এয়া কি ! নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই খহি পৰিল দলং
শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে এই দুৰ্ঘটনা । নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ গাফিলতিৰ অভিযোগ ৰাইজৰ ।

Published : February 23, 2026 at 8:05 AM IST
হাফলং : ডিমা হাছাও জিলাত শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ নিৰ্মাণৰ কাম চলি আছে । তাৰ মাজতে অঘটন । দেওবাৰে নিশা খহি পৰিল নিৰ্মীয়মান দলঙৰ অংশ । দলইচুঙাত দলঙৰ অংশ খহি পৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতি । অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, শিলচৰৰ পৰা সৌৰাষ্ট্রলৈকে ইষ্ট-ৱেষ্ট কৰিড'ৰৰ কাম চলি আছে । তাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত ডিমা হাছাও জিলাৰ হাৰেংগাজাওৰ পৰা জাতিংগালৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামো তীব্ৰগতিত চলিছে । হাৰেংগাজাওৰ পৰা জাতিংগালৈকে ২৫ কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত নিয়োজিত আছিল গুজৰাটৰ দীনেশ চন্দ্ৰ আৰ আগৰৱালা ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ এটা সংস্থা । কিন্তু কাম চলি থকাৰ মাজতে দেওবাৰে এই দুৰ্ঘটনা সংগঠিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্ন উঠিছে ।
প্ৰথমতে যোৱা ৩১ জানুৱাৰীত আৰু তাৰ পিছত ১৫ ফেব্ৰুৱাৰীত হাৰেংগাজাওৰ পৰা জাতিংগালৈকে ২৫ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি প্ৰথমতে দুই লেনযুক্ত পথ যান-বাহনৰ বাবে মুকলি কৰি দিয়াৰ কথা আছিল । কিন্তু কিছু কাৰিকৰী সমস্যা আৰু ৩ খন উৰণ সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে এই পথটো মুকলি কৰিবলৈ ব্যৰ্থ হয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ । যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই এই পথ মুকলি কৰাৰ সময়সীমা আৰু কিছুদিন পিছুৱাই দিয়ে । এনে অৱস্থাত দলঙৰ অংশ খহি পৰাৰ লগে লগে আন এক সমস্যাই দেখা দিছে ।

লক্ষণীয়ভাৱে যোৱা ২ দশকৰো অধিক সময়ৰ পৰা ডিমা হাছাও জিলাত শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম চলি আছে কিন্তু কেতিয়ালৈ সম্পূৰ্ণ হ'ব তাৰ কোনো নিশ্চয়তা নাই । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত এই পথ নিৰ্মাণৰ কামে কিছু গতি লৈছিল ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰো ডেডলাইন দিয়া হৈছিল । যাৰ বাবে দিনে-নিশাই পথ নিৰ্মাণ আৰু দলং নিৰ্মাণৰ কাম চলি আছিল । কম সময়তে সম্পূৰ্ণ কৰাৰ হেঁচাত নিম্নমানৰ কাম হৈছে বুলিও বহুতে অভিযোগ কৰিছে । দেওবাৰে দলঙৰ অংশ খহি পৰাৰ ঘটনাই সেই কথাকে প্ৰমাণ কৰিছে । আচলতে দলংখন খহি পৰা প্ৰকৃত কাৰণ কি ? সেয়া অনুসন্ধানত হে পোহৰলৈ আহিব ।
অৱশ্যে বাতৰি লিখা পৰলৈকে এই নিৰ্মীয়মান দলং খহি পৰা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো মন্তব্য কৰা নাই ৷
লগতে পঢ়ক :সাম্প্ৰদায়িক ভিত্তিত ডিমা হাছাও জিলাৰ বিভাজন কেতিয়াও মানি নলয় ডিমাছা ছাত্ৰ সন্থাই

