চৈয়দ ছাদ্দুলাৰ জীৱনজোৰা সাধনা আমাৰ জাতিৰ মাজত সদায় জীৱন্ত হৈ ৰ'ব: সৰ্বানন্দ সোণোৱাল
বিশিষ্ট শিল্পী প্ৰয়াত চৈয়দ ছাদুল্লাক শ্ৰদ্ধাঞ্জলি জনাবলৈ ঢাপলি মেলিছে শাসক বিৰোধীৰ নেতা-মন্ত্ৰী । সুঁৱৰিলে প্ৰয়াত শিল্পীগৰাকীৰ কৰ্মৰাজী ।

Published : November 2, 2025 at 12:45 PM IST
ডিব্ৰুগড়: 'এয়া আকাশবাণী ডিব্ৰুগড়' বুলি কোৱা ৰেডিঅ'ৰ সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ'ল । শ্ৰোতা ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা অসমৰ যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্ট চৈয়দ ছাদুল্লাই বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা পাছতেই যেন উকা হৈ পৰিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন ।
গীটাৰিষ্ট আৰু অনাতাঁৰ শিল্পী চৈয়দ ছাদুল্লাক ৰাজ্যিক মৰ্যাদাৰে শুকুৰবাৰে শেষ শ্ৰদ্ধা অপৰ্ণ কৰা হয় । অগণন গুণমুগ্ধৰ উপস্থিতিত ডিব্ৰুগড়ৰ নালীয়াপুলৰ কবৰস্থানত জানাজা সম্পন্ন কৰা হয় । ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ৰাজ্যিক মন্ত্ৰীও ঢপলিয়াই আহিছে যশস্বী সুৰকাৰ অনাতাঁৰ শিল্পী চৈয়দ ছাদুল্লাক শ্ৰদ্ধা জনাবলৈ । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁৰ গৃহত উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ।
জীৱনযোৰা সাধনা আমাৰ জাতিৰ মাজত সদায় জীৱন্ত হৈ ৰ'ব:
সদ্য প্ৰয়াত বিশিষ্ট আনাঁতাৰ শিল্পী চৈয়দ ছাদ্দুলাৰ ডিব্ৰুগড়ৰ নালিয়াপুলস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকস্তব্ধ পৰিয়ালটোক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । লগতেই শিল্পীগৰাকীৰ সৈতে পাৰ কৰা মধুৰ স্মৃতিৰ বিষয়ে পৰিয়ালৰ আগত অৱগত কৰে সোণোৱালে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কয়,"অসমৰ ৰাইজৰ মৰমৰ আৰু আদৰ্শৰ শিল্পী চৈয়দ ছাদ্দুলাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ হোৱাৰ ওপৰিও তেওঁ নেত্ৰদান কৰি মহান কাম কৰি গ'ল । মহান শিল্পীৰ মহৎ চিন্তা তেওঁৰ দ্বাৰা প্ৰতিফলিত হৈছে । তেওঁৰ জীৱনযোৰা সাধনা আমাৰ জাতিৰ মাজত সদায় জীৱন্ত হৈ ৰ'ব ।"
তেওঁৰ মৃত্যু অসমৰ অপূৰণীয় ক্ষতি:
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা চৈয়দ ছাদুল্লাক শ্ৰদ্ধাঞ্জলি জনাই নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । বিশিষ্ট শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয়,"চৈয়দ ছাদুল্লা সাংস্কৃতিকভাৱে অতি প্ৰতিভাৱান আছিল । সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁৰ ডাঙৰ ভূমিকা আছিল । এজন মানবতাবাদী শিল্পী আছিল । তেওঁৰ মৃত্যু অসমৰ অপূৰণীয় ক্ষতি ।"
তেওঁ মাটিৰ মানুহ আছিল:
সদ্য প্ৰয়াত বিশিষ্ট আনাঁতাৰ শিল্পী চৈয়দ ছাদ্দুলাৰ ডিব্ৰুগড়ৰ নিজা বাসগৃহত শিল্পীগৰাকীৰ আত্মীয়ৰ কাষত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই । প্ৰয়াত শিল্পী গৰাকীক বাসগৃহত থকা প্ৰতিচ্ছবিৰ সন্মুখত সেৱা জনায় মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰীগৰাকীয়ে তেখেতৰ ছাত্ৰাৱস্থাৰ সৃষ্টিৰাজি আৰু অনাতাঁৰ কেন্দ্ৰৰ লগতে বিভিন্ন অনুষ্ঠানৰ স্মৃতি স্মৰণ কৰে । মন্ত্ৰীগৰাকীয়ে কয়,"তেখেতৰ কন্ঠ এতিয়াও কাণত ভাঁহি থাকে । ছাত্ৰ অৱস্থাৰ পৰাই তেখেতক ভালকৈ জানিছিলোঁ । তেওঁৰ মৃত্যু সমাজ জীৱনৰ অপূৰণীয় ক্ষতি । তেওঁ মাটিৰ মানুহ আছিল ।"

