৰাইজৰ । মাজুলীৰ এইখন ব্যতিক্ৰমী বিয়াই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

দৰা-কইনা দুয়োৰে ঘৰ মাজুলীত । দৰাৰ ঘৰ বিহিমপুৰত, আনহাতে কইনাৰ ঘৰ পতিয়ঁৰিত । এইবাৰ দৰা গ'ল হাতীৰ পিঠিত উঠি কইনা আনিবলৈ । দৰাক সহযোগ আগবঢ়াই দৰাৰ পাছে পাছে কইনা ঘৰলৈ প্রায় দুই কিলোমিটাৰ খোজকাঢ়ি গ'ল বৰযাত্ৰী ।

এই বিশেষ বিয়াখন সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত কয়, "আগতে নেদেখা এখন বিয়া দেখিবলৈ পালোঁ । ১০-২০ খন গাড়ী লৈ যোৱা বিয়া বহুত দেখিলোঁ, কিন্তু হাতীৰ পিঠিত উঠি দৰা যোৱা প্ৰথম দেখিছোঁ ।"

Majuli Grooms elephant journey
ঐৰাৱতৰ পিঠিত উঠি কোন যায় দৰা সাজি (ETV Bharat Assam)

তেওঁ লগতে কয়, "এনেদৰে পৌৰাণিক কিছুমান নীতি-নিয়ম দেখুৱাব লাগে, যাতে নতুন প্ৰজন্মই এইবোৰ চিনি পায় । যিজন যুৱকে কালি দৰা হৈ হাতীৰ পিঠিত উঠি গৈছিল, তেওঁৰ পিতৃৰ আশা আছিল পুত্ৰক হাতীৰ পিঠিত উঠাই কইনা আনিবলৈ যাব । যদিও পিতৃ এতিয়া নাই, তথাপিও পিতৃৰ কথা ৰাখি পুত্ৰই এনেদৰে বিবাহ অনুষ্ঠিত কৰিলে ।"

উল্লেখ্য যে এই বিয়াখনৰ হাতীৰ পিঠিত উঠি কইনাঘৰলৈ যোৱা দৰাজন হৈছে প্ৰয়াত ৰামেশ্বৰ শইকীয়াৰ পুত্ৰ ৰামানুজ শইকীয়া । আনহাতে, কইনা হৈছে দেবেন বৰাৰ কন্যা দেবৰ্ণা বৰা । এতিয়া এই ব্যতিক্ৰমী বিয়াখনৰ বাবে দুয়ো চৰ্চাত আছে ।

লগতে পঢ়ক :ৰথত উঠি কইনা আনিবলৈ গ'ল ৰাজীৱ
লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ দ্বিতীয় বিবাহ: বচা বচা অতিথিৰে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান
Last Updated : December 2, 2025 at 12:06 PM IST