ETV Bharat / state

বিধানসভাত গৃহীত হ'ল ইউচিচি: আইনৰ আওতাত আহিল বিবাহ, বিবাহ বিচ্ছেদ, বহুবিবাহ, লিভ-ইন

ইউচিচি প্ৰৱৰ্তন কৰা ৰাজ্যসমূহৰ ভিতৰত উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছতে অসমৰ স্থান ৷

ASSAM UNIFORM CIVIL CODE 2026
বিধানসভাত গৃহীত হ'ল ইউচিচি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 27, 2026 at 5:09 PM IST

|

Updated : May 27, 2026 at 5:14 PM IST

14 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম বিধানসভাৰ অধিৱেশনৰ বুধবাৰে অন্তিম দিনা সদনত গৃহীত হ'ল ঐতিহাসিক সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউচিচি । সংখ্যাৰ বলত অনায়াসে শাসকীয় পক্ষই বিধেয়কখন সদনত গৃহীত কৰিবলৈ সক্ষম হয় । সোমবাৰে বিধানসভাত মুখ্যমন্ত্রীৰ হৈ মন্ত্রী অতুল বৰাই ইউচিচি বিধেয়ক সদনত উত্থাপন কৰিছিল ।

বুধবাৰে মুখ্যমন্ত্রীৰ হৈ মন্ত্রী অতুল বৰাই বিধানসভাত ইউচিচি বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰাৰ পাছতে শাসক-বিৰোধী আলোচনাত মিলিত হয় । শাসকীয় পক্ষৰ বিধায়কসকলে বিধেয়কখনৰ সমৰ্থনত যুক্তি দাঙি ধৰাৰ বিপৰীতে বিৰোধী পক্ষৰ বিধায়কসকলে বিধেয়কখনৰ বিৰোধিতা কৰি যুক্তি আগবঢ়ায় । বিধেয়কখনৰ ওপৰত বিধানসভাত দীঘলীয়া আলোচনা হয় । বহু বাক-বিতণ্ডাৰ অন্তত বিধানসভাত ইউচিচি বিধেয়কখন গৃহীত কৰা হয় ।

সদনত মুখ্যমন্ত্রীয়ে ইউচিচি পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰে আৰু অধ্যক্ষই সমৰ্থনৰ আধাৰত বিধেয়কখন গৃহীত কৰে । লগে লগে শাসকীয় বিধায়কসকলে 'ভাৰত মাতা কি জয়' ধ্বনিৰে সদন উত্তাল কৰি তোলে । বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ কৰে যদিও সংখ্যাৰ বাবে বিধেয়কখন সদনত গৃহীত হয় ।

উল্লেখ্য যে, বুধবাৰে সদনত সমৰূপ নাগৰিক সংহিতা অসম, ২০২৬ বিধেয়ক চমুকৈ ইউচিচি গৃহীত হোৱাৰ লগে লগে বিধেয়কখন আইনত পৰিণত হ'ল । ইয়াৰ লগে লগে ইউচিচি প্ৰবৰ্তন কৰা উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অসম তৃতীয়খন ৰাজ্যত পৰিগণিত হ’ল ।

বিধানসভাৰ অধিৱেশনৰ বুধবাৰে অন্তিম দিনা সদনত সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউচিচি গৃহীত হোৱাৰ পূৰ্বে হোৱা আলোচনাৰ উত্তৰ দিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রীয়ে কয়, ‘‘যোৱা বিধানসভাত বহুবিবাহ আইন গ্ৰহণ কৰা হৈছিল । সম অধিকাৰ দিয়াৰ ক্ষেত্রত প্ৰথম পদক্ষেপ । চৰকাৰ হ'লে ইউচিচি আনিম কৈছিলো । নিৰ্বাচনী পত্রত কোৱা হৈছিল শাসনলৈ আহিলে ৰাজ্যত ইউচিচি প্ৰণয়ন কৰিম । ভোট আৰু আসনত চমকপ্ৰদ সাফল্যই প্ৰমাণ কৰে যে ৰাইজে ইউচিচি বিচাৰিছে । আমি প্ৰতিশ্ৰুতি অনুসৰি ইউচিচি আনিছো । কংগ্ৰেছে স্বাভাৱিকতে বিৰোধিতা কৰিছে । কংগ্ৰেছ দলে অসমৰ সমূহ ৰাইজক প্ৰতিনিধিত্ব নকৰে । এটা বিশেষ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে কংগ্ৰেছে । সামগ্ৰিকভাৱে নকৰে । কংগ্ৰেছে ইউচিচিৰ বিৰোধিতা এটা বিশেষ ধৰ্মৰ বাবেহে কৰিছে । কোৰাণ আৰু ছৰিয়তৰ বাবেহে কৰিছে । কংগ্ৰেছে ডেৰশ বছৰ আগতে সমতাৰ কথা কৈছিল । এতিয়া বিধানসভাত দেখিছো কংগ্ৰেছে এটা বিশেষ ধৰ্মীয় গোষ্ঠীক প্ৰতিনিধিত্ব কৰে । কোৰাণ, ছৰিয়তৰ কথা কৈছে । ভাগৱত, গীতাৰ কথা কোৱা নাই । কংগ্ৰেছ দল এটা বিশেষ ধৰ্মৰ প্ৰতিনিধি হোৱাটো দুখজনক কথা । কংগ্ৰেছ সাম্প্ৰদায়িক দললৈ ৰূপান্তৰ হোৱাৰ পৰিৱৰ্তে নিৰপেক্ষ হোৱাটো বিচাৰো । মই নিজে ২২ বছৰ কংগ্ৰেছত আছিলো ৷ এনে অৱনমিত দেখি দুখ পাইছো ।’’

ইউচিচিৰ ইতিহাসৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘সম নাগৰিক সংহিতাৰ সুদীৰ্ঘ ইতিহাস আছে । দেশৰ জনতাৰ সম নাগৰিক সংহিতাৰ বাবে ১৯২৫ চনৰ পৰাই কাম কৰি আহিছিল । ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰাই ইউচিচিৰ দাবী উত্থাপন হৈছিল । পাৰ্চনেল আইনৰ বাহিৰত ১৯৭২ চনত বিশেষ বিবাহ আইন হৈছিল । ১৯২৫ চনত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ইউচিচিৰ দাবী উত্থাপন হৈছিল । ১৯৩৭ চনত নেহৰু কমিটীয়ে ইউচিচিৰ অনুমোদন কৰিছিল আৰু ১৯৩৭ চনৰ পৰাই ইউচিচিৰ দাবী উত্থাপন হৈছিল । ১৯৬১ চনত কমন চিভিল ল' গোৱাত প্ৰথম আৰম্ভ হৈছিল আৰু কংগ্ৰেছ দলৰ পৃষ্ঠপোষকতাত হৈছিল ৷’’

মুখ্যমন্ত্রীয়ে কয়, ‘‘কমন চিভিল কোডৰ কথা সংবিধানত কোৱা হৈছে । সংবিধান সভাই কৈছিল ধৰ্মনিৰপেক্ষ দেশত ধৰ্মগ্ৰন্থৰ শাসন নচলিব । সংবিধানে নিৰ্ণয় কৰিব । দেশ বিভাজন হৈছিল । সংবিধান সভাই ইউচিচিৰ কথা কৈছে । আজি আমি ইউচিচি আনিছো । সংবিধান সভাৰ নিৰ্দেশ আছিল প্ৰয়োজনত ইউচিচি গ্ৰহণ কৰাৰ বাবে । জাতীয় কংগ্ৰেছে ইউচিচিৰ সপোন দেখিছিল । কিন্তু এতিয়া গোপীনাথ বৰদলৈৰ তথা ৰাজেন্দ্ৰ প্ৰসাদৰ কংগ্ৰেছ নাই । এতিয়া কোৰাণ আৰু ছৰিয়তৰ কংগ্ৰেছ আছে । আমাৰ দেশৰ বাবে দুৰ্ভাগ্য যে কংগ্ৰেছ সাম্প্ৰদায়িক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে । মই আশা কৰো ভৱিষ্যতে কংগ্ৰেছ দলে ধৰ্মনিৰপেক্ষতাৰ শক্তিক প্ৰতিনিধিত্ব কৰিব ।’’

মুখ্যমন্ত্রীয়ে কয়, ‘‘আজি অসমৰ বাবে বিৰল গৌৰৱৰ দিন । উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত ইউচিচিৰ ক্ষেত্রত অসমত তৃতীয় ৰাজ্য । কেইবাজনো বিধায়কে জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ বাহিৰত ৰখাৰ কথাটোত আপত্তি কৰিছে । জনজাতীয় লোকসকল আদিম যুগৰে পৰা বাস কৰি আহিছে । তেওঁলোকৰ নিজৰ বিশেষ কাষ্টমাৰি প্ৰেক্টিছ আছে । মাটি, পানী, হাবি ৰক্ষা কৰি আহিছে । জনজাতীয় সমাজখনে বহুবিবাহক স্বীকৃতি নিদিয়ে । ছোৱালীক সম অধিকাৰ দিয়ে । লিভ-ইনক প্ৰশ্ৰয় নিদিয়ে । হিন্দু-মুছলমানে সম অধিকাৰ দিয়া হ'লে ইউচিচি প্ৰয়োজন নহ’লহেতেন । কাৰণ আমি সভ্যতাৰ পৃষ্ঠভূমিক সন্মান জনাইছো । জনজাতীয় লোকসকলে আগৰে পৰাই মানি আহিছে । জনজাতীয় লোকৰ মাজত উপেক্ষিত মহিলা দেখা নাপাও । জনজাতীয় সমাজখনৰ পৰা আমি শিকিবলগীয়া আছে । আমি জনজাতীয় কাষ্টমাৰি প্ৰেক্টিছৰ পৰা শিকাৰ প্ৰয়োজনীয়তা আছে । জনজাতীয় সমাজত বহুবিবাহ দেখা নাপাব । বেমাৰ য'ত হৈছে তাতে ঔষধ দিব লাগিব । ইউচিচিয়ে য’ত কেঞ্চাৰ আছে তাত ৰেডিঅ'থেৰাপি আৰু কেম’থেৰাপি দিব । সকলোতে নিদিয়ে ।’’

মুখ্যমন্ত্রীয়ে ডঃ শৰ্মাই লগতে কয়, ‘‘ইউচিচিয়ে বিবাহ আৰু বিবাহ বিচ্ছেদৰ দিশটো নিয়ন্ত্রণ কৰিব । উত্তাৰাধিকাৰীৰ সম্পত্তিৰ ক্ষেত্রত নিৰ্দেশনা দিব । লিভিং ৰিলেছনশ্বিপৰ ক্ষেত্রত সমান অধিকাৰ পাব । এই গোটেই দিশ ইউচিচিত সন্নিৱিষ্ট কৰা হৈছে । সংবিধানৰ অনুচ্ছেদ ৪৪ ৰ অধীনত ইউচিচি অনা হৈছে । ইউচিচিৰ যোগেদি বাল্য বিবাহক স্বীকৃতি দিয়া নহয় । বিবাহৰ বাবে ছোৱালীৰ ১৮ বছৰ আৰু ল'ৰাৰ ২১ বছৰ হ'ব লাগিব । আনহাতে, ধৰ্ম নিৰ্বিশেষে এগৰাকীক বিবাহ কৰাৰ অধিকাৰ পাব ।’’

বহুবিবাহৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘সদনত বিৰোধীৰ কেইবাজনো বিধায়কে প্ৰথমা পত্নীৰ বেমাৰ হ’লে আৰু এগৰাকী বিবাহৰ অধিকাৰ দিব লাগে কৈছে । দুৰ্ঘটনাত হাত-ভৰি ভাঙিলে সেইগৰাকী মহিলাক এৰি আন এগৰাকী বিয়া কৰাটো দুৰ্ভাগ্যজনক কথা । এইবোৰ সভ্য সমাজৰ কথা নহয় । এগৰাকী বিধায়কে ক’লে সেইটো আৰু দুখজনক কথা । হিন্দু ধৰ্মই শিকাই স্বামী-স্ত্রীৰ সম্পৰ্ক জনম জনমৰ । এগৰাকীৰ বেমাৰ হ’লে দ্বিতীয় বিবাহৰ কথা চিন্তা কৰা মানুহ মানুহ হ’ব পাৰে জানো । কংগ্ৰেছ দল মহান দল । মৌলবাদী নকৰিব । মই বিচাৰো যে আইন আনিব লাগে যে পত্নীৰ বেমাৰ হ'লে স্বামীয়ে চিকিৎসা কৰাবই লাগিব । দ্বিতীয় বিবাহৰ কথা চিন্তা কৰিব নোৱাৰিব । পতি-পত্নীৰ সম্পৰ্ক জনমৰ । আনহাতে, সম্পৰ্ক ভাল নহ’লে বিবাহ বিচ্ছেদৰ অধিকাৰ দিছে ইউচিচিয়ে । বুজাবুজিত আদালতৰ যোগেদি বিবাহ বিচ্ছেদ কৰিব পাৰিব । এইখন সদনতে প্ৰথমগৰাকী পত্নী দুৰাৰোগ্যত আক্ৰান্ত হ'লে দ্বিতীয় বিবাহৰ কথা কোৱা হৈছে । প্ৰথমগৰাকী ৰোগাগ্ৰস্ত হৈ থাকিলে দ্বিতীয় বিবাহ কৰাটো সভ্য সমাজে তাৰ অনুমতি দিব নোৱাৰে ।’’

মুখ্যমন্ত্রীৰ এই মন্তব্যৰ পাছতে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে মুখ্যমন্ত্রীক উভতি ধৰে । তাক লৈ সদনত বিতৰ্কৰ সৃষ্টি হয় । মুখ্যমন্ত্রীয়ে গোটেই বিষয়টো সদনত স্পষ্ট কৰি দিয়াত শাসকীয় পক্ষৰ একাংশ বিধায়কে ধিক্কাৰ দিয়ে ।
মুখ্যমন্ত্রীয়ে কয়, ‘‘সদনত আমি ধৰ্মক প্ৰতিনিধিত্ব কৰা নাই । কংগ্ৰেছে এটা ধৰ্মক প্ৰতিনিধিত্ব কৰা যেন হৈছে । এনে থাকিলে অহাবাৰ বিৰোধীৰ আসনখন অখিল গগৈয়ে লৈ যাব । মই অখিল গগৈৰ ইমান ভাল হোৱাটো বিচৰা নাই ।’’

ইউচিচিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে পুনৰ কয়, ‘‘বিবাহৰ ক্ষেত্রত বাধ্যতামূলক পঞ্জীয়ন । মৃতকৰ সম্পত্তি মানক বিতৰণৰ ব্যৱস্থা । স্বামীৰ মৃত্যু হ'লে পত্নীয়ে সকলো পায় । বৃদ্ধ পিতৃ-মাতৃয়ে একো নাপায় । গতিকে ইউচিচিৰ যোগেদি জীৱিত পিতৃ-মাতৃয়ে সম্পত্তিৰ অধিকাৰ পাব । পত্নী থাকিলে স্বামীয়ে লিভ-ইনত থাকিব নোৱাৰিব । ইউচিচি ইছলামৰ বিৰুদ্ধে নহয় । বহুবিবাহ কেৱল মুছলমানৰ মাজতে নাই, হিন্দুৰ ক্ষেত্রতো আছে । স্বামী আৰু পত্নী সম্পৰ্কত থাকি লিভ-ইনত থাকিব নোৱাৰিব । ইউচিচিত লাভ জেহাদৰ কথা কোৱা হৈছে । বলপূৰ্বক, প্ৰতাৰণা, ঠগ-প্ৰৱঞ্চনাৰে বিবাহ কৰাটো ইউচিচি মতে দণ্ডনীয় । ইউচিচিত বিবাহৰ পদ্ধতিত কোনো বাধা আৰোপ কৰা হোৱা নাই । বিবাহ হোৱাৰ পিছত ৬০ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব । আনহাতে ফেমিলী আদালতত বিবাহ বিচ্ছেদ হোৱাৰ পিছতো পঞ্জীয়ন কৰিব লাগিব । এগৰাকী পত্নী থাকোতে পুনৰ বিবাহ কৰিলে ৭ বছৰ জেল হ'ব । পৈতৃক সম্পত্তি বিতৰণৰ ক্ষেত্রত ইউচিচিত ব্যৱস্থা কৰা হৈছে । কন্যা সন্তানক সুৰক্ষা দিয়া হৈছে । উইল কৰাৰো অধিকাৰ দিয়া হৈছে । লিভিং ৰিলেছনশ্বিপত সন্তানৰ জন্ম হ'লে দায়িত্ব কোনে ল'ব ? লিভিং ৰিলেছনশ্বিপ বেয়া বুলি কোৱা নাই । কিন্তু দায়িত্ব ল'ব লাগিব । যাৰ বাবে লিভিং ৰিলেছনশ্বিপত থকাসকলে এমাহৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব । সন্তান জন্ম হ'লে পিতৃ-মাতৃৰ নাম দিব লাগিব । লিভিং ৰিলেছনশ্বিপ ত্যাগ কৰিলে পত্নীৰ অধিকাৰ দাবী কৰিব পাৰিব । ভৰণ-পোষণৰ দায়িত্ব ল'ব লাগিব । সেইদৰে লিভিং ৰিলেছনশ্বিপ এটাৰ বেছি হ'ব নোৱাৰিব । সকলো সম্পৰ্কৰ দায়িত্ববোধ থাকিব লাগিব । লিভিং ৰিলেছনশ্বিপত থকাসকল ২১ বছৰৰ তলত হ'লে অভিভাৱকক জনোৱা হ'ব । ১৮ বছৰৰ তলত লিভিং ৰিলেছনশ্বিপৰ অনুমতি নাথাকে । ইউচিচি ভাৰতৰ সভ্যতা-সংস্কৃতিৰ আধাৰ । নাৰীৰ প্ৰতি সন্মান ইউচিচি ।’’

তেওঁ লগতে কয়, ‘‘বিৰোধীৰ বিৰোধিতা থাকিব বুলি মই নাভাবো । দলে বিৰোধিতা কৰিব কৈছে বাবে কৰিছে । মই কংগ্ৰেছৰ ১২-১৩ জন বিধায়কৰ লগত কথা পাতিছো আৰু তেওঁলোকে ইউচিচি ভাল পাইছে । কিন্তু দলৰ সভাপতিৰ নিৰ্দেশ অনুসৰি বিৰোধিতা কৰিবলগা হৈছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে পডকাষ্টত মহিলাক সন্মান কৰিলে নহ'ব । বাস্তৱত কৰিব লাগিব । আমি সমতাৰ বাবে কাম কৰি আহিছো । নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ শক্তি দিছে অসমৰ জনতাই । ইউচিচি নথকা বাবে বহুতে দুখত জীৱন অতিবাহিত কৰিলে । সেইসকল মাতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ৷ সৰুতে বিবাহত আবদ্ধ কৰা সেইসকল ছোৱালীৰ প্ৰতি ইউচিচি আমাৰ শ্ৰদ্ধাঞ্জলি । লিভিং ৰিলেছনশ্বীপৰ প্ৰতাৰণা বলি হোৱা যুৱতীৰ বাবে শ্ৰদ্ধাঞ্জলি । গেছৰ দাম কমিব কিন্তু দুৰ্ভগীয়া কন্যা সন্তানৰ হেৰুওৱা সন্মান উভতাই দিব কোনেও নোৱাৰে । যাৰ বাবে আমি ইউচিচি আনিছো । এইবাৰ আমাক নাৰীশক্তিয়ে সমৰ্থন কৰিছে । ভাৰতৰ তৃতীয় ৰাজ্য হিচাপে ইউচিচি আনি অসম বিৰল অধিকাৰী হ'ব । দেশৰ সকলো ৰাজ্যই ইউচিচি গ্ৰহণ কৰাটো আমি বিচাৰো । ইউচিচি আমাৰ এজেণ্ডা বুলি ক'লে মই বেয়া নাপাওঁ । সমাজলৈ পৰিৱৰ্তন অহা বহু কাম কৰিম পাঁচ বছৰত ।’’

উল্লেখ্য যে, মুখ্যমন্ত্রীৰ ভাষণৰ পাছতে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কয় যে বিধেয়কখন সন্দৰ্ভত ১৫-২০ টা সংশোধনী আনিছে । এই সন্দৰ্ভত নুৰুল হুদাই শুদ্ধ, সবল আইন অনাৰ পোষকতা কৰি ছিলেক্ট কমিটীলৈ প্ৰেৰণৰ আহ্বান জনায় । ইয়াৰ লগতে জাকিৰ হুছেইন শিকদাৰ, অখিল গগৈকে ধৰি বিৰোধীয়ে ছিলেক্ট কমিটীলৈ প্ৰেৰণৰ দাবী তোলে । ইয়াৰ লৈ সদনত সৃষ্টি হোৱা হুলস্থলীয়া পৰিৱেশৰ মাজতে মুখ্যমন্ত্রীয়ে কয়, ‘‘কংগ্ৰেছৰ ফালৰ পৰা কি ক'বলৈ কৈছে সেই সকলো মোৰ হাতত আছে । কাৰ নিৰ্দেশত কি চলিছে আমি সকলো গম পাও । গতিকে ছিলেক্ট কমিটীৰ কথা নাই । মই আগতেই কৈছিলো ইউচিচি আনিম । মোক ৰখাব নোৱাৰিলে । গতিকে এইখন গৃহীত হ'ব । আজি গৃহীত কৰাব বিচাৰিছো ।’’

আনহাতে বিৰোধীৰ দাবীৰ ক্ষেত্রত অধ্যক্ষই বিধেয়কখন ছিলেক্ট কমিটীলৈ পঠিওৱাৰ বিষয়টো অগ্ৰাহ্য কৰে । ইয়াৰ পিছত বিধেয়কখনৰ দফা দফা আলোচনাৰ কথা কয় অখিল গগৈয়ে । প্ৰত্যুত্তৰত মুখ্যমন্ত্রীয়ে ইয়াত দীঘলীয়া আলোচনাৰ কথা নাই বুলি কয় । ইয়াক লৈ বিধানসভাত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় । বিৰোধীয়ে ছিলেক্ট কমিটীৰ দাবী উত্থাপন কৰাৰ মাজতে অধ্যক্ষই বিধেয়কখন গৃহীত কৰে । সদনত শাসকীয় পক্ষই 'শ্ৰীৰাম' ধ্বনি দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । ইফালে বিধায়ক অখিল গগৈকে ধৰি বিৰোধী বিধায়কসকলে বিৰোধিতা কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধীয়ে বিধেয়কখন ছিলেক্ট কমিটীলৈ প্ৰেৰণ কৰাৰ বাবে দাবী তুলি বিধানসভা উত্তাল কৰি তোলে । কিন্তু তাৰমাজতে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ইউচিচি বিধানসভাত গৃহীত কৰে । ইয়াৰ লগে লগে আইনত পৰিণত হয় ইউচিচি ।

লক্ষণীয় বিষয় যে বিগত কাৰ্যকালৰ অন্তিমখন বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পুনৰ চৰকাৰ হ'লে প্ৰথমখন অধিৱেশনত ইউচিচি অনাৰ কথা দৃঢ়তাৰে সদৰি কৰিছিল । মুখ্যমন্ত্রীৰ সেই ঘোষণা অনুসৰি নতুন চৰক‍াৰৰ প্ৰথমখন অধিৱেশনতে ইউচিচি গৃহীত কৰা হয় । লক্ষণীয় বিষয় যে ৰাজ্যৰ জনজাতীয় লোকসকল ইউচিচিৰ আওতাত নপৰিব । ধৰ্মীয় ৰীতি-নীতি তথা আচাৰ-ব্যৱহাৰত ইউচিচিৰ প্ৰভাৱ নপৰিব ।

ইফালে সমৰূপ নাগৰিক সংহিতা, অসম-২০২৬ চমুকৈ ইউচিচিৰ কাৰ্যকৰী হোৱাৰ লগে লগে কেইবাটাও দিশত কঠোৰতা আহিব পৰিব । ইউচিচিয়ে মূলতঃ বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্কৰ(আনুষ্ঠানিক বিবাহ অবিহনে একেলগে থকা সম্পৰ্ক) ক্ষেত্ৰত সকলোৰে বাবে একক নাগৰিক আইনী কাঠামো প্ৰতিষ্ঠা কৰিব । ইউচিচি ৰাজ্য চৰকাৰে চৰকাৰী ৰাজপত্ৰত অধিসূচনাৰ জৰিয়তে নিয়ত কৰা তাৰিখৰ পৰা বলবৎ হ'ব ।

উল্লেখ্য যে, সদনত ইউচিচিক লৈ চলা আলোচনাত বিধায়ক নুৰুল হুদা, দিপ্লুৰঞ্জন শৰ্মা, ৱাজেদ আলী চৌধুৰী, পীযুষ হাজৰিকা, পৃথ্বীৰাজ ৰাভা, ৰবিৰাম নাৰ্জাৰি, দিগন্ত কলিতা, বিশ্বজিৎ দৈমাৰী, কমলাক্ষ্য দে পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, মজিবুৰ ৰহমান, ভৱেশ কলিতা, দীপক কুমাৰ দাস, শ্বেৰমান আলী আহমেদ, পল্লৱলোচন দাস, তুলিৰাম ৰংহাং, টংকেশ্বৰ ৰাভা, বেবী বেগম, নিচ' তেৰাংপি, পৰমানন্দ ৰাজবংশী, আছিফ মহম্মদ নাজাৰ, অখিল গগৈ, মৃদুল দত্ত, মিলন দাস, চোবাহান আলী সৰকাৰ, ৰূপালী লাংথাছা, হিমাংশু শেখৰ বৈশ্য, ঋষিৰাজ হাজৰিকা, ধীৰাজ গোৱালা, নীলিমা দেৱী, ডাঃ জয়প্ৰকাশ দাস, প্ৰকাশ চন্দ্ৰ দাস, পবিত্র ৰাভা, বিমল বড়া, তাঞ্জিল হুছেইন, জুবেইৰ আনম, আশ্ৰাফুল ইছলাম শ্বেখ আৰু মেহবুব মুক্তাৰে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: বিধানসভাত গৃহীত সমৰূপ নাগৰিক সংহিতা, অসম বিধেয়ক: গুজৰাট-উত্তৰাখণ্ডৰ পাছত তালিকাত সোমাল অসম

Last Updated : May 27, 2026 at 5:14 PM IST