আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ
বিয়লিৰ ভাগত অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী শ্বাহ ৷

By PTI
Published : December 28, 2025 at 7:53 AM IST
গুৱাহাটী : আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ বিভাগীয় তথ্য অনুসৰি, আজি (দেওবাৰ) নিশাৰ ভাগত দুদিনীয়া অসম ভ্ৰমণসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হ’ব শ্বাহ ৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব ।
সোমবাৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন ৰাজহুৱা সভাটো অংশ ল’ব ৷ জানিব পৰা মতে, বটদ্ৰৱালৈ যোৱাৰ পূৰ্বে গৃহমন্ত্রী অমিত শ্বাহে অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাব ৷ তাৰ পাচতে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ বটাদ্ৰৱা থানলৈ ৰাওনা হ’ব ৷
তাৰ পাচতে গুৱাহাটীলৈ উভতি আহি শ্বাহে গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন ভৱন আৰু মহানগৰীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে সংহত কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম (integrated command and control system চমুকৈ ICCS) উদ্বোধন কৰিব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত পোষ্ট কৰি কয়, ‘‘গুৱাহাটীৰ সুৰক্ষাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ২৯ ডিচেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত আৰু এটা ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চিষ্টেম উদ্বোধন কৰিবলৈ সাজু হৈছে, যিয়ে নিৰাপত্তা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাক শক্তিশালী কৰিবলৈ ২০০০ৰো অধিক চিচিটিভি নিৰীক্ষণ কৰিব ।"
Presenting to you the Jyoti Bishnu Prekhyagriha, the region's largest auditorium with a capacity of 5,000 seats to be inaugurated by Adarniya @AmitShah ji on 29th December.
— Himanta Biswa Sarma (@himantabiswa) December 26, 2025
Built in record time it is named after the icons of Assam's cultural landscape as a tribute to them 🙏 pic.twitter.com/KvicqLDnvg
উল্লেখ্য যে, এসময়ত একাংশ লোকে বেদখল কৰি থকা বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি বিজেপি চৰকাৰে হাতত লৈছিল বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ কাম । বৃহত্তৰ বটদ্ৰৱাৰ ৮০০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পাছত গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ কাষৰ ১০০ ৰো অধিক বিঘা ভূমিত এই বটদ্ৰৱা প্ৰকল্পৰ নির্মাণকার্য কৰা হৈছে ৷
২০০ কোটি টকীয়া এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাচত ভকত-বৈষ্ণৱ তথা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৷

