টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান ল'লে নিৰ্মলা সীতাৰমণে
জাগীৰোডত উদ্যোগীসকলৰ সৈতে মত বিনিময় কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ।

Published : November 7, 2025 at 9:37 PM IST
মৰিগাঁও/সোণাপুৰ: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে দিনৰ ভাগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনে পোনে জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত উপস্থিত হয় । দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান লয় । ইয়াৰ পিচতেই স্থানীয় উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।
চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে 'বন্দে মাতৰম' জাতীয় গীতটোৰে উষ্ম আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক । টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত “Enterprise Assam–Viksit Bharat 2047” শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । এই বিশেষ অনুষ্ঠানততেই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ ছাত্র-ছাত্ৰী, ষ্টাৰ্ট আপ উদ্যোগপতি আৰু জ্যেষ্ঠ উদ্যোগপতিসকলৰ সৈতে এক আলোচনাত অংশগ্ৰহণ কৰে ।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ উদ্যোগ আৰু বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে বিস্তাৰিত আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু সহযোগিতাৰ বিষয়ে আলোকপাত কৰে । বিত্তমন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতত এতিয়া আন্তঃগাঁথনি এনেদৰে কৰা হৈছে যে যিকোনো সাধাৰণ মানুহেই তেওঁলোকৰ বাবে ব্য়ৱহাৰ কৰিব পৰা হৈছে ।" কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসম এডভাণ্টেজ ২.০ ৰ উদ্যোগৰ বিষয়ে বক্তব্য প্ৰদান কৰে ।

নিৰ্মলা সীতাৰমণে কয়, "জাগীৰোডত অৰ্ধপৰিবাহীৰ সুবিধা কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূবৰ বাবেও এক সুযোগ । ই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে যে আমিও কৰিব পাৰো ।"

এই অনুষ্ঠানটোত উপস্থিত থাকে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, তথ্য আৰু জনসংযোগ, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মুখ্য সচিব ড৹ ৰবি কোটা, জিলা আয়ুক্ত অনামিকা তেৱাৰী, টাটা ইলেক্ট্ৰনিক্সৰ চি ই অ' ড৹ ৰণধীৰ ঠাকুৰ আদি ।
উল্লেখ্য় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ মাৰ্চত আধাৰশিলা স্থাপন কৰা এই মেগা প্ৰকল্পটোৰ ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে । এই প্ৰকল্পক সৰ্বোচ্চ প্ৰাধান্য দিয়া হৈছে আৰু ফেব্ৰুৱাৰীত উদ্বোধনৰ বাবে সকলো প্ৰস্তুতি তীব্ৰতৰ কৰা হৈছে । নিৰ্মাণ কামত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰে প্ৰকল্পৰ গতি বৃদ্ধি কৰিছে । ৰব’টিক কুকুৰৰ দৰে আধুনিক যন্ত্ৰৰ সহায়ত কাম ত্বৰান্বিত কৰা হৈছে । এই প্ৰকল্পটোৱে প্ৰতিদিনে ৪.৮ কোটি চিপ উৎপাদন কৰিব পাৰিব আৰু ২৭,০০০ ৰো অধিক লোকৰ বাবে প্ৰত্যক্ষ-পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব ।

