ETV Bharat / state

জোনাইত বন্যাৰ্তৰ সৈতে কথা পাতিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজুৱে; সংস্থাপনৰ প্ৰতিশ্ৰুতি

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজুৰ লগতে ৰাজ্য়ৰ মন্ত্ৰী ৷ দুই কেন্দ্ৰীয় মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে ধেমাজিৰ বানাক্ৰান্ত অঞ্চল ৷ জোনাইৰ পৰা কৰবী দলেৰ প্ৰতিবেদন...

Union Minister Shivraj Singh Chouhan
বন্যাৰ্তৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2026 at 6:34 PM IST

2 Min Read
Choose ETV Bharat

জোনাই : বুধবাৰে বানবিধ্বস্ত জোনাইৰ ভিন্ন অঞ্চল পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে ৷ দিখাৰী নদীৰ বাঢ়নী পানীত অধিক ক্ষতিগ্ৰস্ত জোনাইৰ অৰুণ চাপৰি, মধুপুৰ, লোহিত পুৰীয়া, চিকেৰ, চেলেক অঞ্চল পৰিদৰ্শন কৰি বান্যাৰ্তৰ সৈতে দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মতবিনিময় কৰে৷

একেদৰে দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে চিমেন চাপৰিৰ চিমেন নদীৰ প্ৰৱল সোঁতত ভাগি পৰা ৰে'ল দলং পৰিদৰ্শন কৰে । ইফালে বন্যাৰ্তৰ সৈতে মত-বিনিময় কৰি খোৱা পানীৰ সমস্যা, ৰাস্তা-ঘাট, বানত ক্ষতিগ্ৰস্ত হোৱা কৃষি পথাৰ আদিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পুনৰ সংস্থাপনৰ আশ্বাস প্ৰদান কৰে ৷

বন্যাৰ্তৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী (ETV Bharat Assam)

সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী চৌহানে কয়,"বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিলো, অতি দুখ লগা পৰিৱেশ ৷ কৃষিভূমি বালিত পোট গৈছে, ৰাস্ত-ঘাট বিধ্বস্ত হৈছে, খোৱা-পানীৰ সমস্যাৰ সৃষ্টি হৈছে, বাসস্থানৰ অসুবিধা ৷ ৰাইজৰ দুখৰ সময়ত আমি তেওঁলোকৰ সৈতে আছো ৷ সেয়ে তাৎক্ষণিকভাবে ব্যৱস্থা গ্ৰহণ কৰি কিছু সমস্যা সমাধান চেষ্টা কৰা হৈছে ৷ ক্ষতিগ্ৰস্ত কৃষকৰ বাবে এক বিকল্প ব্যৱস্থাৰ চিন্তা কৰি থকা হৈছে ৷"

তেওঁ লগতে কয়,"বানৰ পাছত স্বাস্থ্যৰ সমস্যাৰ উদ্ভৱ হ'ব ৷ তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ নিশা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া পৰ্যালোচনা বৈঠকত সকলো তথ্য পোৱা যাব ৷ সেই তথ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত অৰ্পণ কৰিম ৷ দুৰ্ভগীয়া ৰাইজৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"

Union Minister Shivraj Singh Chouhan
বানবিধ্বস্ত জোনাইত দুই কেন্দ্ৰীয় মন্ত্ৰী (ETV Bharat Assam)

উল্লেখযোগ্য যে, অসম-অৰুণাচল সীমান্তত হোৱা নেৰানেপেৰা বৰষুণৰ পাছতে পাহাৰৰ পৰা নামি অহা কেইবাখনো খৰস্ৰোতা নৈয়ে জোনাইৰ বিভিন্ন অঞ্চল বিস্তৰ ক্ষতিসাধন কৰিছে ।

প্ৰায় ২০ খনতকৈও অধিক গাঁৱৰ প্ৰায় পাঁচ শতাধিক পৰিয়ালক বানত আক্ৰান্ত হৈছে ৷ ইফালে বান কিছু পৰিমাণে উন্নত হৈ যদিও বানপীড়িত ৰাইজৰ জীৱন-যাপন এতিয়াও স্বাভাৱিক হোৱা নাই।

Union Minister kiren rijiju
জোনাইৰ ভিন্ন অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰীৰ (ETV Bharat Assam)

বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ অভাৱৰ লগতে স্বাস্থ্যজনিত সমস্যাইও বানাক্ৰান্ত পৰিয়ালসকলক জুৰুলা কৰি তুলিছে।

আনহাতে, দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক জোনাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কালত মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী অতুল বৰা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, জীৱন গগৈৰ লগতে অন্য় স্থানীয় নেতৃত্বই সংগ দিয়ে ৷

লগতে পঢ়ক: আনৰ ঘৰত গাড়ী-মটৰ, আমাৰ ঘৰত নাও-ভূৰ... ধেমাজিৰ বানাক্ৰান্তৰ বেদনা