জাগুনৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফাৰ (স্বাঃ)ৰ, অভিযানৰ নাম দিলে অপাৰেশ্যন বুজনি
জাগুনৰ অসম আৰক্ষীৰ শিবিৰত অপাৰেশ্যন বুজনিৰ অধীনত আলফা (স্বাঃ)ই আক্ৰমণ কৰিছিল । এই আক্ৰমণত আহত হয় চাৰিগৰাকী কামাণ্ডো জোৱান ৷

Published : March 22, 2026 at 1:38 PM IST
তিনিচুকীয়া/ডিব্ৰুগড় : তিনিচুকীয়াৰ জাগুনৰ অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিলে আলফা স্বাধীনে । আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সম্পাদক মেজৰ নিৰ্ণয় অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । প্ৰেছ বিবৃতি অনুসৰি আলফাৰ কেডাৰসকলে 'অপাৰেশ্যন বুজনি'ৰ অধীনত জাগুনৰ ১০ মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত এই আক্ৰমণ কৰে ।
বিবৃতিখনত উল্লেখ কৰিছে যে ২০২১ চনত শাসনলৈ অহা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰে আলফা স্বাধীনৰ সৈতে আলোচনাৰ পাতনি মেলিছিল । যাৰ বাবে আলফা স্বাধীনে সামৰিক কাৰ্যকলাপ নকৰাৰ সিদ্ধান্ত লৈছিল বুলি সংগঠনটোৱে দাবী কৰিছে ।
কিন্তু তাৰ পিছত কেবাজনো আলফা স্বাধীনৰ সদস্যক অসম আৰক্ষীয়ে হত্যা কৰিছে । তাৰ প্ৰতিশোধস্বৰূপে আলফা স্বাধীনে দেওবাৰে পুৱতি নিশা এই আক্ৰমণ কৰা বুলি দাবী কৰিছে । বিবৃতিৰ জৰিয়তে অসম আৰক্ষী তথা চৰকাৰক তীব্ৰ সকীয়নিও প্ৰদান কৰিছে ।

উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত হোৱা এই আক্ৰমণত ৪ গৰাকী কামাণ্ডো আহত হয় । আলফা স্বাধীনৰ আক্ৰমণত আঘাতপ্রাপ্ত ৪ জোৱানকেইজন ক্ৰমে চিত্ৰৰঞ্জন মিলি (যোৰহাট), ৰবী গড় (চাবুৱা, ডিব্ৰুগড়), জমবুচ মাৰাক (গোৱালপাৰা) আৰু দেৱাশীষ বৰা (যোৰহাট) বুলি জানিব পৰা গৈছে ।

আটাইকেইজন জোৱানৰে চিকিৎসা সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চলি আছে । অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই জনোৱা মতে তেওঁলোক বৰ্তমান বিপদমুক্ত ।
অধীক্ষকগৰাকীয়ে ফোনযোগে জানিবলৈ দিয়া মতে পুৱা ৭ বজাত ৪ গৰাকী জোৱানক হাস্পতাললৈ অনা হৈছিল । হাস্পতালৰ জৰুৰীকালীন চিকিৎসা সেৱা বিভাগত তেওঁলোকক ভৰ্তি কৰোৱা হয় ।
তেওঁলোকৰ ভিতৰত জমবুচ মাৰাক বেছিকৈ আঘাতপ্ৰাপ্ত হৈছে । যাৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব । বাকী ৩ গৰাকীৰ বিশেষ আঘাত নাই যদিও দুই এদিন চিকিৎসকৰ নিৰীক্ষণত থাকিব লাগিব বুলি তেওঁ উল্লেখ কৰিছে ।
লগতে পঢ়ক : তিনিচুকীয়াৰ জাগুনস্থিত আৰক্ষীৰ কামাণ্ডো শিবিৰত সন্দেহযুক্ত আলফা স্বাধীনৰ আক্ৰমণ, ৪ জন জোৱান আহত
নিৰ্বাচনৰ সময়ত আলফা(স্বা)কে ধৰি বিভিন্ন বিদ্ৰোহী সংগঠনৰ লক্ষ্য হ'ব নেকি অসম ?

