মিছন বসুন্ধৰাৰ অধীনত সৰুপথাৰত ১০৩১ গৰাকী হিতাধিকাৰীক ভূমিপট্টা বিতৰণ
হিতাধিকাৰীসকলৰ ভিতৰত বিভিন্ন লোকৰ উপৰিও সামাজিক প্ৰতিষ্ঠান, নামঘৰ, মন্দিৰ আৰু বিদ্যালয় আদিও আছে ।

Published : February 27, 2026 at 5:37 PM IST
সৰুপথাৰ : গোলাঘাট জিলাত মিছন বসুন্ধৰা ৩.০ৰ অধীনত ভূমিপট্টা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এই আঁচনিৰ অধীনত শুকুৰবাৰে সৰুপথাৰ সমজিলাৰ মুঠ ১০৩১ গৰাকী লোকক ভূমিপট্টা প্ৰদান কৰা হয় । হিতাধিকাৰীসকলৰ ভিতৰত বিভিন্ন স্থানীয় লোকৰ লগতে বিভিন্ন সামাজিক প্ৰতিষ্ঠান, নামঘৰ, মন্দিৰ আৰু বিদ্যালয় আদিও অন্তৰ্ভুক্ত আছে ।
উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে খিলঞ্জীয়া লোকক ভূমিৰ আইনী অধিকাৰ সুনিশ্চিত কৰা হৈছে । এই সন্দৰ্ভত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে কয়, "ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া মিছন বসুন্ধৰা ১, ২ আৰু ৩-ৰ জৰিয়তে সফলভাৱে ৰূপায়িত হৈছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ বাবেই আজি সহস্ৰাধিক লোকে নিজৰ ভূমিৰ ওপৰত স্থায়ী অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।"
যিসকল খিলঞ্জীয়া লোকে বৰ্তমানো চৰকাৰী ভূমিত বা একচনীয়া পট্টাত বসবাস কৰি আছে তেওঁলোককো পর্যায়ক্ৰমে ভূমিৰ পট্টা প্ৰদান কৰিবলৈ চৰকাৰী আঁচনি অব্যাহত থাকিব বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে ।
ভূমিপট্টা প্ৰদান কৰি সৰুপথাৰৰ বিধায়কজনে লগতে কয়, "আজি সমগ্ৰ অসমৰ লগতে সৰুপথাৰ সমজিলাতো ১০৩১ গৰাকী ব্যক্তি, প্ৰতিষ্ঠান বা নামঘৰ, মন্দিৰ, স্কুল আদিক আমি মিছন বসুন্ধৰা ৩-ৰ অধীনত ডিজিটেল পট্টা প্ৰদান কৰা হৈছে । মই এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জনাওঁ । কাৰণ দীৰ্ঘদিন ধৰি বসবাস কৰা বা দীৰ্ঘদিন ধৰি অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰাৰ পাছতো মাটিৰ পট্টা নথকাৰ কাৰণে বহু সময়ত বহু অসুবিধাৰ সৃষ্টি হৈছিল । মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰ ফলস্বৰূপে এই সহস্ৰাধিক লোকে আজি মাটিৰ অধিকাৰ লাভ কৰিছে ।"

তেওঁ লগতে কয়, "খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ যি ভাৰতীয় জনতা পাৰ্টী নেতৃত্বৰ চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি সুন্দৰভাৱে মিছন বসুন্ধৰা ১, মিছন বসুন্ধৰা-২ আৰু মিছন বসুন্ধৰা-৩ত প্ৰতিফলিত হৈছে । আমি চৰকাৰৰ বা দলৰ পৰা ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ সি সম্পূৰ্ণৰূপে ৰূপায়িত হৈছে । এই প্ৰক্ৰিয়া অব্যাহত থাকিব আহি থকা সময়তো ।"
লগতে পঢ়ক :
বিগত ৫ বছৰত চাহ বাগিচা অঞ্চলত উন্নয়ন হৈছে নে, কি কয় ডুৰুং চাহ বাগিচাৰ ভোটাৰে ?

