ETV Bharat / state

ঘন কুঁৱলীৰ বাবে অসম ভ্ৰমণ স্থগিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ !

বিমান সেৱাত সৃষ্টি হোৱা বাধাৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷

AMIT SHAH ASSAM VISIT
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (ANI)
author img

By ETV Bharat Assamese Team

Published : December 29, 2025 at 12:14 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: দেওবাৰে নিশাৰ সলনি সোমবাৰে পুৱাহে আহি অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ প্ৰথমাৱস্থাত দেওবাৰে নিশাৰ ভাগতে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ আহি উপস্থিত হোৱাৰ কথা আছিল যদিও এই কাৰ্যসূচী সোমবাৰে পুৱালৈকে স্থগিত ৰখা হৈছে ৷ ঘন কুঁৱলীৰ বাবে বিমান সেৱাত দেখা দিয়া বাধাৰ বাবে সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ কাৰ্যসূচী ৷

পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি দেওবাৰে নিশা ১১ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পোনে পোনে খানাপাৰাস্থিত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নিশাটো কটোৱাৰ কথা আছিল ৷ সোমবাৰে পুৱাৰে পৰা নিৰ্ধাৰণ কৰা হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কেতবোৰ চৰকাৰী কাৰ্যসূচী ৷ যাৰ ভিতৰত আছে কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন ৰাজহুৱা সভা ৷

এতিয়া সোমবাৰে পুৱা ১০.৩০ বজাতহে গুৱাহাটী বিমানবন্দৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ ৷ তাৰ পৰাই তেওঁৰ দুদিনীয়া অসম ভ্ৰমণ আৰম্ভ হ’ব ।

পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পুৱা ১০.১৫ বজাত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত পুৱা ১১.৩০ বজাত বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰাৰ লগতে বিশাল জনসভাত ভাষণ দিয়াৰ কথা আছিল ৷ কিন্তু আকস্মিকভাৱে বতৰে ৰূপ সলনি কৰাত মন্ত্ৰী শ্বাহৰ পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচীত কিছু সালসলনি ঘটাৰ সম্ভাৱনা আছে ৷

বিয়লিভাগত মন্ত্ৰী শ্বাহে খানাপাৰাত নতুনকৈ নিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু পৰৱৰ্তী সময়ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব ।

অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ সাময়িকভাৱে স্থগিত হ’লেও সোমবাৰৰ কাৰ্যসূচীসমূহ যাতে সূচাৰুৰূপে পৰিচালিত হয়, তাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক: ৩১ ডিচেম্বৰলৈ অসমত অব্যাহত থাকিব ঘন কুঁৱলীৰ লগতে শীতৰ প্ৰকোপ