কিংবদন্তি ব্যক্তি বীৰছা মুণ্ডাক সশ্ৰদ্ধ স্মৰণ বিশ্বনাথত
কিংবদন্তি ব্যক্তি বীৰছা মুণ্ডাক সশ্ৰদ্ধ সোঁৱৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । বিশ্বনাথৰ বৰগাঙত জনজাতীয় গৌৰৱ দিৱস উদযাপন ।

Published : November 15, 2025 at 9:39 PM IST
বিশ্বনাথ: ব্ৰিটিছ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে যুঁজৰ অন্য এক মহানায়ক আছিল বীৰছা মুণ্ডা । ইয়াৰ সমান্তৰালকৈ তেখেতে আদিবাসী অধিকাৰ আৰু সংস্কৃতিৰ হকে আন এক শক্তিশালী যুঁজ দিছিল । এনে মহানুভৱতাৰে তেখেত হৈ পৰিছিল আদিবাসীসকলৰ বাবে ভগৱানস্বৰূপ আৰু দেশৰ ইতিহাসৰ এক কিংবদন্তি ব্যক্তি ।
এইগৰাকী কিংবদন্তি ব্যক্তিৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে শনিবাৰে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সম-জিলাত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় জনজাতীয় গৌৰৱ দিৱস । জিলাখনৰ বৰগাঙৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটি ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি কিংবদন্তি ব্যক্তিগৰাকীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
গুজৰাটৰ নৰ্মদা জিলাৰ ডেডিয়াপাৰাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰ্যসূচীত প্ৰদান কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰো এই অনুষ্ঠানত পোনপটীয়া সম্প্ৰচাৰ কৰা হয় । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিহালী তিনিআলিত থকা বীৰছা মুণ্ডাৰ আৱক্ষ মূৰ্তিত মাল্যাৰ্পন কৰে ।

আজিৰ অনুষ্ঠানটিত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী, জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আজগৌৰণ বসুমতাৰী, সমাজকৰ্মী অসীম দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

এই অনুষ্ঠানৰ পূৰ্বে জিলা প্ৰশাসনৰ উদ্যোগত সভাস্থলীত অনুষ্ঠিত হোৱা জনজাতীয় খাদ্য, বস্ত্ৰ তথা কৃষি প্ৰদৰ্শন মূলক বিপনীৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে । ইফালে বিহাৰৰ নিৰ্বাচনৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "এন ডি এক বিহাৰৰ ৰাইজে আদৰি লৈছে যাৰ ফলত বিহাৰৰ ৰাইজে NDA দলক জয় কৰাই চৰকাৰৰ গঠন কৰাব । কাৰণ ৬০ বছৰ কংগ্ৰেছ দলে শাসন কৰি বিহাৰৰ ৰাইজক একো নিদিলে । কংগ্ৰেছ চৰকাৰৰ দিনত কোনো সুৰক্ষিত নাছিল যাৰ ফলত উন্নয়ন আৰু নিবনুৱা সমস্যা দূৰ কৰিবলৈ বিজেপি দলক ভোট দিয়াৰ লগতে NDAক ভোট দিছে ।"

