ETV Bharat / state

আছুৰ উদ্যোগত 'প্ৰত্যাশা প্ৰকল্প', দেওবাৰে অনুষ্ঠিত হৈছে বাছনি পৰীক্ষা

আছুৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশেষ বাছনি পৰীক্ষা আয়োজন ৷

AASU
আছুৰ উদ্যোগত 'প্ৰত্যাশা প্ৰকল্প (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 2:48 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ : আছুৰ উদ্যোগত ৰাজ্যত আৰম্ভ হৈছে 'প্ৰত্যাশা প্ৰকল্প' নামেৰে বিশেষ পদক্ষেপ ৷ 'প্ৰত্যাশা প্ৰকল্প'ৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মেধাৱী শিক্ষাৰ্থীসকলক ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে বিশেষ প্ৰস্তুত কৰোৱা হ'ব ৷ সেই উদ্দেশ্যেৰে সদৌ অসম ছাত্ৰ সন্থাই বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছে ৷ সেই বাছনি পৰীক্ষাত উত্তীৰ্ণ অসমৰ ২৬ গৰাকী আৰু উত্তৰ-পূৱৰ ১৪ গৰাকী পৰীক্ষাৰ্থীক উচ্চ পৰ্যায়ৰ কচিঙৰ বাবে নিৰ্বাচিত কৰা হ’ব ৷

মুঠ ৪০ গৰাকী মেধা সম্পন্ন ছাত্র-ছাত্ৰীক নিৰ্বাচিত কৰিবলৈ দেওবাৰে ৰাজ্যৰ গুৱাহাটী, তেজপুৰ আৰু শিৱসাগৰত আৰু দেশৰ ৰাজধানী দিল্লীত বাচনি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ৷ দিল্লীৰ নেক্সট আইএএছ নামৰ শিক্ষণ প্ৰতিষ্ঠানৰ তত্বাৱধানত এই বাছনি পৰীক্ষা অনুষ্ঠিত হৈছে । উক্ত প্ৰতিষ্ঠানে এই পৰীক্ষাৰ প্ৰশ্নকাকত তৈয়াৰ কৰাৰ লগতে উত্তৰ বহীসমূহ মূল্যায়ন কৰিব প্ৰতিষ্ঠানটোৰ অভিজ্ঞ শিক্ষকসকলে আৰু ফলাফল প্ৰকাশ কৰিব ।

আছুৰ উদ্যোগত প্ৰত্যাশা প্ৰকল্প (ETV Bharat Assam)

শনিবাৰে শিৱসাগৰ নগৰৰ শিৱসাগৰ ছোৱালী কলেজত অনুষ্ঠিত বাছনি পৰীক্ষাত ১৭২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে চাৰিওটা কেন্দ্ৰত মুঠ ১০০০ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ।

এই সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়,"লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় প্ৰশাসনিক সেৱাত নিয়োজিত হ'লে কেৱল ছাত্ৰৰে নহয়, লাভ হয় সমগ্ৰ ৰাজ্যখনৰ । কিয়নো এই প্ৰশাসনিক বিষযাসকলে এসময়ত দেশ আৰু ৰাজ্য পৰিচালনাৰ গুৰু দায়িত্ব পালন কৰে ।"

তেওঁ লগতে কয়,"অসমৰ লগতে উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীসকলক লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কচিং ইনষ্টিটিউটত বিনামূলীয়া নামভৰ্তিৰ লগতে প্ৰতিগৰাকী মেধা বিবেচিত পৰীক্ষাৰ্থীক থকা-খোৱাৰ বাবে মাহে ১২ হাজাৰ টকাকৈ প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাই ৷ মেধা বিবেচিত পৰীক্ষাৰ্থীক দিল্লীৰ নেক্সট আইএএছ নামৰ শিক্ষণ প্ৰতিষ্ঠানত কোচিঙৰ ব্যৱস্থা কৰা হ'ব ৷"

লগতে পঢ়ক:বিজেপিয়ে এই আক্ৰমণৰ জৰিয়তে আমাৰ দেশৰ গণতন্ত্ৰ ওপৰতে আক্ৰমণ কৰিছে: অখিল গগৈ