খেলপথাৰতে সীমাবদ্ধ নহয় উমাৰ যাত্ৰা, দাৱনীৰূপেও দিলে পৰিচয়
হাতত গ্ল'বছ নহয়, কাঁচি, খেলপথাৰত নহয়, এইবাৰ খেতিপথাৰত । ক্ৰিকেটাৰৰূপে নহয়, দাৱনীৰূপে বোকাখাতৰ ধাননিত উমা ছেত্ৰী ।

Published : November 26, 2025 at 6:23 PM IST
বোকাখাত: অসমীয়া ছোৱালী সকলোতে পাকৈত । সেয়া সময়ে প্ৰমাণ কৰি আহিছে । বিশ্বজয় কৰিয়ো যে পাহৰি নাযায় শিপা, নিজৰ সংস্কৃতি । সেয়াও হৈ আহিছে প্ৰমাণিত । আকৌ এবাৰ শিপা খামুছি ধৰি কেনেকৈ বিশ্বজয়ৰ সপোন পূৰাব পাৰি তাৰে উদাহৰণ দিলে বিশ্বকাপ জয়ী উমা ছেত্ৰীয়ে ।
খেলপথাৰত নহয়, এইবাৰ খেতিপথাৰত উমাৰ চফৰ । ক্ৰিকেটাৰৰূপে নহয় এইবাৰ দাৱনীৰূপে দেখা গ'ল উমাক । আঘোণৰ পথাৰত দাৱনীৰ ৰূপত বিশ্বকাপ জয়ী ক্ৰিকেটাৰ উমা ছেত্ৰী ৷ বুধবাৰে বোকাখাতৰ নিজা বাসগৃহৰ সমীপৰ পথাৰতে উমাক মাতৃৰ সৈতে ধান দাই থকা পৰিলক্ষিত হয় ৷
হাফ পেন্ট, স্পৰ্টিং পিন্ধি হাতত কাঁচি লৈ বোকাখাতৰ কান্ধুলীমাৰি গাঁৱৰ নিজ পথাৰত ধান দাইছে বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যা উমা ছেত্ৰীয়ে ৷ এনেদৰেই কৃষিপথাৰত দেখা গ’ল মাতৃসহ আন দাৱনীসকলৰ সৈতে উমাক ৷ উমাৰ এই স্পৃহাৰ কথা উল্লেখ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মাতৃয়ে ।

উমাৰ মাতৃয়ে ক’লে,"কালি ৰাতি আহিছে ৷ ইমান দূৰৰ পৰা ঘৰলৈ আহিও সহায় কৰিবলৈ আহিছে ৷ পুৱা ৫:০০ বজাতে ‘প্ৰেক্টিছ’ত গ’ল ৷ তাৰ পৰা আহি ধান দাবলৈ আহিছে ভাল লাগিছে ৷" দুই-চাৰিদিন ঘৰতে থাকিব বুলি জানিব দি উমাৰ মাতৃয়ে কয়,"খেলিবতো লাগিব, মাতিলেই যাব তাই ৷"

উল্লেখ্য, কিছুদিনৰ বাবে বোকাখাতৰ নিজা বাসগৃহত উপস্থিত হৈছে উমা ছেত্ৰী ৷ এই সময়চোৱাতে পৰিয়ালৰ লোকৰ সৈতে তাইক পথাৰত দেখা যায় ৷ ক্ৰিকেটৰ সমানে ঘৰুৱা কাম-কাজতো পাৰ্গত উমাই মাতৃক ঘৰুৱা কাম-কাজ, ৰন্ধন-প্ৰকৰণ আদিতো সহায় কৰে বুলি মাতৃয়ে প্ৰকাশ কৰিছে ৷

