৬৩২ কোটি টকা ব্যয়ৰ নদী টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মুকলি কৰিলে নিৰ্মলা সীতাৰমণে
নদী পৰিবহণ ব্যৱস্থাত এক নৱতম সংযোজন ঘটাই শুকুৰবাৰে মুকলি কৰা হয় গুৱাহাটী প্ৰৱেশদ্বাৰ (টাৰ্মিনেল আৰু নদী ঘাট) । আনহাতে, উজানবজাৰত মুকলি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট ৷

Published : November 7, 2025 at 10:35 PM IST
গুৱাহাটী: ৰাজ্যবাসীৰ বাবে সুখবৰ । গুৱাহাটী মহানগৰীত সংযোজিত হ'ল নদী টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট । নদী পৰিবহণ ব্যৱস্থাত এক নৱতম সংযোজন ঘটাই শুকুৰবাৰে মুকলি কৰা হয় গুৱাহাটীৰ প্ৰৱেশদ্বাৰ (টাৰ্মিনেল আৰু নদী ঘাট) । ৩০৫ কোটি টকা ব্যয় সাপেক্ষে এই নদী টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে ।
শুকুৰবাৰে বিয়লি এই নদী টাৰ্মিনেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে । কেন্দ্ৰীয় বিত্তমন্ত্রীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ বিত্তমন্ত্রী অজন্তা নেওগে । কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে নদী টাৰ্মিনেলটো পৰিদৰ্শন কৰাৰ লগতে যাবতীয় সা-সুবিধাৰ বুজ লয় । লগতে তেওঁ টাৰ্মিনেলত জাহাজৰ ফ্লেগ অফ কৰে ।

অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, অসম আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

উল্লেখ্য যে ২০২২ চনৰ ১৩ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক নদী ফেৰী টাৰ্মিনেল গুৱাহাটী গেটৱে ঘাটৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল । ৩০৫ কোটি টকা ব্যয় সাপেক্ষে এই নদী টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে । এই নদী টাৰ্মিনেলটোত আভ্যন্তৰীণ জল পৰিবহণ অসমৰ অধীনৰ সকলো ফেৰী, জাহাজ আদিৰ যাত্ৰা কৰা হ'ব । ক’বলৈ গ'লে একপ্ৰকাৰ উৰাজাহাজৰ বাবে যেনেদৰে গুৱাহাটী বিমানবন্দৰ আছে, তেনেদৰে পানীজাহাজৰ বাবে অসমত প্ৰথমবাৰৰ বাবে এনেধৰণ নদী বন্দৰ অৰ্থাৎ নদী টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে ।

গুৱাহাটীৰ ফাঁচীবজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত এই টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে । নদী টাৰ্মিনেলত ১০০ জন যাত্ৰী বহিব পৰা অপেক্ষাগৃহ আছে । লগতে আছে বজাৰগৃহ, ৰেষ্টোৰা, টিকট ঘৰ আদিৰ সুবিধা । বিশ্ব বেংকৰ পুঁজিৰে অত্যাধুনিকভাৱে অতি দৃষ্টিনন্দন ৰূপত 'গুৱাহাটী প্ৰৱেশপথ ঘাট' (গুৱাহাটী গেটৱে' টাৰ্মিনেল) নিৰ্মাণ কৰা হৈছে । এয়া ভাৰতৰ ভিতৰত প্ৰথম । সেইবাবে এই টাৰ্মিনেলে যাত্ৰী আৰু পণ্যৰ পৰিবহণৰ লগতে অসম আৰু গুৱাহাটীৰ পৰ্যটনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

এই নদী টাৰ্মিনেলটোৰ বৈশিষ্ট্য হৈছে যে এই টাৰ্মিনেলটো সকলো বতৰতে কার্যক্ষম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ভাসমান টার্মিনেল । ইয়াৰ ফেৰী টার্মিনেলৰ নিৰ্মীয়মান এলেকা হৈছে ৬,৮০০ বর্গমিটাৰ আৰু নদীলৈ লিংকস্পেনৰ দৈৰ্ঘ হৈছে ১৭২ মিটাৰ । ডলফিন আৰ্হিত নিৰ্মিত হৈছে টার্মিনেল আৰু ঘাট । ১০০ জনকৈ যাত্রী কঢ়িওৱা ৪ খন কাটামাৰাণ জাহাজ ৰখাৰ পৰা ১২০ মিটাৰ দৈৰ্ঘৰ পন্টুন আছে ।
আনহাতে ১০.৯ মিটাৰ পৰ্যন্ত পৰিৱৰ্তিত জলস্তৰ উপযোগী ঘাট । লগতে আছে ই-টিকেটিং সুবিধাযুক্ত বিশ্বমানৰ টার্মিনেল ভৱন । তদুপৰি নিৰন্তৰ নিৰীক্ষণৰ বাবে অত্যাধুনিক আদেশ আৰু নিয়ন্ত্রণ কেন্দ্ৰ আছে । নদী টাৰ্মিনেলটোত ১৮০ মিটাৰ দৈৰ্ঘৰ বিশেষ পথ নিৰ্মাণ কৰা হৈছে । এই পথেৰে যাত্ৰী আৰু বাহন জাহাজত উঠিব পাৰে । এয়া বিশেষভাৱে নিৰ্মাণ কৰা হৈছে, যাতে নদীৰ পানী কমিলে বা বাঢ়িলে কোনো অসুবিধা নহয় । এই টাৰ্মিনেলটোৱে ভ্ৰমণকাৰী আৰু পৰ্যটকৰ বাবে এক সম্পূৰ্ণ নতুন অভিজ্ঞতা প্ৰদান কৰিব ।
উজানবজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মুকলি
দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমলৈ অহা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক পুৱাৰ ভাগত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্রী অজন্তা নেওগে উষ্ম আদৰণি জনায় । বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় বিত্তমন্ত্রীগৰাকী পোনে পোনে জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পলৈ যায় । দিনৰ ভাগত নিৰ্মলা সীতাৰমণৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে স্থানীয় উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে । তাৰ পাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কইনাধৰা ৰাজ্যিক অতিথিশালালৈ আহে ।

ইয়াৰ পাছত সন্ধিয়া কেন্দ্ৰীয় বিত্তমন্ত্রীগৰাকীয়ে মুঠ ৬৩২ কোটি টকাৰ গুৱাহাটীত দুটাকৈ অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন কৰে । সন্ধিয়া গুৱাহাটীৰ প্ৰৱেশদ্বাৰ (টাৰ্মিনল আৰু নদী ঘাট) মুকলি কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰে । কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রীৰ সৈতে উদ্যানখন পৰিদৰ্শন কৰি ব্ৰহ্মপুত্র নদীৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে ।

অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্রীগৰাকীয়ে কয়, "নদীৰ ক্ষতি নোহোৱাকৈ নাগৰিকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধুনিকভাৱে এই দুয়োটা প্ৰকল্প নিৰ্মাণ কৰা হৈছে । এই প্ৰকল্পৰ কথা কৈ শেষ নাই । গুৱাহাটীৰ নাগৰিকৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা দিয়া হৈছে । ইয়াত মাছৰ এখন বজাৰ আছে আৰু যিখন আঁতৰ কৰোৱা হোৱা নাই । সেইটো অত্যন্ত ভাল কথা । মানুহক আঁতৰাই উন্নয়ন নহয় । নতুনত্বৰ মাজতো পৰম্পৰা ৰক্ষা কৰা হৈছে । কাৰো ক্ষতি কৰা হোৱা নাই । মন্দিৰ, নামঘৰ সুৰক্ষিত কৰি ৰখা হৈছে । নগৰ উন্নয়নৰ ই এক উল্লেখযোগ্য দিশ । উন্নয়নো লাগে আৰু পৰম্পৰাও সুৰক্ষিত হ'ব লাগিব । যিটো ইয়াত দেখিবলৈ পোৱা গৈছে ।"

কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে লগতে কয়, "চাৰিটা ফেৰী টাৰ্মিনেল নিৰ্মাণ কৰাৰ কথা মুখ্যমন্ত্রীয়ে কৈছে । দীৰ্ঘম্যাদী উন্নয়নৰ পৰিকল্পনা কৰা হৈছে । নদী পৰিবহণৰ ওপৰত গুৰুত্ব দিয়া হৈছে । অসমৰ আত্মা ব্ৰহ্মপুত্র । ব্ৰহ্মপুত্র নতুন অসমৰ আধাৰ । এশ বছৰৰ পৰিকল্পনাৰে মুখ্যমন্ত্রীয়ে কাম কৰি আছে । অসমক প্ৰতি বছৰে কেন্দ্ৰই দিয়া পুঁজি পৰিকল্পিতভাৱে ব্যয় কৰাৰ বাবে ৫০ বছৰৰ বাবে দিয়া ঋণ ব্যৱহাৰ কৰাৰ শীৰ্ষত আছে অসম । বৰ্তমান সময়ত জল পৰিবহনৰ গুৰুত্ব যথেষ্ট বেছি । অসম চৰকাৰে ইয়াৰ উপলব্ধি কৰিছে । ব্ৰহ্মপুত্র নদীক নিয়ন্ত্রণ কৰাটো সহজ নহয় ।"

কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সকলোৱে মৰমতে 'মামা' বুলি সম্বোধন কৰাৰ কথা উল্লেখ কৰে । অসমত দক্ষতাৰ অভাৱ নাই বুলি সদৰী কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে টাটা ছেমি কণ্ডাক্টৰৰ প্ৰসংগ উল্লেখ কৰে । অসমৰ ষ্টাৰ্টআপৰ দক্ষতাৰ বিষয়েও কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে ভাষণত উল্লেখ কৰে । ছেমি কণ্ডাক্টৰ ইউনিটত সকলোৱে অংশগ্ৰহণ কৰি ইয়াৰ সুবিধা গ্ৰহণৰ বাবে মন্ত্রীগৰাকীয়ে অসমীয়া যুৱক-যুৱতীৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে এই ব্ৰহ্মপুত্র ৰিভাৰ ফ্ৰণ্ট নীলাচল পাহাৰলৈকে নিয়া হ'ব । গুৱাহাটীত চলি থকা প্ৰকল্প সমূহ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথাও মুখ্যমন্ত্রীয়ে সদৰী কৰে । বিগত চাৰি বছৰত এক লাখ কোটি টকাৰ প্ৰকল্প কেন্দ্ৰৰ পৰা অসমে লাভ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে ।
মুখ্যমন্ত্রীয়ে লগতে কয়, "মাকে সন্তানক লগত লৈ আহিলে এটকাও নল'ব । পুৱা ৯ বজালৈকে খোজকঢ়াৰ বাবে অহা জ্যেষ্ঠ নাগৰিকৰ পৰা এটকাও ল'ব নোৱাৰিব । ব'হাগ বিহুলৈকে উদ্যানখনত সকলোৱে বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব ।" অনুষ্ঠানত মন্ত্রী অজন্তা নেওগ, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, মন্ত্রী চৰণ বড়ো, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মেয়ৰ মৃগেন শৰণীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে ৩২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ নদীপাৰ - সতী ৰাধিকা শান্তি উদ্যান নৈসর্গিক শোভাৰে আৱৰা বিনোদনৰ এক অনন্য ক্ষেত্র । নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰী ঘাটলৈ ১.২ কিলোমিটাৰ দৈর্ঘৰ উন্নত নদীপাৰ হৈছে এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট । ইয়াত আছে ব্ৰহ্মপুত্ৰৰ পাৰত ১৫ মিটাৰ বিস্তৃত বীথিকা । আনহাতে আছে পথ, চাইকেল ট্ৰেক আৰু বহা ঠাইৰ ব্যৱস্থা । তদুপৰি শিশুৰ বাবে খেলা ঠাইৰ ব্যৱস্থা, মুকলিভাৱে শৰীৰচৰ্চাৰ সুবিধা আৰু ৪ টা ব্যবসায়িক ভৱন । সেইদৰে আছে অসমৰ বিষয়বস্তু সম্বলিত সাতখন প্রবেশদ্বাৰ ।

আহমেদাবাদৰ বিখ্যাত সবৰমতী ৰিভাৰ ফ্ৰণ্টৰ দৰেই অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হৈছে উজানবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ উদ্যান । ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টে অসমৰ পৰ্যটন ক্ষেত্ৰত বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে । এই স্থানলৈ গৈ বৰলুইতৰ সৌন্দৰ্য আৰু পশ্চিমৰ আকাশত সূৰ্যাস্তৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিব পাৰিব দৰ্শনাৰ্থীয়ে । ৰংঘৰকে আদি কৰি বিভিন্ন অসমীয়া সংস্কৃতিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে প্ৰৱেশদ্বাৰ কেইখন । ২০২২ চনৰ ১৭ মাৰ্চত আৰম্ভ হোৱা প্ৰকল্পটো গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ অধীনত নির্মাণ কৰা হৈছে । উদ্যানখত ব্ৰহ্মপুত্ৰৰ নৈসর্গিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে খোজকঢ়া, চাইকেল ট্রেক, মুকলি জিম, শিশুৰ বাবে খেলাৰ ব্যৱস্থা, মিউজিকেল গাৰ্ডেন, ফুড ক'ৰ্ট, সুগন্ধি উদ্যানকে ধৰি পার্কিঙৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে ।
আনহাতে নিশা কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ নেতৃত্বৰে এক আলোচনাত মিলিত হ'ব । বাজপেয়ী ভৱনত নিশাৰ আহাৰ গ্ৰহণ কৰি নিশা কইনাধৰাৰ অতিথিশালাত থাকিব নিৰ্মলা সীতাৰমণ । শনিবাৰে পুৱা নিৰ্মলা সীতাৰমণ ৰাওনা হ'ব গহপুৰলৈ । দিনৰ ১১.১০ বজাত গহপুৰত উপস্থিত হৈ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব । লগতে এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । গহপুৰৰ পৰা নিৰ্মলা সীতাৰমণ ইটানগৰলৈ ৰাওনা হ'ব ।
লগতে পঢ়ক: জুবিন হত্যাৰ SIT তদন্ত : চি আই ডিৰ কাৰ্যালয়ত জুবিনৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টাল

