ETV Bharat / state

আলফা স্বাধীনৰ স্বয়ম্ভূ মেজৰ জেনেৰেল অৰুণোদয় অসমৰ আত্মসমর্পণ

শীৰ্ষ নেতাই ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাচত জমা দিলে দুটা পিষ্টলৰ উপৰি চাৰিটা মেগজিন, স্মাৰ্ট ফোনসহ আপত্তিজনক সামগ্ৰী ।

ULFA I self-proclaimed Major General and PSO surrender
স্বয়ম্ভূ মেজৰ জেনেৰেল অৰুণোদয় অসমৰ আত্মসমর্পণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 4:03 PM IST

|

Updated : November 23, 2025 at 6:52 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : আলফা স্বাধীনত পুনৰ মোক্ষম আঘাত ৷ এইবাৰ আলফা স্বাধীনৰ সাধাৰণ সম্পাদক তথা বিত্ত সম্পাদক স্বয়ম্ভূ মেজৰ জেনেৰেল অৰুণোদয় অসমে কৰিলে আত্মসমর্পণ । ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচলৰ পাংচুপাচত মেজৰ জেনেৰেল অৰুণোদয় অসমে আত্মসমৰ্পণ কৰিছে ৷ অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ ওচৰত অৰুণোদয় অসমে আত্মসমৰ্পণ কৰাৰ সময়ত বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী জমা দিয়ে ।

উগ্ৰপন্থী সংগঠনটোৰ শীৰ্ষ নেতাগৰাকীৰ লগতে আন এগৰাকী কেডাৰ তথা অৰুণোদয় অসমৰ দেহৰক্ষী ফ্রান্সিছ অসমেও আত্মসমর্পণ কৰে ৷ আত্মসমৰ্পণৰ সময়ত ফটোত দেখা গৈছে জ্যেষ্ঠ আৰক্ষী বিষয়া অভিজিৎ গৌৰৱ দিলীপক ৷ আত্মসমৰ্পণ কৰি অৰুণোদয় অসমে আৰক্ষীৰ হাতত বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী জমা দিয়ে ৷ ইয়াৰ পিচতেই অৰুণোদয় অসমক অসমক আৰক্ষীৰ এটা দলে গুৱাহাটীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ।

ULFA I self-proclaimed Major General and PSO surrender
স্বয়ম্ভূ মেজৰ জেনেৰেল অৰুণোদয় অসমৰ আত্মসমর্পণ (ETV Bharat Assam)

ইপিনে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰঙাপৰাত সাংবাদিকৰ আগত আলফা স্বাধীনৰ সৈতে আলোচনা আৰু অৰুণোদয় অসমৰ আত্মসমর্পণ সন্দৰ্ভত কয়, "মই জনাত তেওঁলোক দিল্লীলৈকে নাযায়,তেওঁলোক তিনিচুকীয়াতেই থাকিব । খুব বেছি ডিজিপিক লগ ধৰিবলৈ গুৱাহাটীলৈ আহিব । দিল্লীলৈ যোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ নাই । আলোচনা হ'লে পৰেশ বৰুৱাৰ লগত হ'ব লাগিব,আনৰ লগত কৰি কোনো লাভ নহ'ব । পৰেশ বৰুৱাৰ বাহিৰে আনৰ লগত আলোচনা কৰিলে কিবা লাভ হ'ব বুলি মই ব্য়ক্তিগতভাৱে নাভাবো ।"

আত্মসমৰ্পণৰ সময়ত দুই অৰুণোদয় অসম আৰু তেওঁৰ দেহৰক্ষীয়ে আৰক্ষীৰ হাতত দুটা 9mm পিষ্টলসহ বৃহৎ পৰিমাণৰ সামগ্ৰী জমা দিয়ে । দুটা পিষ্টলৰ উপৰি চাৰিটা মেগজিন, ৫২ ৰাউণ্ড 9mm পিষ্টলৰ সক্ৰিয় গুলী, তিনিটা স্মাৰ্ট ফোন, এটা কী-পেড ম'বাইল, এটা টেবলেট, দুটা টৰ্চ লাইট, এটা ছেটেলাইট ফোন, এটা দামী ঘড়ী, এটা মগ পাউচ এটা স্মল বেকআপ আৰু দুটা ম'বাইল চাৰ্জাৰ জমা দিয়ে ৷

অৰুণোদয় অসমে ৭৭৯ নং শিৱিৰ পৰিচালনা কৰিছিল ৷ সম্প্ৰতি অৰুণোদয় দহোতীয়া অসম আৰক্ষীৰ জিম্মাত ৷ উল্লেখযোগ্য যে, অৰুণোদই দহোটীয়া (অসম)ৰ ঘৰ ডিব্ৰুগড় জিলাৰ চাবুৱা নাদুৱা গোহাঁই গাঁৱত ৷ ২০০১ চনৰ ব'হাগ বিহুত গাঁৱত হুঁচৰি গাই থকা অৱস্থাতে বিজিত বৰুৱা ওৰফে অৰুণোদই দহোটীয়াই স্বাধীন অসমৰ স্বপ্ন লৈ ঘৰৰ পৰা ওলাই গৈ আলফা স্বাধীনত যোগ দিছিল ৷

লগতে পঢ়ক:তিনিচুকীয়া আৰক্ষীৰ ওচৰত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ

কাকপথাৰৰ সেনাৰ শিবিৰত আক্ৰমণৰে জড়িত আলফা স্বাধীনৰ কেডাৰক আটক

Last Updated : November 23, 2025 at 6:52 PM IST