ৰথত উঠি কইনা আনিবলৈ গ'ল ৰাজীৱ
এখন ব্যতিক্ৰমী বিবাহ ৷ কইনাৰ ঘৰলৈ যাওতে যাত্ৰা পথত গালে 'মায়াবিনী ৰাতিৰ বুকুত...' ৷

Published : December 1, 2025 at 1:42 PM IST
নলবাৰী : দৰাক ৰথত নিবলৈ সাজু । দৰাঘৰৰ সদস্য়ৰ লগতে বন্ধু-বান্ধৱীয়ে হাঁহি স্ফুৰ্তি কৰি দৰাৰ সৈতে যাবলৈ ৰথখনৰ চাৰিওফালে সাজু হৈছে । এই ৰথখন সজাইছে ৰঙীন আলোকেৰে । অৱশেষত ৰাজকীয় ভংগীমাৰে দৰা উঠিল ৰথত । এখন ব্য়তিক্ৰমী বিয়াৰ এয়া আছিল দৰাঘৰৰ অন্তিম দৃশ্য় । প্ৰেয়সীক চমক দিবলৈ দৰা মাৰ্চিডিজ অথবা বিলাসী বাহনত নুঠিল । আধুনিক চমকৰ পৰিৱৰ্তে দৰাই কইনাৰ ঘৰলৈ যাত্ৰা কৰিলে ৰথত উঠি ।
নলবাৰীৰ এখন ব্যতিক্ৰমী বিয়া ৷ বিয়াৰ কইনা আনিবলৈ দৰা গ’ল ৰথত ৷ সকলোৱে গালে জুবিনৰ 'মায়াবিনী' গীতটো ৷ দৰাঘৰীয়াই 'জুবিন জয় ধ্বনি'ৰে পালে কইনাঘৰ ৷ দৰাঘৰত আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাট আউট । জিলাখনৰ বৰভাগৰ কলা নিৰ্দেশক ৰাজীৱ আহমেদে ৰায়মাধাৰ ছৈয়দা জেচমিন আখতাৰৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলিলে ৷ এবছৰীয়া প্ৰেমৰ সম্পৰ্কক স্থায়িত্ব প্ৰদান কৰিবলৈ এইদৰে ব্য়তিক্ৰমী ৰূপত উপস্থিত হয় কইনাঘৰত ।
ইতিমধ্যে ভ্ৰাম্যমাণ মঞ্চ জগতত কলা নিদেৰ্শক হিচাপে পৰিচিত ৰাজীৱ আহেমেদে দেওবাৰে তেওঁৰ বিবাহস্থলীতো কলা প্ৰদৰ্শনেৰে অভ্যাগতসকলক আদৰিলে । বৰভাগৰ এই ব্যতিক্ৰমী বিয়াখনে আধুনিক চমকৰ পৰিৱৰ্তে এক ব্য়তিক্ৰমী চিন্তাৰ প্ৰতিফলন ঘটালে ৷ তেওঁৰ এই ব্যতিক্ৰমী প্ৰয়াসক শলাগিলে সকলোৱে ৷ এই সন্দৰ্ভত কইনা জেচমিনে কয়, "ৰাজীৱ ৰথত আহিব বুলি সপোনতো ভবা নাছিলো ৷" একপ্ৰকাৰ দৰা ৰাজীৱৰ এই ব্যতিক্ৰমী চিন্তাক কইনা জেচমিনে প্ৰশংসাৰে উপচাই পেলালে ৷
দৰা ৰাজীৱ আজি বহুতেই সুখী । এবছৰ তিনিমহীয়া প্ৰেমক স্বীকৃতি দি দৰা সাজত ওলোৱা ৰাজীৱে কয়, "প্ৰেয়সীক ছাৰপ্ৰাইজ দিবলৈ মোৰ মনটোক এই ব্যতিক্ৰমী চিন্তাই পৰিচালনা কৰিছিল ।"

উল্লেখ্য় যে ৰাজীৱ আহমেদ এগৰাকী চিত্ৰশিল্পী । তেওঁ নিজৰ পৰিকল্পনাৰে আৰু বন্ধুবৰ্গৰ সহযোগত এই বিশেষ ৰথখন সাজি উলিয়াই । গুৰুজী আদ্য শৰ্মাৰ শিষ্য ৰাজীৱ আহমেদে অসমৰ প্ৰায়ভাগ থিয়েটাৰতেই চিত্ৰশিল্পীৰূপে কাম কৰিছে । সেয়েহে তেওঁৰ নিজৰ বিবাহত এনেদৰে বিশেষ ৰথ নিৰ্মাণ কৰাত চৰ্চা লাভ কৰে । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ তেওঁ অনুৰাগী । সকলো সময়তে জুবিন গাৰ্গৰ গীতেৰে জীৱন অতিবাহিত কৰা ৰাজীৱে তেওঁৰ বিয়াত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰে এটি ষ্টলো নিৰ্মাণ কৰে য'ত সকলো অতিথিয়ে শিল্পীগৰাকীক শ্ৰদ্ধা জনায় ।

