শ্ৰম কোড দাহন কৰি ৰাজ্যজুৰি শ্ৰমিকৰ বিক্ষোভ
‘শ্ৰম কোড'ৰ চৰকাৰী জাননী শীঘ্ৰে বাতিল কৰাৰ দাবী জনালে অসমৰ শ্ৰমিক সংগঠনসমূহে ।

Published : November 26, 2025 at 10:32 PM IST
গুৱাহাটী : দেশৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ যৌথমঞ্চই আহ্বান জনোৱা দেশজোৰা ‘শ্ৰম কোড' দাহন কাৰ্যসূচী অসমতো প্ৰতিখন জিলাৰ সদৰত পালন কৰা হয় । কেন্দ্ৰীয় চৰকাৰে ২১ নৱেম্বৰৰ পৰা চাৰিটা শ্ৰম কোডৰ কাৰ্যকৰী ৰূপ দিয়াৰ বাবে চৰকাৰী জাননী জাৰি কৰে । এই সংস্কাৰসমূহ পূৰ্বৰ ২৯ টা বিভক্ত আইনক একত্ৰিত কৰি অনা হৈছে ।
কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে শ্ৰমিক-কৰ্মচাৰী সংগঠনসমূহে ২৬ নৱেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ আহ্বান জনাইছিল । এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ বিভিন্ন জিলাত শ শ শ্ৰমিকে ‘শ্ৰম কোড'ৰ কপি দাহন কৰি প্ৰবল প্ৰতিবাদ সব্যস্ত কৰে ।
একেদৰে গুৱাহাটী মহানগৰীতো আই এন টি ইউ চি, এ আই টি ইউ চি, চি আই টি ইউ, এ আই ইউ টি ইউ চি, ইউ টি ইউ চিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে বিৰুবাৰী আৰ কে মিছন পথত থকা কেন্দ্ৰীয় শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি ‘শ্ৰম কোড'ৰ কপি দাহন কৰে ।

বিক্ষোভকাৰীসকলে কেন্দ্ৰীয় উপ-মুখ্য শ্ৰম আয়ুক্ত এন চি কৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মাই কয়, "এই ‘শ্ৰম কোড' কেৱল মাত্ৰ দেশী-বিদেশী পুঁজিপতিসকলক সুবিধা দিয়াৰ বাবে প্ৰণয়ন কৰা হৈছে । এই ‘শ্ৰম কোড'ৰ সকলোতকৈ আপত্তিজনক বিষয় হ'ল নিৰ্দিষ্ট সময়ৰ নিয়োগ পদ্ধতি প্ৰৱৰ্তন কৰা । যি পদ্ধতিয়ে শ্ৰমিক-কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ সাংবিধানিক অধিকাৰ কৰ্তন কৰিব । দেশৰ বৃহৎ উদ্যোগপতিসকলে বিচৰা ধৰণে ইজ অৱ ডুয়িং বিজনেছ আৰু কষ্ট কাট (উৎপাদন খৰচ কমোৱা) নীতিক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে এই শ্ৰম কোড অনা হৈছে ।"

শৰ্মাই লগতে কয়, "শ্ৰম কোড সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'লে শ্ৰমিকৰ ধৰ্মঘট কৰাৰ অধিকাৰ নাথাকিব, উপযুক্ত ন্যুনতম মজুৰিৰ পৰা বঞ্চিত হ'ব, মজুৰি বা অন্যান্য সা-সুবিধা নিয়োগকৰ্তাৰ পৰা আদায় নাপালে তেনে নিয়োগকৰ্তাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাত বাধা হ'ব । তিনিশতকৈ কম শ্ৰমিক-কৰ্মচাৰী থকা প্ৰতিষ্ঠানত কৰ্তৃপক্ষই শ্ৰমিক চাটাই কৰা, লে-অফ দিয়া, লোক-আউট কৰা ইত্যাদি বাবে মুক্ত হৈ পৰিব । ঠিকা শ্ৰমিকসকল বৰ্তমানতকৈ অধিক ৰূপত শোষণৰ বলি হ'ব । আঁচনিভুক্ত কৰ্মচাৰীসকলে উত্থাপন কৰি থকা নিয়মীয়াকৰণৰ দাবী শ্ৰম কোডে নস্যাৎ কৰিব ।"
তেওঁ শ্ৰম কোডৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ আন্দোলন সংগঠিত কৰিবলৈ শ্ৰমিক নেতাসকলে আহ্বান জনায় ।
লগতে পঢ়ক : ভাৰতৰ নতুন শ্ৰম সংহিতাৰ অধীনত বোনাছৰ নতুন নিয়ম কি ?

