গুৱাহাটীত মুকলি হ'ব অত্যাধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ
গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব অত্যাধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটো ৷ প্ৰেক্ষাগৃহটোতত কি কি ব্যৱস্থা থাকিব ?

Published : December 28, 2025 at 1:12 PM IST
গুৱাহাটী : অপেক্ষা আৰু কিছু মুহূৰ্তৰ ৷ সোমবাৰে গুৱাহাটী মহানগৰীত মুকলি হ'ব অত্যাধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ । গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধনী কৰিব এই অত্যাধুনিক প্ৰেক্ষাগৃহটো । দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকল্পটো পৰিদৰ্শন কৰি প্ৰেক্ষাগৃহটো সবিশেষ ফেচবুক লাইভযোগে দাঙি ধৰে ।
তেওঁ কয়, ‘‘অসমৰ সাংস্কৃতিক নৱজাগৰণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশাল অৱদান আমি পাহৰিব নোৱাৰো । গুৱাহাটীৰ মাজমজিয়াত কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই ৰাজ্য চৰকাৰে ৫ হাজাৰ আসনযুক্ত এটা সুন্দৰ কলামন্দিৰ নিৰ্মাণ কৰিছে । অহা কালি আবেলি ৪ বজাত গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰিব । এই প্ৰকল্পটোৱে আমাৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব । এই প্ৰেক্ষাগৃহটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ হ'ব ।"
- কি কি ব্যৱস্থা থাকিব প্ৰেক্ষাগৃহটোৰ ভিতৰত ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে, প্ৰেক্ষাগৃহটোৰ বাহিৰত পাৰ্কিং ব্যৱস্থা কৰা হৈছে । বহু খলপীয়া এই পাৰ্কিঙত একে সময়তে ৪৫০ খন গাড়ী ৰাখিব পৰা ব্যৱস্থা আছে ।

- মিউজিকেল ফাউণ্টেইন
মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰা মতে, এই প্ৰেক্ষাগৃহৰ বাহিৰত ৯ হাজাৰ বৰ্গ মিটাৰৰ এখন বাগিচা আছে । য'ত মিউজিকেল ফাউণ্টেইন, ফুড ক'ৰ্ট আদি থাকিব । মিউজিকেল ফাউণ্টেইনত অনবৰত জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গীত বাজি থাকিব । চাৰিখন ফুড কৰ্টো থাকিব । প্ৰেক্ষাগৃহত অনুষ্ঠান নাথাকিলে ৰাইজে এই কলা মন্দিৰটোৰ অভিজ্ঞতা ল'ব পাৰিব ।
তদুপৰি প্ৰেক্ষাগৃহৰ দুয়োফালে জ্যেতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তি থাকিব । প্ৰেক্ষাগৃহটোত সোমাৱাৰ লগে লগে এখন আটকধুনীয়া ভিডিঅ' স্কীন বিভিন্ন অনুষ্ঠান দেখুৱাই থকা হ'ব ।

মুখ্যমন্ত্ৰী শৰ্মাই ফেচবুক লাইভত কয়, ‘‘প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে অসম গৌৰৱ এশিঙীয়া গঁড়ে আদৰণি জনাব । প্ৰেক্ষাগৃহৰ বাহিৰত অসমৰ আপুৰুগীয়া বাদ্য ৰখাৰ ব্যৱস্থা ৰখা হৈছে । বাদ্যবোৰৰ কেনেকুৱা মিউজিক হয় সেইবোৰ চাব পাৰিব । এখন স্কীন থাকিব, সেই স্কীনখনৰ বুটাম টিপিলেই বাদ্যযন্ত্ৰৰ মিউজক বাজি উঠিব ।’’
তেওঁ লগতে কয়, ‘‘১১ হাজাৰ বৰ্গ মিটাৰ সামৰি থকা কলা মন্দিৰটোত অত্যাধুনিক দৃশ্য শ্ৰাব্য থাকিব । মঞ্চখনত এক লাখ ৱাটৰ প্ৰফেচনেল চাউণ্ড চিষ্টেম থাকিব । তদুপৰি সৰু কনভেনশ্যন চেণ্টাৰ থাকিব । য'ত অনুষ্ঠানৰ পূৰ্বে আখৰা কৰিব পাৰিব । প্ৰেক্ষাগৃহৰ ভিতৰত অনুষ্ঠান লাইভ কৰাৰ ব্যৱস্থা আছে । তাৰোপৰি এটা অতিথিশালাৰ ব্যৱস্থাও আছে এই প্ৰেক্ষাগৃহত ।’’

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, ‘‘প্ৰেক্ষাগৃহটোত বিদ্যুতৰ সলনি সৌৰ শক্তি ব্যৱহাৰ কৰিম । চ’লাৰ পেনেল লগোৱা হৈছে । য'ত প্ৰতিদিনে ১১৯৩১ কিলোৱাট আহৰণ কৰিম । কলা মন্দিৰত অনুষ্ঠান নাথাকিলেও দৰ্শনাৰ্থীয়ে বাহিৰলৈ আহি মিউজিক ফাউণ্টেইনৰ অভিজ্ঞতা ল'ব পাৰিব ।"
| লগতে পঢ়ক : আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ |

