ETV Bharat / state

যোৰহাটত এতিয়াও বান শিবিৰতে আছে ৬ শতাধিক লোক

যোৰহাটৰ বানৰ ক্ষয়-ক্ষতিৰ খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰ তথা প্ৰশাসনে আগবঢ়োৱা সাহায্যৰ কথা বৰ্ণনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ।

Assam Floods 2026
বান শিবিৰ পৰিদৰ্শন পবিত্ৰ মাৰ্ঘেৰিটাৰ (x@pabitramargherita)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 8:39 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : উজনি অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে । বহু স্থানত এতিয়া পানী শুকাইছে । বানাক্ৰান্ত লোকসকলো ঘৰমুৱা হৈছে । কিন্তু যোৰহাটত এতিয়াও ৬৪৫ গৰাকী লোক শিবিৰতে দিন কটাইছে । ৮,৫২৩ গৰাকী লোক এতিয়া বানৰ পৰিস্থিতিৰ পৰা মুক্ত হ'ব পৰা নাই । দেওবাৰৰ দিনটোলৈ যোৰহাট জিলাৰ বান পৰিস্থিতিৰ খতিয়ান দাঙি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।

জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ তথ্য প্ৰকাশ কৰি তেওঁ কয়, "যোৰহাটৰ মুঠ ৩০৫ খন গাঁও বানৰ কবলত পৰিছিল । ইয়াৰ ভিতৰত ২৬৫ খন গাঁৱত পানী শুকাইছে । কিন্তু ৪০ খন গাঁও এতিয়াও জলমগ্ন হৈয়ে আছে । তেওঁ উল্লেখ কৰা মতে জুলাই মাহত অহা মহাপ্ৰলয়ত জিলাখনৰ সৰ্বমুঠ ১ লাখ ৬৬ হাজাৰ ৮৪ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । তাৰে বেছিভাগ লোকে নিজ ঘৰলৈ উভতি গৈ কাম-কাজ আৰম্ভ কৰিছে যদিও ৮,৫২৩ গৰাকী বানাক্ৰান্ত এতিয়াও দুৰ্দশাগ্ৰস্ত জীৱন কটাই আছে ।

যোৰহাটৰ বানৰ ক্ষয়-ক্ষতিৰ খতিয়ান পবিত্ৰ মাৰ্ঘেৰিটাৰ (ETV Bharat)

তেওঁ লগতে কয়, "বানৰ সময়ত জিলাখনত মুঠ ৪১ টা বান সাহায্য শিবিৰ স্থাপন কৰা হৈছিল । তাৰ ভিতৰত এতিয়াও ৬ টা শিবিৰ চলি আছে । য'ত শিশুকে ধৰি ৬৪৫ গৰাকী লোক এতিয়াও আছে ।"

পশুধনৰ ক্ষতি সন্দৰ্ভত তেওঁ কয়, "বানত জিলাখনৰ ১ লাখ ১৮ হাজাৰ ১২ টা পশুধনৰ ক্ষতি হৈছিল । বিগত ২৪ ঘণ্টাত নতুনকৈ ২,৬২৭ টা পশুধন বানৰ কবলত পৰিছে ।"

বানাক্ৰান্তৰ সাহায্যকে ধৰি চৰকাৰ তথা প্ৰশাসনে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাটত ২১ জুলাইৰ পৰা দেওবাৰলৈ ৫২১ টা চিকিৎসা শিবিৰ স্থাপন কৰা হৈছে । মোবাইল চিকিৎসা শিবিৰ ১৫৬ টা, ভাৰতীয় সেনাৰ দ্বাৰা ৪ টা আৰু বিভিন্ন সংস্থাৰ দ্বাৰা প্ৰায় ৬ টা চিকিৎসা শিবিৰ স্থাপন কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে । য'ত ৩০,১৮০ গৰাকী লোকে স্বাস্থ্য পৰীক্ষা কৰিছে বুলিও তেওঁ কয় । একেদৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ১৯৯ টা পানীৰ উৎসৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে ।

Assam Floods 2026
বানত ক্ষতিগ্ৰস্ত যোৰহাট (ETV Bharat)

আনহাতে বানাক্ৰান্তৰ সাহায্যৰ বাবে জিলাখনৰ ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰ হলেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মন্ত্ৰীগৰাকীৰ নেতৃত্বত সাহায্য সংগ্ৰহ অভিযানত যোৰহাট থিয়েটাৰ হলক এতিয়ালৈ বিভিন্ন ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰায় ৬ লাখ ৫০ হাজাৰ টকা নগত ধন আগবঢ়াইছে । বহু প্ৰতিষ্ঠানে বস্ত্ৰ আৰু বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীও আগবঢ়াইছে ।

ইফালে ব্যক্তিগতভাৱে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও যোৰহাট থিয়েটাৰ হলক ১ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও উল্লেখ কৰে । শীঘ্ৰে যোৰহাট থিয়েটাৰ হল কৰ্তৃপক্ষই জিলাখনৰ বানপীড়িত অঞ্চলৰ লগতে শিৱসাগৰ আৰু নাজিৰালৈ গৈ বানাক্ৰান্তক সাহায্য সামগ্ৰী বিতৰণ কৰিব । দেওবাৰে সংবাদমেল সম্বোধন কৰি যোৰহাট থিয়েটাৰ হলৰ অন্যতম সদস্য পবিত্ৰ মাৰ্ঘেৰিটাই এই কথা উল্লেখ কৰে । সংবাদমেলত থিয়েটাৰ হলৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : নেপালীখুঁটিত সিদিনা ৬ খন নাও লৈ যেন দেৱদূত হৈ আহিছিল ৰবি কুমাৰ !