খহি পৰিল ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান উৰণ সেতু; ঘটনাৰ গাপ দিবলৈ নিশাই কৰিলে পৰিষ্কাৰ
শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ প্ৰকল্পৰ ডিমা হাছাওত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান উৰণ সেতুত অঘটন ।

Published : February 24, 2026 at 10:50 AM IST
হাফলং : হঠাতেই খহি পৰিল শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ প্ৰকল্পৰ ডিমা হাছাও জিলাৰ হাৰেংগাজাওৰ ওচৰত থকা দলইচুঙাত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান উৰণ সেতু । দেওবাৰে নিশা এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই নিৰ্মাণৰ সৈতে জড়িত কোম্পানীয়ে ৰাইজৰ চকুত ধূলি মাৰি পুৱালৈকে সকলোবোৰ পৰিষ্কাৰ কৰি চিনমোকাম নোহোৱা কৰে । ইয়াৰ পিচতেই এই ঘটনা সন্দৰ্ভত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
উত্থাপিত অভিযোগ অনুসৰি, দেওবাৰে নিশা ডিমা হাছাও জিলাৰ মাজত চলি থকা ইষ্ট-ৱেষ্ট কৰিড'ৰ প্ৰকল্পৰ হাৰেংগাজাও আৰু জাতিংগাৰ মাজতে নিৰ্মীয়মান উৰণ সেতুখন খহি পৰে । ইয়াৰ পিচতে এই ঘটনাৰ তদন্তৰ দাবী জনাইছে কংগ্ৰেছে । সোমবাৰে কংগ্ৰেছৰ নেতা বাপুজিৎ লাংথাচাই ঘটনাস্থলী পৰিদৰ্শন কৰি দলইচুঙাত খহি পৰা উৰণ সেতুৰ ঘটনা এক ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰে ৷
তেওঁ কয়, "ৰাজ্যৰ খনিজ মন্ত্ৰী তথা বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰয়ে দাবী কৰিছিল যে প্ৰথমতে যোৱা ৩১ জানুৱাৰী, তাৰ পিছত ১৫ ফেব্ৰুৱাৰীত হাৰেংগাজাও জাতিংগা পৰ্যন্ত ২৫ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব আৰু এই পথৰ দুইলেন পথ আংশিক যানবাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হ'ব ।"
তেওঁ পুনৰ কয়, "মন্ত্ৰী কৌশিক ৰয়ে দাবী কৰা অনুসৰি এই নিৰ্ধাৰিত সময়ত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ব্যৰ্থ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ । যাৰ ফলত এই উৰণ সেতু খহি পৰা বাবে কিবা ষড়যন্ত্ৰ হৈছে । এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় পিছুৱাই দিয়াৰ বাবে ষড়যন্ত্ৰ কৰা হৈছে ।"

ইপিনে, স্থানীয় লোকৰ অভিযোগ মতে দেওবাৰে নিশা দলইচুঙাত এই উৰণ সেতু খহি পৰাৰ পিচত নিশাৰ ভিতৰতে নিৰ্মাণ সংস্থাই খহি পৰা দলংখনৰ সকলো ভগ্নাৱশেষ চাফা কৰে, যাতে বিভাগীয় কোনো তদন্ত নহয় । স্থানীয় লোকৰ অভিযোগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পথৰ কাম সম্পূৰ্ণ কৰাৰ বাবে নিৰ্মাণ সংস্থাই নিম্নমানৰ কাম কৰাৰ বাবে এই বিপৰ্যয় সংঘটিত হয় ।
উল্লেখ্য় যে, তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোনৰ 'ইষ্ট-ৱেষ্ট কৰিড'ৰ' প্ৰকল্পৰ লেহেমীয়া নিৰ্মাণ গতিয়ে জ্বলা-কলা খুৱাইছে বৰাক উপত্যকাৰ লগতে উত্তৰ পূবৰ মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু ডিমা হাছাও জিলাৰ হাজাৰ হাজাৰ লোকক । দুই দশকৰ বেছি সময় চলিছে এই নিৰ্মাণ কাৰ্য ।
নিৰ্মিয়মান পথটোৰ জাতিংগা আৰু হাৰাংগাজাওৰ মাজৰ জৰাজীৰ্ণ অংশ হৈ পৰিছে মৰণফান্দ সদৃশ । অতি বিপদসংকুলভাৱে দৈনিক শ শ যাত্ৰীবাহী বাহনৰ লগতে মালবাহী বাহন পাৰ হৈ আছে । পথটোত গধুৰ মালবাহী ট্ৰাকৰ দুৰ্ঘটনা হৈ পৰিছে নিত্য-নৈমিত্তিক ঘটনা ।
কেতিয়া সম্পুৰ্ণ হ'ব লামডিং-শিলচৰ সংযোগী নিৰ্মিয়মান ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । স্বয়ং মন্ত্ৰী কৌশিক ৰয়ে নিৰ্মীয়মান জাতিংগা-হাৰাংগাজাও পথচোৱা মুকলিৰ বাবে এটাৰ পিছত এটা তাৰিখ ঘোষণা কৰি আভুৱা ভাঁৰিছে বৰাক উপত্যকাসহ ডিমা হাছাও জিলাৰ জনতাক । ইয়াৰ মাজতে পথটোৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে নিম্ন মানৰ কাম কৰা বুলি ।

